ETV Bharat / state

আৰ এছ এছৰ শিবিৰত কিশোৰৰ মৃত্যুক লৈ উত্তাল মঙলদৈ : বিদ্য়ালয় প্ৰধানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ - Tense situation at Mangoldoi - TENSE SITUATION AT MANGOLDOI

RSS training : বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্য়ু যুৱকৰ । বিদ্যালয় প্ৰধানক এই বিষয়ে অৱগত কৰাৰ পিচতো গুৰুত্ব প্ৰদান নকৰাত প্ৰাণ গ'ল কিশোৰৰ ।

RSS training in Mangoldoi
বিদ্য়ালয় প্ৰধানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 27, 2024, 8:13 PM IST

মঙলদৈ, ২৭ জুলাই: মঙলদৈৰ নিকটৱৰ্তী বৰঙাবাৰী হাইস্কুলত শুক্ৰবাৰৰ পৰা আৰম্ভ হোৱা আৰ এছ এছৰ দৰং জিলা সমিতিৰ বৰ্গ কেম্পত যোৱানিশা বিকাশ দাস নামৰ এজন ১৭ বছৰীয়া কিশোৰৰ বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত মৃত্য়ু হোৱাক কেন্দ্ৰ কৰি শনিবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় । এই কিশোৰজন বৰঙাবাৰী হাইস্কুলৰে শিক্ষাৰ্থী আছিল ।

বিদ্য়ালয় প্ৰধানৰ বিৰুদ্ধে ৰাইজৰ ক্ষোভ (ETV Bharat Assam)

কেনেকৈ সংঘটিত হৈছিল ঘটনাটো:

এজন স্থানীয় লোকে এই সন্দৰ্ভত কয়," শুক্ৰবাৰে সন্ধিয়া ৭ মান বজাত কেম্পৰ কাম-কাজ সমাপ্ত কৰি বিদ্যালয়খনৰে দমকলত হাত-মুখ ধুবলৈ গৈছিল বিকাশ দাসে । সেই সময়তে দমকলটোত সংযোগ হৈ থকা মটৰটোৰ বিসংগতি হোৱাত বিকাশ দাস অচেতন হৈ পৰে । লগে লগে কিশোৰজনক মঙলদৈ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে । " ৰাইজে আজি এই সন্দৰ্ভত অভিযোগ উত্থাপন কৰি কয়," দুই বছৰ আগৰে পৰা দমকলটোত সংযোগ হৈ থকা মটৰটোৰ বিসংগতি হৈ আছিল ।"

"এই লৈ মৃত কিশোৰ বিকাশ দাসে বিদ্যালয় প্ৰধানক পূৰ্বতে অভিযোগ দিছিল । কিন্তু বিদ্যালয় প্ৰধানে এইক্ষেত্ৰত ব্য়ৱস্থা গ্ৰহণ কৰাৰ পৰিৱৰ্তে বিকাশক আনকি এই অভিযোগৰ বাবে বিদ্যালয় চৌহদতে কানত ধৰাই আঠু কঢ়াইছিল ।" আজি একাংশ লোকে এই বুলি অভিযোগ উত্থাপন কৰে ।

বিদ্যালয়ৰ চৌহদতে মৃতদেহ সৎকাৰ কৰিব খুজিছিল ৰাইজে:

ইফালে, ক্ষুব্ধ স্থানীয় ৰাইজে বিদ্যালয়ৰ চৌহদতে প্ৰথমতে বিকাশৰ মৃতদেহ সৎকাৰৰ প্ৰস্তুতি চলাইছিল । দুপৰীয়া ১২ বজালৈ বিদ্যালয়ত কোনো শিক্ষক উপস্থিত নোহোৱাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হয় । ৰাইজে এই ঘটনাৰে জড়িত লোকক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই বিকাশৰ মৃতদেহ সৎকাৰৰ প্ৰস্তুতি চলাই যদিও জিলা প্ৰশাসন আৰু স্থানীয় ৰাইজৰ মাজত হোৱা আলোচনামৰ্মে মৃতদেহটো ৰাজহুৱা স্মশানত সৎকাৰ কৰাৰ ব্যৱস্থা কৰা হয় । স্থানীয় ৰাইজে কিশোৰজনৰ পৰিয়ালক আৰ্থিক সাহাৰ্যৰ লগতে সংস্থাপন ব্যৱস্থা কৰিবলৈ মুখ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক:ট্ৰেক্টৰৰ চেপাত নিমিষতে প্ৰাণ গ’ল এগৰাকী বৃদ্ধাৰ: আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ - Accident In Amguri

গ্ৰীষ্ম প্ৰৱাহে প্ৰাণ ল'লে এজনৰ - Man Dies Of Heatstroke

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.