ETV Bharat / state

শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত - Human Elephant conflict - HUMAN ELEPHANT CONFLICT

Human Elephant conflict: শোণিতপুৰৰ ধীৰাই মাজুলী অঞ্চলত শোকাৱহ ঘটনা । বনৰীয়া হাতীৰ আক্ৰমণত ২ গৰাকী বনকৰ্মীসহ ৩ জন লোকৰ মৃত্যু । এই ঘটনাক লৈ আতংকিত হৈ পৰিছে অঞ্চলবাসী ।

Human Elephant conflict
শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু
author img

By ETV Bharat Assamese Team

Published : Apr 27, 2024, 2:05 PM IST

Updated : Apr 27, 2024, 7:40 PM IST

তেজপুৰ, ২৭ এপ্ৰিল : ৰাজ্যত হস্তী-মানুহৰ সংঘাত অব্যাহত আছে । শোণিতপুৰ জিলাৰ ধীৰাই মাজুলী অঞ্চলত এই হস্তী-মানুহৰ সংঘাতে ল'লে ভয়ংকৰ ৰূপ । পুৱা এটা বনৰীয়া হাতীৰ আক্ৰমণত দুজন বনকৰ্মীসহ ৩ গৰাকী লোকে মৃত্যুক আঁকোৱালি ল'বলগীয়া হয় ।

পশ্চিম তেজপুৰ আঞ্চলিক বন প্ৰাধিকাৰী নিপেন কলিতাই ইটিভি ভাৰতক জনোৱা মতে বনৰীয়া হাতীৰ আক্ৰমণত বনৰক্ষী কোলেশ্বৰ বড়ো (৫২)আৰু বীৰেণ ৰাভা (৫৭)ৰ লগতে এগৰাকী স্থানীয় লোকৰ মৃত্যু হৈছে । আনহাতে পশ্চিম তেজপুৰ সদৰ আঞ্চলিক বন বিভাগৰ দিবাকৰ মালাকৰ নামৰ এজন বন বিষয়াও গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে । পুৱা প্ৰায় ৪ মান বজাত হাতীটোৱে ঢেকীয়াজুলিৰ ধীৰাই মাজুলীৰ এখন ব্যক্তিগত চাহ বাগিচাত প্ৰৱেশ কৰে । তাৰ সমীপত যতীন তাঁতী নামৰ ৬১ বছৰীয়া লোকজনক হাতীটোৱে আক্ৰমণ কৰে । ফলত লোকজনৰ মৃত্যু হয় ।

শোণিতপুৰত বন্যহস্তীৰ আক্ৰমণত দুই বনকৰ্মীসহ ৩ জনৰ মৃত্যু

এই খবৰ পোৱাৰ লগে লগে পশ্চিম তেজপুৰ আঞ্চলিক বন বিভাগে তাৎক্ষণিকভাৱে ৰঙাপাৰ এমাৰিবাৰী ৰেঞ্জ আৰু চাৰিদুৱাৰ ৰেঞ্জৰ পৰা অতিৰিক্ত বনকৰ্মী সেই স্থানলৈ প্ৰেৰণ কৰে । হাতীটো খেদিবলৈ বনকৰ্মীসকলে কেইবাজাই গুলী ফুটাইছিল যদিও বনৰীয়া হাতীটো সেই স্থানৰ পৰা আঁতৰি যোৱা নাছিল । গুলীচালনাৰ সময়তে হাতীটোৱে বনকৰ্মীসকলকো আক্ৰমণ কৰে । য'ত দুই বনকৰ্মীৰ মৃত্যু হয় । এই ঘটনাৰ পিচতে সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰা দেখা গৈছে । আনহাতে হাতীটোৱে এতিয়া সেই স্থান ত্যাগ কৰিছে যদিও অঞ্চলটোৰ ৰাইজ আতংকিত হৈ আছে । পুনৰ হাতীয়ে তাণ্ডৱ চলোৱাৰ আশংকাত ভয়ত কঁপি উঠিছে অঞ্চলটোৰ ৰাইজ ।

লগতে পঢ়ক:মুখ্যমন্ত্রীৰ সভাত নিৰাপত্তাৰ দায়িত্বত নিয়োজিত আৰক্ষী জোৱানৰ মৃত্যু - Road Accident In Mangaldoi

Last Updated : Apr 27, 2024, 7:40 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.