ETV Bharat / state

পুনৰ তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক - Trading Scam in Assam

author img

By ETV Bharat Assamese Team

Published : Sep 6, 2024, 10:18 PM IST

Fraudster Swapnanil Das : পুনৰ তিনিনদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে লোকৰ পিঠাৰে বিহু পতা স্বপ্ননীল দাসক ৷ আনক ঠগি বিলাসী জীৱন কটোৱা স্বপ্ননীলক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মঙলবাৰে ৷

Fraudster Swapnanil Das
পুনৰ তিনিদিনৰ আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ স্বপ্ননীল দাসক (ETV Bharat)

গুৱাহাটী, ৬ ছেপ্টেম্বৰ : অনলাইন ট্ৰেডিঙৰ নামত কোটি কোটি আত্মসাৎ কৰাৰ অভিযোগ উঠা স্বপ্ননীল দাসক পুনৰ তিনিদিনৰ বাবে প্ৰেৰণ কৰা হৈছে আৰক্ষীৰ জিম্মালৈ ৷ স্বপ্ননীল দাসে মালয়েচিয়া, ডুবাই, আমেৰিকাতো ধন বিনিয়োগৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে ৷ তদুপৰি ডুবাইতো বেংক একাউণ্ট আছে ট্ৰেডিংকাণ্ডৰ অভিযুক্ত স্বপ্ননীলৰ ৷ তদন্তকাৰী আৰক্ষীৰ এক সুত্ৰই জানিবলৈ দিছে এই তথ্য ৷

উল্লেখ্য যে গুৱাহাটীত শৈক্ষিক প্ৰতিষ্ঠান খুলি স্বপ্ননীল প্ৰৱঞ্চনাত জড়িত হৈ পৰাৰ গুৰুতৰ অভিযোগ উঠিছে ৷ বহু বিনিয়োগকাৰীয়ে উত্থাপন কৰিছে এই অভিযোগ ৷ দুটা দিন ধৰি শীৰ্ষ আৰক্ষী বিষয়া প্ৰতীক থুবেই মাৰাথন জেৰা চলাই আছে স্বপ্ননীল দাসক ৷ জেৰাত আৰক্ষীয়ে লাভ কৰিছে স্বপ্ননীল এটা আন্তঃৰাষ্ট্ৰীয় চক্ৰৰে জড়িতৰ তথ্য ‌৷

শুকুৰবাৰে আৰক্ষী জিম্মাৰ দুদিনৰ ম্যাদ উকলি যোৱাত বিয়লি মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হয় স্বপ্ননীলক । তাৰ পিছতে পুনৰ তেওঁক আৰক্ষীৰ জিম্মাত লোৱা হয় । পূৰ্বতে দুদিনৰ বাবে আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছিল আদালতে ।

উল্লেখ্য যে সোমবাৰে পুৱতি নিশা দিছপুৰ আৰক্ষীয়ে বেলতলাৰ এটা ফ্লেটৰ পৰা স্বপ্ননীলক আটক কৰিছিল । মঙলবাৰে নিশা গ্ৰেপ্তাৰ কৰিছিল স্বপ্ননীলক দাসক । স্বপ্ননীলে অনলাইন ট্ৰেডিঙৰ জৰিয়তে গ্ৰাহকক লুটি বিলাসী জীৱন কটোৱাৰ তথ্য পোহৰলৈ অহাৰ পিছতে তৎপৰ হৈ পৰে আৰক্ষী । মন গ’লেই বিদেশ ভ্ৰমণ কৰিছিল ৷ নাছিল টকা-পইচাৰ কোনো অভাৱ । গ্ৰাহকক প্ৰৱঞ্চনা কৰা স্বপ্ননীল দাসে বিলাসী বাহনত উঠি ঘূৰি ফুৰিছিল বিভিন্ন প্ৰান্তত । মনৰ ইচ্ছা মতেই কৰি গৈছিল মন যোৱা প্ৰতিটো কাম ।

ইফালে স্বপ্ননীলক গ্ৰেপ্তাৰ কৰাৰ পিছতেই তেওঁৰ দুখন বিলাসী বাহনো দিছপুৰ আৰক্ষীয়ে জব্দ কৰিছে ।

লগতে পঢ়ক : অসমত অনলাইন ট্ৰেডিং প্ৰৱঞ্চনাক লৈ সষ্টম আৰক্ষী : গুৱাহাটীত আটক স্বপ্ননীল দাস

স্বপ্ননীল দাসকাণ্ডত টুইষ্ট : দিছপুৰ থানাত কি অভিযোগ অৰ্ধ শতাধিক লোকৰ ?

অনলাইন ট্ৰেডিং কাণ্ড: বিশাল-চুমীৰে ঘনিষ্ঠতা নাই দীপলীনাৰ, মানসিক কষ্ট হৈছে যতীন বৰাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.