ETV Bharat / state

আশা আছিল দেহদানৰ: মাতৃৰ সেই আশা পূৰ কৰিলে পুত্ৰই

Deh Dan: আশা আছিল মৃত্যুৰ পিচত দেহদান কৰাৰ ৷ কিন্তু জীৱিত অৱস্থাত কৰা নাছিল কোনো আনুষ্ঠানিকতা ৷ সেয়েহে মৃত্যুৰ পিচত মৃতকৰ পুত্ৰই মাতৃৰ শেষ আশা পূৰ কৰি কৰিলে দেহদান ৷

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 10:47 PM IST

son-fullfills-his-mothers-wish-by-donating-her-body-after-her-death-at-dhekiajuli
আশা পূৰণ কৰিলে পুত্ৰই

তেজপুৰ, 13 ফেব্ৰুৱাৰী : ঢেকিয়াজুলি চহৰৰ গাতে লাগি থকা বালিশিহা অঞ্চলৰ নিবাসী শিৱ খাউণ্ডৰ পত্নী কবিতা ভূঞা খাউণ্ড মৰণোত্তৰ দেহদান অলপতে তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এনাটমী বিভাগত ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ সহযোগত সম্পন্ন হৈ যায় ।

হাওঁফাওঁৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰায় ৪৫ বছৰ বয়সত মৃত্যু হোৱা কবিতা ভূঞা খাউণ্ডে ইলোৰা বিজ্ঞান মঞ্চৰ জৰিয়তে শেষ ইচ্ছাপত্ৰত স্বাক্ষৰ কৰা নাছিল যদিও মৰণোত্তৰ দেহদান কৰাটো জীৱিত কালত তেখেতৰ শেষ ইচ্ছা আছিল । তেখেতৰ পুত্ৰ নৱাৰুণ খাউণ্ড তথা ভাতৃ নৱজিৎ ভূঞাৰ লগতে পৰিয়ালবৰ্গও তেখেতৰ দেহদানৰ ক্ষেত্ৰত যথেষ্ট তৎপৰ হয় । এইখিনিতে উল্লেখযোগ্য যে মৃতকৰ ভাতৃ নৱজিৎ ভূঞা ইলোৰা বিজ্ঞান মঞ্চৰ আজীৱন সদস্য হোৱাৰ লগতে মঞ্চৰ জামুগুৰিহাট শাখাৰ সৈতে জড়িত ।

তেখেতৰ মৃতদেহ দান কাৰ্যসূচী সম্পন্ন হোৱাৰ সময়ত তেজপুৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ এনাটমী বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ এনী দলেৰ লগতে ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ নৱনিৰ্বাচিত সভাপতি অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী মীৰা জয়ছোৱাল চুণ্ডী, সম্পাদক প্ৰজিত নাথ, সহকাৰী সম্পাদক কাবেৰী ডেকা নাথ আৰু শাখাৰ নৱনিৰ্বাচিত কোষাধ্যক্ষ, গড়মাৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান-শিক্ষক সুবোধ তালুকদাৰৰ লগতে মৃতকৰ পুত্ৰ নৱাৰুণ খাউণ্ড, ভাতৃ নৱজিৎ ভূঞাৰ উপৰিও মৃতকৰ পৰিয়ালটিৰ তথা অঞ্চলটোৰ বহুকেইজন লোক উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে ।

ইলোৰা বিজ্ঞান মঞ্চৰ বৃহত্তৰ ঢেকিয়াজুলি শাখাৰ বিষয়ববীয়াসকল উক্ত মৰণোত্তৰ দেহদানৰ কাৰ্যসূচীত উপস্থিত থাকি প্ৰয়াত কবিতা ভূঞা খাউণ্ডক শ্ৰদ্ধা জনোৱাৰ লগতে তেখেতৰ সমূহ পৰিয়ালবৰ্গৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু প্ৰয়াত কবিতা ভূঞা খাউণ্ডৰ লগতে তেখেতৰ পৰিয়ালবৰ্গৰ এই বিজ্ঞানমনস্ক তথা প্ৰগতিশীল মনোভাৱক সন্মান জনায় ।

লগতে পঢ়ক : ঐতিহাসিক তেজপুৰ ৰে'লৱে ষ্টেচন পুনৰ সক্ৰিয়কৰণৰ দাবীত ৰে'ল মন্ত্ৰীক সাক্ষাৎ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.