ETV Bharat / state

ভয়ংকৰ বিপদৰ পৰা কোনোমতে ৰক্ষা পৰিল অসমৰ এইখন গাঁও - Short circuit in Sarupathar

author img

By ETV Bharat Assamese Team

Published : Jun 12, 2024, 10:50 AM IST

Tense situation in Sarupathar: শ্বৰ্ট চাৰ্কিটৰ ফলত সৰুপথাৰত আতংকময় পৰিৱেশ ৷ কথমপি প্ৰাণৰক্ষা পৰিল শতাধিক ৰাইজৰ ৷ ONGC ৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ ভুক্তভোগীৰ ৷

Short circuit created panic situation in Sarupathar
শ্বৰ্ট চাৰ্কিটৰ ফলত সৰুপথাৰত আতংকময় পৰিৱেশ (ETV Bharat Assam)

সৰুপথাৰ, 12 জুন: অসম-নাগালেণ্ড সীমান্তৰ সৰুপথাৰৰ চুঙাজান শলগুৰি গাঁৱত উত্তপ্ত পৰিস্থিতি ৷ ONGC ৰ কাণ্ডজ্ঞানহীন কৰ্মই প্ৰাণৰ শংকাত ভোগাইছে স্থানীয় ৰাইজক ।

ঘটনা সন্দৰ্ভত জানিব পৰা মতে, সৰুপথাৰৰ চুঙাজান শলগুৰি গাঁৱত স্থানীয় লোকৰ বাধা-নিষেধকলৈ কোনো কেৰেপ নকৰি অহৰহভাৱে অহা-যোৱা কৰে ONGC ৰ বেদান্ত কোম্পানীৰ বৃহৎ আকাৰৰ কণ্টেইনাৰ বাহনবোৰ ৷ সোমবাৰৰ নিশা বেদান্ত কোম্পানীৰ বৃহৎ আকাৰৰ কণ্টেইনাৰ এখনে পথত থকা বৈদ্যুতিক তাঁৰত স্পৰ্শ কৰাত অঞ্চলটোত শ্বৰ্ট চাৰ্কিটৰ দৰে ভয়ংকৰ ঘটনা সংঘটিত হয় ৷

যাৰ ফলত স্থানীয় লোকৰ চকুৰ সন্মুখতে জ্বলি উঠিল টিভি, ফেন, মটৰকে ধৰি বিভিন্ন সামগ্ৰী । শ্বৰ্ট চাৰ্কিটৰ ফলত ক'লা ধোঁৱা ওলোৱা দেখি শংকিত গাঁৱবাসীয়ে প্ৰাণৰ মমতাত বাহিৰলৈ আহি চাৰিওফালে হুৱা-দুৱা, চিঞৰ-বাখৰ কৰে ৷ শ্বৰ্ট চাৰ্কিটৰ ফলতে সমগ্ৰ এলেকাটোত বৈদ্যুতিক সংযোগ ব্যাহত হৈ পৰে বুলিও স্থানীয় লোকে জনায় ।

শ্বৰ্ট চাৰ্কিটৰ ফলত বৈদ্যুতিক সংযোগ ব্যাহত হৈ পৰাত প্ৰচণ্ড গৰমত নিশা কটাবলগীয়া হৈছে স্থানীয় লোকে । ইয়াৰ পিছতে ক্ষুব্ধ গাঁৱবাসীয়ে আৱদ্ধ কৰে বাহনখন । পৰৱৰ্তী সময়ত চুঙাজান প্ৰশাসন উক্ত স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । এই মুহূৰ্তলৈকে কোম্পানীটোৰ পৰা কোনোধৰণৰ ক্ষতিপূৰণ ৰাইজক দিয়া হোৱা নাই বুলি জানিব পৰা গৈছে ।

ৰাইজে বুধবাৰে পুনৰ ক্ষতিপূৰণ দাবী কৰি বিভাগীয় কৰ্তৃপক্ষ তথা প্ৰশাসনক স্মাৰক পত্ৰ প্ৰদান কৰিব বুলি জানিব পৰা গৈছে ।

উল্লেখযোগ্য যে, বেদান্ত কোম্পানীৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন কাৰণত চুঙাজানৰ ৰাইজ তথা দল-সংগঠনে বাৰম্বাৰ স্মাৰক পত্ৰ প্ৰদান কৰিছিল । আনকি শেহতীয়াকৈ কোম্পানীটোৰ লোকে স্থানীয় লোকক দুৰ্ব্যৱহাৰ কৰাৰো অভিযোগ উত্থাপন হৈছিল ।

লগতে পঢ়ক: ভয়ংকৰ অগ্নিকাণ্ডত নিমিষতে ছাৰখাৰ বাসগৃহ - fire breaks out at Amolapatty

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.