ETV Bharat / state

ভয়ংকৰ পথ দুৰ্ঘটনাত আহত ৩৫ জন - Road accident

author img

By ETV Bharat Assamese Team

Published : Jul 11, 2024, 9:47 AM IST

Updated : Jul 12, 2024, 8:51 AM IST

Accident in Hatsingimari: দক্ষিণ শালমৰা মানকাচৰ জিলাত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ যাত্ৰী কঢ়িয়াই অনা বলেৰ’ পিক্ আপ ভান দুৰ্ঘটনাত পতিত ৷ আহত অতি কমেও ৩৫ জন লোক ৷

ROAD ACCIDENT
Accident in Hatsingimari (ETV Bharat)

পশ্চিম বিলাসীপাৰা, 11 জুলাই: মানকাচৰৰ হাটশিঙিমাৰীৰ টানগাঁৱত ভয়ংকৰ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত প্ৰায় 35 জন লোক আহত ৷ হাটশিঙিমাৰীৰ টানগাঁৱত দুৰ্ঘটনাত পতিত হয় এখন বলেৰ’ পিক্ আপ ভেন ৷ মেঘালয়ৰ পুঠিমাৰীৰ পৰা বামুণপাৰালৈ বলেৰ’ পিকআপ ভেনখনত আহি আছিল প্ৰায় 36 জন লোক ৷ অধিক যাত্ৰী কঢ়িয়াই অনাৰ ফলত এই দুৰ্ঘটনা সংঘটিত হোৱাৰ সন্দেহ ৷ আহত লোককেইজনক হাটশিঙিমাৰীৰ জিলা চিকিৎসালয়ত ভৰ্তি ৷ চিকিৎসকে ইতিমধ্যে 7 জনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ ৷ হাটশিঙিমাৰী জিলা চিকিৎসালয়ত খাৰুৱাবান্ধা আৰক্ষী উপস্থিত হৈ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷

ইফালে একেদিনাই উজনি অসমৰ ডিব্ৰুগড় জিলাত দুটা পৃথক পথ দুৰ্ঘটনাত অতি কমেও 11 গৰাকী যাত্ৰী আহত হোৱাৰ খবৰ পোৱা গৈছে ৷ বৃহস্পতিবাৰে বিয়লি দেৰগাঁৱৰ পৰা ডিব্ৰুগড় অভিমুখে গৈ থকা এখন চাৰিচকীয়া বাহনত বিপৰীত দিশৰ পৰা অহা আন এখন বাহনে খুন্দা মৰাৰ ফলত সংঘটিত হয় দুৰ্ঘটনাৰ ৷ এই দুৰ্ঘটনাটো সংঘটিত কৰিয়েই খুন্দা মৰা বাহনখনৰ চালকজনে ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ এই দুৰ্ঘটনাটোত আনখন বাহনখনত থকা স্বামী-স্ত্ৰী, এটি কেঁচুৱাসহ একেটা পৰিয়ালৰ মুঠ সাতগৰাকীকৈ যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহতসকলক উদ্ধাৰ কৰি নিকটৱৰ্তী চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷

ইফালে খোৱাঙৰ বাঁহনি পথাৰত এখন বুলেট আৰু এখন চাৰিচকীয়া বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত আহত হয় শিশুসহ চাৰিজনকৈ লোক ৷ আহত চাৰিওগৰাকীকে সংকটজনক অৱস্থাত ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: গাখীৰৰ টেংকাৰত তীব্ৰবেগী বাছৰ প্ৰচণ্ড খুন্দা; নিহত 18, আহত প্ৰায় 30 গৰাকী যাত্ৰী - Accident in Lucknow Agra Expressway

জোনাইত শোকাৱহ পথ দুৰ্ঘটনা; থিতাতে মৃত্যু দুজনৰ - Jonai road accident

Last Updated : Jul 12, 2024, 8:51 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.