ETV Bharat / state

লাহৰিজানত সন্দেহযুক্ত হেৰ'ইন জব্দ : মহিলাসহ আটক চাৰি সৰবৰাহকাৰী - Anti Drug Mission

Drugs seized in Diphu: ড্ৰাগছৰ ঘাটিলৈ পৰিণত হৈছে ডিফু । একে দিনাই ডিফুৰ লাহৰিজানত অভিযান চলাই জব্দ কৰে প্ৰায় তিনি কোটি ৪০ লাখ টকাৰ সন্দেহযুক্ত হেৰ'ইন । লগতে আটক কৰে মহিলাসহ চাৰি সৰবৰাহকাৰীক ।

author img

By ETV Bharat Assamese Team

Published : Jul 18, 2024, 10:25 PM IST

Suspected heroin seized in Lahrijan, four smuggler, including women, arrested
লাহৰিজানত সন্দেহযুক্ত হেৰ'ইন জব্দ (ETV Bharat Assam)

ডিফু,১৮ জুলাই: সমাজৰ যুৱ-প্ৰজন্মক বিপথে পৰিচালিত কৰাৰ লগতে ক্ৰমান্বয়ে মৃত্যৰ গৰাহলৈ ঠেলি দিবলৈ এচাম দুষ্ট প্ৰকৃতিৰ অৰ্থলোভী লোকে দিনে-নিশাই বৰবিহ সদৃশ মাৰাত্মক ড্ৰাগছৰ ৰমৰমীয়া বেহা অব্যাহত ৰাখিছে । বিশেষকৈ অসম-নাগালেণ্ড সীমান্তৰ লাহৰিজান, খটখটী আৰু ডিলাইৰ পথক নিৰাপদ ক'ৰিডৰ হিচাপে ব্যৱহাৰ কৰি আহিছে সৰবৰাহকাৰীয়ে । সীমান্ত পথত ড্ৰাগছৰ বেহা প্ৰতিৰোধ কৰিবলৈ অসম আৰক্ষীয়ে তীক্ষ্ণ তালাচী চলাই সন্দেহযুক্ত ড্ৰাগছৰসহ জড়িত কুখ্যাত ড্ৰাগছ মাফিয়াক জালত পেলাই জেল হাজোতলৈ প্ৰেৰণ কৰি আহিছে ৷

প্ৰতিবাৰতে এনেবোৰ অপৰাধীয়ে জামিনত মুকলি হৈ পুনৰ মাৰাত্মক ড্ৰাগছৰ ব্যৱসায়ত লিপ্ত হয় । বুধবাৰে বোকাজান মহকুমাৰ খাকৰাজানত প্ৰায় চাৰে তিনি কোটি টকাৰ সন্দেহজনক হেৰ'ইনসহ দুটা সৰবৰাহকাৰী আটক হোৱাৰ পিচত বৃহস্পতিবাৰে পুনৰ খটখটী আৰক্ষীয়ে দুটা পৃথক অভিযান চলাই লাহৰিজানত প্ৰায় তিনি কোটি ৪০ লাখ টকাৰ সন্দেহজনক হেৰ'ইন জব্দ কৰাৰ লগতে এগৰাকী মহিলাসহ চাৰিটা সৰবৰাহকাৰীক আটক কৰিবলৈ সক্ষম হয় ৷

বোকাজান মহকুমা আৰক্ষী বিষয়া ৰুস্তমৰাজ ব্ৰহ্মৰ নেতৃত্বত আৰু খটখটী থানাৰ অ' চি নিতুল শইকীয়া, উপ-পৰিদৰ্শক বিমান চেতিয়া, এ এছ আই পংকজ শইকীয়াৰ নেতৃত্বত চলা প্ৰথমটো অভিযানত লাহৰিজানৰ হনুমান মন্দিৰৰ সমীপৰ যাদৱ হোটেল বহি থকা অৱস্থাত বোকাজান দুমুখীয়াৰ এগৰাকী মহিলাৰ দেহত তালাচী চলাই হেৰ'ইনখিনি উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ হেৰ'ইনখিনি ১২ টা চাবোনৰ বাকচত কঢ়িয়াই আনিছিল ৷ হেৰ'ইনখিনিৰ ওজন ২০৬.৮৮ গ্ৰাম ।

আনহাতে হেৰ'ইনখিনিৰ বজাৰ মূল্য প্ৰায় ১ কোটি ৪০ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে ৷ আন এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে সন্ধিয়া ৬ মান বজাত পুনৰ নাগালেণ্ডৰ কহিমাৰ পৰা আহি থকা NL 01 P8634 এল্ট' K10 বাহনত তালাচী চলাই বাহনখনৰ ভিতৰত থকা এটা বেগৰ পৰা ২০ টা চাবোনৰ বাকচত লুকুৱাই অনা ২৩০.৭৭ গ্ৰাম সন্দেহজনক হেৰ'ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । হেৰ'ইনখিনি সৰবৰাহৰ লগত জড়িত খটখটীৰ বংলং বস্তিৰ বিশ্বজিৎ মমিন, কহিমাৰ ৰাজেশ থাপা আৰু কেভিলেখল কিন্টচ'ক আটক কৰি আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।

লগতে পঢ়ক: বোকাজানত ৩ কোটি ৫০ লাখ টকাৰ ড্ৰাগছ জব্দ : আটক ২ সৰবৰাহকাৰী - Anti Drug Mission

১ কোটি টকাৰ হে'ৰইনসহ আৰক্ষীৰ জালত চাৰিটা সৰবৰাহকাৰী

লখিমপুৰত হেৰ'ইনসহ দুই সৰৱৰাহকাৰী আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.