ETV Bharat / state

অন্ত হ’ল কৰিমগঞ্জ লোকসভা সমষ্টিৰ নিৰ্বাচন; সমষ্টিটো সন্দৰ্ভত বিশ্লেষণাত্মক প্ৰতিবেদন - Karimganj Lok Sabha constituency

Karimganj Lok Sabha constituency: দ্বিতীয় পৰ্যায়ত ভোটদান সম্পন্ন হোৱা কৰিমগঞ্জ লোকসভা সমষ্টিত ভোটদানৰ হাৰ 80.48 শতাংশ । সমষ্টিটোৰ ভোটাৰ সন্দৰ্ভত আমাৰ এক বিশ্লেষণাত্মক প্ৰতিবেদন----

author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 4:30 PM IST

total voter turnout 80.48 percentage in Karimganj Lok Sabha constituency
অন্ত হ’ল কৰিমগঞ্জ লোকসভা সমষ্টিত নিৰ্বাচন

গুৱাহাটী, 28 এপ্ৰিল: লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত অৰ্থাৎ 26 এপ্ৰিলত অনুষ্ঠিত হৈ যায় ৰাজ্যৰ পাঁচটা সমষ্টিত ভোটগ্ৰহণ ৷ নিৰ্বাচন আয়োগৰ তথ্য মতে ৰাজ্যৰ পাঁচটা সমষ্টিত ভোটাধিকাৰ সাব্যস্ত কৰিলে ৮১.৯৭ শতাংশ লোকে । 2019 চনত লোকসভা সমষ্টিত ভোটদানৰ‌ হাৰ‌ আছিল 79.12 শতাংশ । ৰাজ্যৰ পাঁচটা সমষ্টিৰ লগতে কৰিমগঞ্জ লোকসভা সমষ্টিতো প্ৰায় শান্তিপূৰ্ণভাৱেই ভোটগ্ৰহণ সম্পন্ন হয় ।

সংসদীয় সমষ্টিটোৰ কোনো কোনো ভোটকেন্দ্ৰত নিশা পৰ্যন্ত চলিল ভোটগ্ৰহণ । ভিতৰুৱা অঞ্চলৰ কেবাটাও ভোটকেন্দ্ৰত নিশা প্ৰায় দহ/এঘাৰ বজা পৰ্যন্ত ভোটগ্ৰহণ অনুষ্ঠিত হয় । নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি, কৰিমগঞ্জ লোকসভা সমষ্টিত ভোটদানৰ হাৰ 80.48 শতাংশ ।

উল্লেখ্য যে, সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত কৰিমগঞ্জ লোকসভা সমষ্টিৰ প্ৰায় প্ৰতিটো সমষ্টিৰে সীমা আৰু জনগাথঁনিৰ ব্যাপক সাল-সলনি ঘটোৱা হৈছে ৷ পূৰ্বে কৰিমগঞ্জ লোকসভা সমষ্টিত আঠটাকৈ বিধানসভা সমষ্টি আছিল ৷ সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত ইয়াৰ সালসলনি কৰাত বিধানসভা সমষ্টিৰ সংখ্যা 6 টালৈ হ্ৰাস পায় ৷ ছটা বিধানসভা সমষ্টিৰে গঠিত কৰিমগঞ্জ লোকসভা সমষ্টিৰ মুঠ ভোটাৰ 14,12,148 গৰাকী ।‌ ইয়াৰে পুৰুষ ভোটাৰ 7,23,111 জন, মহিলা ভোটাৰ 6,89,025 গৰাকী আৰু তৃতীয় লিংগৰ ভোটাৰ 12 গৰাকী ।

আনহাতে সংখ্যালঘু ভোটাৰৰ হাৰ 62 শতাংশ আৰু হিন্দু ভোটাৰৰ হাৰ 38 শতাংশ । সমষ্টি পুনৰ নিৰ্ধাৰণৰ পাছত আলগাপুৰ বিধানসভা সমষ্টিৰ নাম সলনি হৈ হ’ল আলগাপুৰ-কাটলিচেৰা । আলগাপুৰ বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হ'ল এ আই ইউ ডি এফৰ নিজামুদ্দিন চৌধুৰী । বৰ্তমানৰ এ আই ইউ ডি এফৰ বিধায়ক আব্দুল আজিজৰ বদৰপুৰৰ নাম সলনি হৈ হ’ল উত্তৰ কৰিমগঞ্জ ।‌ উত্তৰ কৰিমগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হৈ বিধায়ক হোৱা চিদ্দিক আহমেদৰ সমষ্টিটোৰ নাম সলনি হৈ হ’ল দক্ষিণ কৰিমগঞ্জ ।‌

দক্ষিণ কৰিমগঞ্জৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হৈ বিধায়ক হোৱা কমলাক্ষ দে’ পুৰকায়স্থৰ সমষ্টিটোৰ নাম সলনি কৰি কৰা হয় পাথাৰকান্দি সমষ্টি ।‌ বৰ্তমানৰ বিজেপিৰ বিধায়ক বিজয় মালাকৰৰ ৰাতাবাৰী সমষ্টিৰ নাম সলনি কৰি ৰামকৃষ্ণ নগৰ (এছ চি) কৰা হয় ।

পূৰ্বৰ নাম বাহাল থকা হাইলাকান্দি বিধানসভা সমষ্টিৰ বৰ্তমানৰ বিধায়ক হ'ল জাকিৰ হুছেইন লস্কৰ । নিৰ্বাচন আয়োগৰ তথ্য মতে কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত আলগাপুৰ-কাটলিছেৰাত ভোটদানৰ হাৰ 82.66 শতাংশ, হাইলাকান্দিত 81.79 শতাংশ, উত্তৰ কৰিমগঞ্জত 80.86 শতাংশ, দক্ষিণ কৰিমগঞ্জত 78.07 শতাংশ, পাথাৰকান্দিত 80.34 শতাংশ আৰু ৰামকৃষ্ণ নগৰত ভোটদানৰ হাৰ 79.30 শতাংশ ।

উল্লেখ্য যে, কৰিমগঞ্জ সমষ্টিত সৰ্বাধিক 24 গৰাকী প্ৰাৰ্থী এইবাৰৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছে ৷ ইয়াৰে 18 গৰাকী প্ৰাৰ্থীয়ে নিৰ্দলীয় ৷ বিজেপিৰ কৃপানাথ মাল্লা, কংগ্ৰেছৰ হাফিজ ৰচিদ আহমেদ চৌধুৰী, এ আই ইউ ডি এফৰ চাহাবুল ইছলাম চৌধুৰী, এছ ইউ চি আইৰ (চি) প্ৰাজ্বল সুদীপ্ত দেৱ, বেংগলী নৱনিৰ্মাণ সেনাৰ দেৱাশীষ ঘোষ, ৰাষ্ট্ৰীয় উলেমা কাউন্সিলৰ আহাদ উদ্দিন আদি ।

দীৰ্ঘসময় ধৰি কংগ্ৰেছৰ দখলত থকা কৰিমগঞ্জ সমষ্টিটো 2019 ৰ নিৰ্বাচনত বিজেপিয়ে নিজৰ দখললৈ আনিবলৈ সক্ষম হৈছিল আৰু সমষ্টিটোৰ বৰ্তমানৰ সাংসদ হৈছে কৃপানাথ মাল্লা । কৰিমগঞ্জ লোকসভা সমষ্টিৰ মুঠ 24 গৰাকী প্ৰাৰ্থীৰ ভিতৰত শেষ হাঁহি কোনে মাৰিব, সেয়া ফলাফল ঘোষণাৰ পাচতহে নিশ্চিত হ’ব ।

লগতে পঢ়ক: দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নগাঁও লোকসভা সমষ্টিৰ সমষ্টিভিত্তিক বিশ্লেষণ - Lok sabha election 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.