ETV Bharat / state

আৰক্ষী বিষয়াই বাংলাদেশীক ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগ শিলাদিত্য দেৱৰ - Bangladeshi in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 3:31 PM IST

Shiladitya Dev on Bangladeshi : সীমান্ত আৰক্ষীৰ বিষয়াই বাংলাদেশী নাগৰিকক ৰক্ষণাৱেক্ষণ দিয়াৰ অভিযোগ বিজেপি নেতা শিলাদিত্য দেৱৰ ৷ বাংলাদেশৰ ভোটাৰ তালিকাত নাম থকা এজন লোকৰ তথ্য-প্ৰমাণ সংগ্ৰহ ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষগৰাকীৰ ৷

Shiladitya Dev on Bangladeshi
সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱ (ETV Bharat Assam)

গুৱাহাটী, ৩১ জুলাই : ‘‘সকলো মুছলমান মানুহক মই টাৰ্গেট নকৰোঁ’’- এই মন্তব্য সংখ্যালঘু বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱৰ । বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ভাষিক সংখ্যালঘু উন্নয়ন বৰ্ডৰ অধ্যক্ষ শিলাদিত্য দেৱে কয়, ‘‘বাংলাদেশৰ ভোটাৰ তালিকাত নাম থকা হোজাই জিলাৰ ছয়ফুৰ ৰহমান তালুকদাৰ সন্দৰ্ভত দুবছৰ আগতে নথি-পত্ৰৰ আধাৰত সংবাদমেল সম্বোধন কৰিছিলো । তেওঁৰ ওপৰত তদন্ত কৰি বিহিত ব্যৱস্থা ল'বলৈ আৰক্ষী প্ৰশাসনক জনাইছিলো ৷ তাৰ পিচতেই হোজাই জিলাৰ বৰ্ডাৰ আৰক্ষী বিষয়া আব্দুল কালাম আজাদে বাংলাদেশীজনক নিৰাপত্তা দিছিল ।’’

‘‘যি নথি-পত্ৰৰ আধাৰত অভিযোগ উত্থাপিত হৈছিল সেই নথি-পত্ৰবোৰ সহকাৰী উচ্চায়ুক্তই ভুৱা বুলি উল্লেখ কৰিছিল ৷ নথি জাল বুলি কৈছিল, আমি বাংলাদেশলৈ গৈ প্ৰকৃত তথ্য অনিছো । ছয়ফুৰ ৰহমান তালুকদাৰে ৩০বছৰ ধৰি অসমত আছে বুলি তেওঁ দাবী কৰিছিল, কিন্তু বাংলাদেশৰ ভোটাৰ তালিকাতো তেওঁৰ আৰু পৰিয়ালৰ নাম আছে । কিন্তু NRC ত তেওঁলোকৰ নাম নাই । অসম চৰকাৰে তাৎক্ষণিকভাৱে এই বিষয়ে তদন্ত কৰিবলৈ আহ্বান জনাইছো ৷’’- এইদৰে কয় শিলাদিত্য দেৱে ৷

তেওঁ কয়, ‘‘যি মুছলমান সংখ্যালঘু ছাত্ৰ সংগঠনে দাবী কৰে এজনো বাংলাদেশী অসমত নাই, তেওঁলোকক চেলেঞ্জ কৰিছো । আৰক্ষী বিষয়া আব্দুল কালামক নিলম্বন কৰিব লাগে । একমাত্ৰ আৰক্ষী বিষয়াজনেই বাংলাদেশীক সহযোগিতা কৰা নহয়, বহু লোক ইয়াত জড়িত আছে ৷ মুখ্যমন্ত্ৰীয়ে কোৱা ৬০-৪০ৰ কথাটো সঁচা কথা ৷ কিছুদিনৰ পিচত ৮০-২০ হোৱাটো একো ডাঙৰ কথা নহয় । এই বিষয়ে আজি মুখ্যমন্ত্ৰী আৰু আৰক্ষী সঞ্চালক প্ৰধানগৰাকীলৈ পত্ৰ লিখিম ৷’’

গুৱাহাটীস্থ বাংলাদেশৰ সহকাৰী উচ্চায়ুক্তক প্ৰশ্ন শিলাদিত্যৰ, ‘‘ তেওঁলোকে চাব নেকি কোন দেশী, কোন বাংলাদেশী ? প্ৰয়োজন সাপেক্ষে এই কাৰ্যালয় বন্ধ কৰি‌ দিব লাগিব । বাংলাদেশ হাই কমিচনাৰ কাৰ্যালয়ৰ লগত যোগাযোগ তথা বিষয়াৰ বিৰুদ্ধে তদন্ত হ'ব লাগে । আমছুৱে কৈছিল যে অসমত বাংলাদেশী মুছলমান নাই । কিন্তু আমাৰ লগত তথ্য-প্ৰমাণ আছে অসমত অবৈধ বাংলাদেশী থকাৰ ।’’

লগতে পঢ়ক : ২০ হাজাৰ টকাত বাংলাদেশীক ভাৰত সীমান্ত পাৰ কৰাই দালালে

লগতে পঢ়ক : বাংলাদেশী পত্নীক ভুৱা নথিৰে সজালে ভাৰতীয়; পত্নীৰ মুখেৰেই ওলাল সত্য; গ্ৰেপ্তাৰ হ’ল স্বামী

লগতে পঢ়ক : অসমৰ 40 শতাংশ জনসংখ্যাই বাংলাদেশী অনুপ্ৰৱেশকাৰী: হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.