ETV Bharat / state

ৰমেন বৰুৱাৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান : ২৮ ঘণ্টা ধৰি নাই সন্ধান - Ramen Baruah missing

author img

By ETV Bharat Assamese Team

Published : Jul 23, 2024, 3:48 PM IST

Music composer Ramen Baruah : প্ৰায় ২৮ ঘণ্টা ধৰি সন্ধান নাই অসমীয়া সংগীত জগতৰ অন্যতম বাটকটীয়াৰ ৷ ৰমেন বৰুৱাক বিচাৰি ব্ৰহ্মপুত্ৰত চলিছে অভিযান ৷ উদ্বিগ্ন হৈ পৰিছে ৰাজ্যবাসী ৷

Music composer Ramen Baruah
ৰমেন বৰুৱাৰ সন্ধানত ব্ৰহ্মপুত্ৰত অভিযান (ETV Bharat Assam)

গুৱাহাটী, ২৩ জুলাই : যশস্বী সংগীত পৰিচালক ৰমেন বৰুৱাৰ সন্ধানত ব্ৰহ্মপুত্ৰত অব্যাহত অভিযান ৷ ৰমেন বৰুৱাৰ সন্ধানত উজান বজাৰৰ পৰা শৰাইঘাট দলঙলৈ অভিযান চলাইছে এচ ডি আৰ এফ আৰু এন ডি আৰ এফে । বৰ্তমানলৈ কোনো সম্ভেদ পোৱা নাই শিল্পীগৰাকীৰ ।

উল্লেখযোগ্য যে সোমবাৰে পুৱা প্ৰায় ১০.৩০ বজাৰ পৰা তেওঁ সন্ধানহীন হৈ আছে । সংগীত পৰিচালকৰ সন্ধানহীনৰ খবৰে গুৱাহাটীৰ লগতে ৰাজ্যবাসীক উদ্বিগ্ন কৰি তুলিছে । প্ৰসিদ্ধ শিল্পীগৰাকীয়ে গুৱাহাটীৰ লতাশিলস্থিত বাসভৱনৰ পৰা সমীপৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই গৈছিল । ইয়াৰ পিচত দুপৰীয়াপর্যন্ত তেওঁ ঘৰলৈ ঘূৰি নহাত পৰিয়ালৰ সদস্যই শিল্পীগৰাকীৰ লগত থকা ম’বাইল ফোনলৈ কল কৰে যদিও ছুইচ অফ পায় । এই লৈ পৰিয়ালৰ সদস্যসকল চিন্তিত হৈ পৰে ।

তেওঁলোকে সম্ভাব্য সকলো স্থানতে বিচাৰ-খোঁচাৰ কৰিও নিশাপর্যন্ত শিল্পীগৰাকীৰ সম্ভেদ উলিয়াব নোৱাৰি লতাশিল আৰক্ষীৰ ওচৰ চাপে । ঘটনা সন্দৰ্ভত ৰমেন বৰুৱাৰ পৰিয়ালে লতাশিল থানাত এজাহাৰ দাখিল কৰিছে । উল্লেখ্য যে প্ৰতিদিনে তেওঁ প্ৰাতঃভ্ৰমণলৈ ওলাই যায় । ইয়াৰ পিচত ঘৰলৈ উভতি আহি পুৱাৰ আহাৰ গ্ৰহণ কৰি তেওঁ পুনৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই যায় । কিন্তু বিগত কেবাদিনো ধৰি তেওঁ শাৰীৰিক অসুস্থতাত ভূগি থকাৰ হেতু প্ৰতঃভ্ৰমণলৈ ওলাই যোৱা নাছিল ।

স্বাস্থ্যৰ কিছু উন্নতি ঘটাত সোমবাৰে তেওঁ প্ৰাতঃভ্ৰমণলৈ ওলাই যায় । ইয়াৰ পিচত ঘৰলৈ উভতি আহি শিল্পীগৰাকী পুনৰ লতাশিল গণেশ মন্দিৰলৈ বুলি ওলাই যোৱাৰ পিচৰে পৰাই সন্ধানহীন হয় ।

লগতে পঢ়ক : কোনেও নাজানিলে ক'ত হেৰাই গ'ল অৱনী চক্ৰৱৰ্তী-ৰমেন বৰুৱা !

লগতে পঢ়ক : হঠাৎ কোনো সন্ধান নোহোৱা হ’ল বিশিষ্ট সংগীত পৰিচালক ৰমেন বৰুৱাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.