ETV Bharat / state

অৰুণাচলত আবদ্ধ নগাঁৱৰ ১৯ গৰাকী শ্ৰমিক; ঘৰলৈ আহিব খুজিলেই কোম্পানীয়ে বিচাৰে আঠ লাখ টকা !

Labourers stranded: নগাঁৱৰ বিভিন্ন অঞ্চলৰ প্ৰায় ১৯ গৰাকী শ্ৰমিক আৱদ্ধ হৈ আছে অৰুণাচলত । মুখ্যমন্ত্ৰীৰ সহায় বিচাৰিছে ভুক্তভোগী শ্ৰমিকৰ পৰিয়ালে ।

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2024, 9:36 AM IST

Labourers stranded
"মুখ্যমন্ত্ৰী মহোদয় আমাৰ ল'ৰাকেইটাক উদ্ধাৰ কৰক" (ETV Bharat)

নগাঁও,১৩ অক্টোবৰ : ৰাজ্যবাসী দুৰ্গা পূজা আৰু শংকৰদেৱৰ আবিৰ্ভাৱ তিথিক লৈ ব্যস্ত হৈ থকাৰ সময়তে নগাঁৱৰ পৰা আহিছে এক উদ্বেগজনক খবৰ । জিলাখনৰ প্ৰায় ১৯ গৰাকীকৈ শ্ৰমিক অৰুণাচলত আৱদ্ধ হৈ পৰিছে । ঘৰলৈ আহিবলৈ কোম্পানীৰ মালিকক দিব লাগে ৮ লাখ টকা । হাহাকাৰ অৱস্থা শ্ৰমিকসকলৰ পৰিয়ালৰ মাজত । অৱশেষত নগাঁও আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী শ্ৰমিকসকলৰ পৰিয়াল ।

অৰুণাচলত হাৰাশাস্তিৰ সন্মুখীন শ্ৰমিকসকল

জানিব পৰা মতে পেটৰ তাড়নাত শ্ৰমদানৰ বাবে নগাঁৱৰ কচুৱা অঞ্চলৰ পৰা দৰিদ্ৰ পৰিয়ালৰ প্ৰায় ১৯ গৰাকীকৈ যুৱক চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশলৈ গৈছিল । পকী পথ নিৰ্মাণৰ কাম কৰিবলৈ দুমাহ পূৰ্বে যুৱককেইজনক এজন ঠিকাদাৰে অৰুণাচললৈ লৈ গৈছিল ৷ অৰুণাচল প্ৰদেশৰ দিবাং ভেলী জিলাৰ অতি ভিতৰুৱা অঞ্চলত কৰ্মৰত শ্ৰমিকসকলে বৰ্তমান অতি কষ্টৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছে বুলি পৰিয়ালৰ লোকসকলে অৱগত কৰিছে ৷ পৰিয়ালৰ অভিযোগ অনুসৰি শ্ৰমিককেইজনে খাদ্যৰ সংকটত পৰিছে । পথ নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে তেওঁলোকক খাদ্যৰ যোগান ধৰা নাই বুলি অভিযোগ কৰিছে । ইফালে তেওঁলোকে ঘৰলৈ আহিবলৈ বিচাৰিছে যদিও কোম্পানী কৰ্তৃপক্ষই বাধা প্ৰদান কৰিছে ।

৮ লাখ টকা দাবী

কেৱল এয়াই নহয় কোম্পানীটোৰ কৰ্তৃপক্ষই তেওঁলোকক মৃত্যুৰ ভাবুকি দিয়াৰো অভিযোগ উঠিছে । নানা হাৰাশাস্তি কৰাৰ লগতে শ্ৰমিককেইজনক ঘৰলৈ অহাৰ বিনিময়ত ৮ লাখ টকা দাবী কৰিছে বুলি তেওঁলোকৰ পৰিয়ালে জনাইছে । যাৰ ফলত মানসিকভাৱে ভাগি পৰিছে শ্ৰমিককেইজনৰ পৰিয়াল । অৱশেষত কচুৱা থানালৈ আহি পৰিয়ালকেইটাই আৰক্ষীক সকলো কথা অৱগত কৰে ৷ আৱদ্ধ হৈ থকা শ্ৰমিকসকল কচুৱাৰ পমিলা, চিতলমাৰী, তামোলবাৰী আৰু মৰিগাঁৱৰ বুলি জানিব পৰা গৈছে ।

মুখ্যমন্ত্ৰীক অনুৰোধ পৰিয়ালৰ

সংবাদ মাধ্যমৰ জৰিয়তে ভুক্তভোগী শ্ৰমিকৰ পৰিয়ালে অসমৰ মুখ্যমন্ত্ৰীৰো সহায় বিচাৰিছে । তেওঁলোকক উদ্ধাৰ কৰি ঘৰলৈ আনিবলৈ পৰিয়ালকেইটাই অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ আহ্বান জনাইছে ।

লগতে পঢ়ক :মৰিগাঁও জিলা কাৰাগাৰৰ জেইলাৰক নিলম্বন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.