ETV Bharat / state

চেগুনবাৰী চাহ বাগিচাৰ ফেক্টৰীত পৌৰসভাৰ তলা

author img

By ETV Bharat Assamese Team

Published : Feb 13, 2024, 7:46 PM IST

Tea Estate Factory Seal: চেগুনবাৰী চাহ বাগিচাত পৌৰসভাই ওলমালে তলা । ২০১৮ চনৰ পৰা সম্পত্তি কৰ আদায় নিদিয়াত বাগিচাখন চীল কৰে পৌৰসভাখনে । কৰ আদায় নিদিয়া পৰ্যন্ত বন্ধ থাকিব বাগিচাখনৰ কাম-কাজ । শীঘ্ৰে সম্পত্তি কৰ আদায় দিয়াৰ আহ্বান মাৰ্ঘেৰিটা পৌৰসভাৰ ।

Segunbari Tea Estate Factory Seal
চেগুনবাৰী চাহ বাগিচাৰ ফেক্টৰীত পৌৰসভাৰ তলা
চেগুনবাৰী চাহ বাগিচাৰ ফেক্টৰীত পৌৰসভাৰ তলা

তিনিচুকীয়া,১৩ ফেব্ৰুৱাৰী: তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ এখন চাহ বাগিচাত ওলমিল তলা । চৰকাৰী নীতি-নিৰ্দেশনাক অমান্য কৰাৰ ফলশ্ৰুতিতে পৌৰসভাই তলা ওলমাই বাগিচাখনত । পৌৰসভাই নিৰ্ধাৰিত কৰা কৰ আদায় দিয়াত হেমাহি কৰাৰ অভিযোগ বাগিচাখনৰ কৰ্তৃপক্ষৰ বিৰুদ্ধে ।

  • " class="align-text-top noRightClick twitterSection" data="">

জানিব পৰা মতে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা নগৰস্থিত চেগুনবাৰী চাহ বাগিচাৰ বিৰূদ্ধে বিভিন্ন সময়ত বিভিন্ন অভিযোগ উত্থাপন হৈ আহিছে । শেষতীয়াকৈ ডিব্ৰুগড়ৰ নিবাসী গৌতম বেড়ীয়া মালিকাধীন চাহ বাগিচাখনৰ বিৰূদ্ধে উত্থাপন হৈছে চৰকাৰী নীতি-নিদেৰ্শনাক ভেঙুচালি কৰি সম্পতি কৰ আদায় নিদিয়াৰ গুৰুতৰ অভিযোগ ।

মাৰ্ঘেৰিটা পৌৰসভাই জনোৱা অনুসৰি ২০১৮ চনৰ পৰা সম্পত্তিৰ কৰ কাৰ্যকৰী কৰিছিল পৌৰসভাই । সেই মৰ্মে সম্পত্তিৰ কৰ আদায় দিবলৈ পৌৰসভাখনে চেগুনবাৰী চাহ বাগিচালৈ প্ৰেৰণ কৰিছিল জাননী পত্ৰ । কিন্তু বাগিচাখনৰ গৰাকী গৌতম বেড়ীয়াই পৌৰসভাৰ জাননীক ভেঙুচালি কৰি কোনো ধৰণৰ কৰ আদায় দিয়াৰ পৰা বিৰত আছিল ।

বাৰম্বাৰ জাননী দিয়াৰ পাছত বাগিচা কৰ্তৃপক্ষৰ চূড়ান্ত অৱহেলাৰ পাছত পৌৰসভাই ১০ দিনৰ সময় দি এখন চূড়ান্ত জাননী জাৰি কৰিছিল । কিন্তু তাৰপিছতো গা-নলৰিল কৰ্তৃপক্ষৰ । অৱশেষত মঙলবাৰে নিৰ্ধাৰিত সময় উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত পৌৰসভাখনৰ কাৰ্যবাহী বিষয়া প্ৰতীম গগৈ, পৌৰপতি আনন্দ কুমাৰ শৰ্মাসহ এটা দল উপস্থিত হৈ ফেক্টৰীটো চীল কৰিবলৈ বাধ্য হয় ।

বিষয়াসকলে জনোৱা অনুসৰি বাগিচাখনে পৌৰসভাক ২০১৮ চনৰ পৰা ৫ লাখ টকাৰ সম্পত্তি কৰ আদায় দিবলৈ বাকী আছে । যদি অনাদায় কৰ আদায় দিয়ে তেন্তে পুনৰ ফেক্টৰীটো পূৰ্বৰ দৰে চলাব পাৰিব বুলি উল্লেখ কৰে । ইফালে ফেক্টৰীটো চীল কৰাৰ পিছতে কৰ্মচাৰীসকলে ভৱিষ্যতক লৈ চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: বিদ্যুৎ যোগান নিয়মীয়া নকৰিলে বিভাগৰ কাৰ্যালয় ঘেৰাও কৰাৰ হুংকাৰ এবিএমছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.