ETV Bharat / state

বগীনদীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড : অভিযুক্তই দেখুৱালে হত্যাকাণ্ডৰ আদ্য়োপান্ত - MURDER CASE VIDEO RECORDING

author img

By ETV Bharat Assamese Team

Published : Aug 3, 2024, 10:00 PM IST

Sensational Murder: লখিমপুৰৰ বগীনদীত ২৯ জুলাইৰ নিশা সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পুনৰ দৃশ্যায়ন আৰক্ষীৰ । অভিযুক্ত শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁই আৰু মৃত ৰাজু ধানোৱাৰৰ ভাতৃ এনেম ধানোৱাৰক লগত লৈ তেওঁলোকে কেনেকৈ লোকজনক হত্যা কৰি চোঁচোৰাই আনি মৃতদেহটো পেলাই দিছিল তাৰ পুনৰ দৃশ্যগ্ৰহণ কৰে আৰক্ষীয়ে । ইফালে হত্যাকাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ৰাইজে ৷

Sensational Murder
বগীনদীৰ চাঞ্চল্যকৰ হত্যাকাণ্ড : অভিযুক্তই দেখুৱালে হত্যাকাণ্ডৰ আদ্য়োপান্ত (ETV Bharat Assam)

লখিমপুৰ, ৩ আগষ্ট: লখিমপুৰৰ বগীনদী অঞ্চলত ২৯ জুলাইৰ নিশা সংঘটিত হৈছিল এক চাঞ্চল্যকৰ হত্যাকাণ্ড । ঘটনাটো সংঘটিত হৈছিল বগীনদীৰ ভালাবস্তিত । এখন বাগিচাৰ মাজত ৰাজু ধানোৱাৰ নামৰ লোকজনক হত্যা কৰি মৃতদেহটো চোঁচোৰাই আনি তেওঁৰেই ঘৰৰ চৌহদৰ কুঁৱাত পেলাই দিয়া হৈছিল । ঘটনাটো আত্মহত্যাৰ ৰূপ দিবলৈ চেষ্টা কৰা হৈছিল । কিন্তু এই ঘটনাত ৰাইজ তথা মৃতকৰ পৰিয়ালবৰ্গই সেইখন গাঁৱৰে শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁই জড়িত বুলি অভিযোগ তুলিছিল ।

শিক্ষক কনকেশ্বৰ বুঢ়াগোহাঁইৰে ৰাজু ধানোৱাৰৰ পত্নীৰ অবৈধ সম্পর্ক থকাৰ অভিযোগ:

মৃতকৰ পত্নীৰে তেওঁৰ অবৈধ সম্পর্ক থকা বুলিও ৰাইজে অভিযোগ তুলিছিল । এনে অভিযোগৰ ভিত্তিতে আৰক্ষীয়ে কনকেশ্বৰ বুঢ়াগোহাঁইক আটক কৰিছিল । সোধাপেচাৰ অন্তত এই ঘটনাত মৃতকৰ ভাতৃ এজনো জড়িত বুলি আৰক্ষী নিশ্চিত হৈ তেওঁকো আটক কৰে । দুয়োকে আদালতত হাজিৰ কৰি আৰক্ষীয়ে ঘটনাটোৰ অধিক অনুসন্ধান কৰাৰ বাবে পাঁচদিনৰ জিম্মাত লয় । তেওঁলোকৰ স্বীকাৰোক্তিমৰ্মে শনিবাৰে আৰক্ষীয়ে দুয়োকে ঘটনাস্থলীলৈ লৈ যায় ।
লগতে পঢ়ক: পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি : লখিমপুৰত লোমহর্ষক হত্যা - Sensational Murder

দুই অভিযুক্তক লৈ হত্যাকাণ্ডৰ পুনৰ দৃশ্যগ্ৰহণ আৰক্ষীৰ:

মৃত ৰাজু ধানোৱাৰৰ এটা প্ৰতিকৃতি সাজি তেওঁক কেনেদৰে হত্যা কৰি চোঁচৰাই আনি কুঁৱাত পেলাই দিয়া হৈছিল, তাৰ দৃশ্য দেখুৱাবলৈ নিৰ্দেশ দিয়া হৈছিল । সেইমতে তেওঁলোকে দেখুওৱা হত্যাকাণ্ডৰ পুনৰ দৃশ্যগ্ৰহণ কৰে আৰক্ষীয়ে । পৰকীয়া প্ৰেমৰ পৰিণতিতে ৰাজু ধানোৱাৰক নৃশংসভাৱে হত্যা কৰিছিল শিক্ষকজনে । হত্যাকাণ্ডত সহযোগ কৰিছিল ৰাজু ধানোৱাৰৰ ভাতৃ এনেম ধানোৱাৰে ।

বগীনদী আৰক্ষীৰ জিম্মাত থকা হত্যাত অভিযুক্ত দুজনক শনিবাৰে দণ্ডাধীশৰ উপস্থিতিত লখিমপুৰ আৰক্ষীয়ে ঘটনাস্থলীত হত্যাকাণ্ড দৃশ্যায়ন কৰাৰ পাচতে উন্মোচিত হয় হত্যাকাণ্ডৰ নেপথ্যৰ ৰহস্য । ৰাইজে হত্যাকাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি প্ৰদান কৰাৰ দাবী জনাইছে ।

লগতে পঢ়ক: পৰকীয়া প্ৰেমৰ ভয়ংকৰ পৰিণতি, পত্নীয়ে কৰিলে আত্মহত্যা - Extra Marital Affair

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.