ETV Bharat / state

বৰাগাঁৱত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱস; অসম আন্দোলনৰ তথ্যকোষৰ ষষ্ঠ খণ্ড উন্মোচন - SWAHID DIVAS

মহানগৰীৰ বৰাগাঁৱত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে আয়োজন শ্বহীদ দিৱস । অসমৰ সৰ্ববৃহৎ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদক স্মৰণ ৷

Swahid Divas
বৰাগাঁৱত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱস (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 10, 2024, 4:47 PM IST

গুৱাহাটী : অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি মঙলবাৰে সমগ্ৰ ৰাজ্যতে পালন কৰা হৈছে শ্বহীদ দিৱস । ১৯৭৯ চনৰ আজিৰ দিনটোতেই বৰপেটাৰ যুৱক খৰ্গেশ্বৰ তালুকদাৰে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে আত্মবলিদান দিছিল । ছবছৰীয়া অসম আন্দোলনৰ তেওঁ হৈছে প্ৰথমগৰাকী শ্বহীদ । তেওঁৰ মৃত্যুৰ দিনটোতেই পৰৱৰ্তী সময়ত অসমৰ সৰ্ববৃহৎ গণ আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী শ্বহীদক স্মৰণ কৰি ১০ ডিচেম্বৰত ৰাজ্যজুৰি শ্বহীদ দিৱস পালন কৰা হয় ।

এই দিনটোত ৰাজ্য চৰকাৰ তথা আছুৰ উদ্যোগত প্ৰতিবছৰে অসম আন্দোলনৰ শ্বহীদসকলৰ ত্যাগ, বলিদান তথা জাতীয় প্ৰেমক স্মৰণ কৰাৰ উদ্দেশ্যে শ্বহীদ দিৱসৰূপে পালন কৰি অহা হৈছে । মঙলবাৰে গুৱাহাটীৰ পশ্চিম বৰগাঁৱত নিৰ্মীয়মাণ শ্বহীদ স্মাৰকস্থলীত ৰাজ্য চৰকাৰৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে শ্বহীদ দিৱস আয়োজন কৰি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ।

বৰাগাঁৱত ৰাজ্য চৰকাৰৰ কেন্দ্ৰীয় শ্বহীদ দিৱস (ETV Bharat Assam)

ৰাজ্য চৰকাৰৰ অসম চুক্তি ৰূপায়ণ বিভাগৰ দ্বাৰা আয়োজিত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মন্ত্ৰী ক্ৰমে অতুল বৰা, ৰণজিৎ কুমাৰ দাস, চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, অসম চৰকাৰৰ মুখ্য সচিব ৰবি কোটাৰ উপৰি কেইবাটাও শ্বহীদ পৰিয়ালৰ সদস্য তথা নিৰ্যাতিত ব্যক্তিসকল উপস্থিত থাকে ।

অনুষ্ঠানৰ আৰম্ভণিতে শ্বহীদসকলক স্মৰণত বক্তব্য আগবঢ়ায় মুখ্য সচিব ৰবি কোটাই । লগতে এই অনুষ্ঠানতে অসম আন্দোলনৰ তথ্যকোষৰ ষষ্ঠ খণ্ড উন্মোচন কৰে বিভাগীয় মন্ত্ৰী অতুল বৰাই । আনহাতে, মহানগৰীৰ পশ্চিম বৰাগাঁৱৰ প্ৰস্তাৱিত শ্বহীদ প্ৰকল্পটোৰ কাম ক্ষিপ্ৰ গতিৰে চলি থকা বুলি উল্লেখ কৰি শীঘ্ৰে ৰাইজৰ বাবে মুকলি কৰা হ'ব বুলি মন্ত্ৰী অতুল বৰাই কয় ।

তেওঁ কয়, "১০ ডিচেম্বৰ দিনটো আমাৰ বাবে এটা স্মৰণীয় দিন । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ ৰাজ্যখনত বিদেশী নাগৰিক বহিষ্কাৰৰ বাবে যি গণ আন্দোলন হৈছিল সেই গণ আন্দোলত খৰ্গেশ্বৰ তালুকদাৰ প্ৰথম শ্বহীদ হৈছিল । তাৰ পিচত এজনৰ পিচত আনজনকৈ ৮৬০ জন শ্বহীদ হ'ল অসম আন্দোলনত । সেই শ্বহীদসকলক আজিৰ দিনটোতে শ্ৰদ্ধা জনাবলৈ চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিছে । আৰু সেই মতে চৰকাৰীভাৱে আজি আমি এই স্থানত শ্বহীদ দিৱস উদযাপন কৰিছোঁ ।"

তেওঁ লগতে কয়, "আমি আশা কৰিছিলোঁ যে এই বছৰ আমি আমাৰ যি স্মাৰক উদ্যান নিৰ্মাণ হৈ আছে সেইখন মুকলি কৰিম । কিছুদিন আগত মাননীয় মুখ্যমন্ত্ৰীয়ে নিজে চাই যোৱাৰ পিচত ক'লে যে প্ৰথম ফেজৰ কাম খুব ভালদৰে সমাপন হৈছে । ছেকেণ্ড ফেজত আমি ইয়াতে আৰু কেইটামান কাম কৰিম । যেনে অডিটৰিয়াম, কোৱাৰ্টাৰ, এটা চাইকেল চলাব পৰা ব্যৱস্থা কৰি অহাবাৰ এই কামটো আমি আৰম্ভ কৰিম । তথাপি আমি এই স্থানতে শ্বহীদ দিৱস উদযাপন কৰিলোঁ । আজি প্ৰায় ৫৬ টা শ্বহীদৰ পৰিয়াল ইয়াত উপস্থিত আছিল । নিৰ্যাতিত ব্যক্তিসকলো আছিল । তেখেতসকলক আমি সম্বৰ্ধনা জনালোঁ । অসম আন্দোলনৰ ওপৰত লিখা তথ্যকোষৰ ষষ্ঠ খণ্ডটো আমি আজি আনুষ্ঠানিকভাৱে মুকলি কৰিলোঁ ।"

লগতে পঢ়ক :ঐতিহাসিক অসম চুক্তিৰ ৪১ বছৰ; কি পালে শ্বহীদ পৰিয়ালে ?
লগতে পঢ়ক :খাদ্য আন্দোলনৰ শ্বহীদক স্মৰণ আছুৰ - Food and Economic Agitation

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.