ETV Bharat / state

মৃত ব্যক্তিৰ বেংক একাউন্টৰ ধনো বাদ নপৰিল গুলেনুৰৰ পৰা - Bank fraud in Guwahati

author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 7:19 PM IST

Former manager of SBI arrest : ন ন কু-কীৰ্তি পোহৰলৈ আহিছে জালিয়াতিৰে বৃহৎ পৰিমাণৰ ধন ট্ৰেন্সফাৰ কৰি আৰক্ষীৰ জালত পৰা বেংক বিষয়াৰ গুলেনুৰ হুছেইনৰ । গুলেনুৰ হুছেইনে মৃত ব্যক্তিৰ বেংক একাউন্টৰ পৰাও সৰকাইছিল ধন । আন এক গোচৰ ৰুজু গুলেনুৰৰ বিৰুদ্ধে ।

SBI branch manager also transferred money from the bank account of the deceased person
মৃত ব্যক্তিৰ বেংক একাউন্টৰ ধনো বাদ নপৰিল গুলেনুৰৰ পৰা (ETV Bharat Assam)

গুৱাহাটী,২০ জুলাই: অৱসৰপ্ৰাপ্ত ডি আই জিৰ বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা সৰকাই গ্ৰেপ্তাৰ হোৱা ভাৰতীয় ষ্টেট বেংকৰ বিষয়া গুলেনুৰ হুছেইনৰ বিৰুদ্ধে পোহৰলৈ আহিছে ন ন তথ্য । যোৱা ১৩ জুলাইৰ নিশা দিছপুৰ আৰক্ষীয়ে গুলেনুৰ হুছেইনক গ্ৰেপ্তাৰ কৰাৰ পিচতে তদন্তত দুষ্কাৰ্যৰ কথা পোহৰলৈ আহিছে ।

১/ গুলেনুৰ হুছেইনে মৃত ব্যক্তিৰ বেংক একাউন্টৰ পৰা সৰকাইছিল ধন

ভাৰতীয় ষ্টেট বেংকৰ বিষয়া গুলেনুৰ হুছেইনে অৱসৰপ্ৰাপ্ত ডি আই জিৰে নহয় ষ্টেট বেংকৰ মৃত গ্রাহকৰ বেংক একাউণ্টৰ পৰাও ধন সৰকোৱাৰ তথ্য পোহৰলৈ আহিছে । অবসৰপ্রাপ্ত ডি আই জি ভৱধৰ দত্তৰ বেংক একাউন্টৰ পৰা টকা সৰকোৱা গুলেনুৰে এগৰাকী প্রয়াত ব্যবসায়ী বলোৰাম গগৈ আৰু তেওঁৰ প্রয়াত পত্নী শিক্ষয়িত্ৰী মামণি গগৈৰ বেংক একাউন্টৰ পৰাও ৪৬ লাখ টকা সৰকাইছিল । ২০২১ ত ব্যবসায়ী বলোৰাম গগৈৰ মৃত্যু হয় । ইয়াৰ পিচত ২০২৩ত তেওঁৰ সহধর্মিনী মামণি গগৈৰো দেহাৱসান ঘটে ।

এনে পৰিস্থিতিত এই দম্পতীৰ ষ্টেট বেংকত থকা দুটা বেংক একাউন্টৰ জমা ধনত চকু পৰে গুলেনুৰৰ । বেংক বিষয়াজনে প্রয়াত দম্পতীৰ বেংক একাউন্টব ৪৬ লাখ টকা ইউ পি আই ট্ৰেঞ্জেকশ্যনৰ জৰিয়তে গোপনে উলিয়াই নিয়ে । শেহতীয়াকৈ দিছপুৰ থানাৰ লকাপত আৰক্ষীৰ জেৰাত অভিযুক্ত গুলেনুৰে স্বীকাৰ কৰিছে এই কথা । ইয়াৰ পিচতে আৰক্ষীয়ে প্রয়াত ব্যৱসায়ী বলোৰাম গগৈৰ আত্মীয়ৰ সন্ধান উলিয়ায় ।

সেইমর্মে প্রয়াত ব্যবসায়ীগৰাকীৰ পুত্রই গুলেনুৰৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কৰে । এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্ত গুলেনুৰৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰ ৰুজু কৰে । দ্বিতীয়টো গোচৰত এতিয়া গুলেনুৰক আৰক্ষীয়ে পুনৰ গ্রেপ্তাৰ কৰিব বুলি জানিবলৈ দিয়ে । অভিযুক্ত বেংক বিষয়াজনৰ আৰু এনে দুষ্কার্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে ।

২/ গুলেনুৰ হুছেইনৰ প্ৰৱঞ্চনাৰ তথ্য কিদৰে পোহৰলৈ আহিছিল

জালিয়াতিৰে ২৬ লাখ টকা আত্মসাৎ কৰাৰ অভিযোগত দিছপুৰ আৰক্ষীৰ জালত বেংক বিষয়া । ১৩ জুলাইত ভাৰতীয় ষ্টেট বেংকৰ দিছপুৰ শাখাৰ প্রবন্ধকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে । দিছপুৰ থানাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বেংক বিষয়াজন হ'ল গুলেনুৰ হুছেইন । মহানগৰীৰ সাতগাঁৱৰ ছাইন হেভেন এপার্টমেন্টৰ নিজা ফ্লেটৰ পৰা শনিবাৰে সন্ধিয়া গুলেনুৰ হুছেইনক আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে ।

ভৱধৰ দত্ত নামৰ এগৰাকী অৱসৰপ্ৰাপ্ত ডি আই জিৰ বেংক একাউণ্টৰ পৰা গুলেনুৰ হুছেইনে ২৬ লাখ টকা জালিয়াতিৰে আন একাউন্টলৈ 'ট্রেন্সফাৰ' কৰিছিল । এই বৃহৎ অংকৰ ধন আত্মসাৎ কৰাৰ সময়ত গুলেনুৰ হুছেইন মহানগৰীৰ এছ বি আইৰ বৰবাৰী শাখাৰ প্ৰৱন্ধক হিচাপে কার্যনির্বাহ কৰি আছিল ।

আৰক্ষীৰ তদন্তত পোহৰলৈ আহে যে অভিযুক্ত গুলেনুৰ হুছেইনে অৱসৰপ্ৰাপ্ত ডি আই জি ভৱধৰ দত্তৰ বেংক একাউণ্টত থকা ম'বাইল নম্বৰটো সলনি কৰিছিল । ফলত তেওঁৰ বেংক একাউণ্টৰ পৰা টকা 'ট্ৰেন্সফাৰ' কৰা সন্দৰ্ভত দত্তই কোনো বার্তা ম'বাইল ফোনত লাভ কৰা নাছিল । অভিযুক্ত বেংক বিষয়াজনে ত্রিদীপ কলিতা নামৰ যুৱক এজনৰ সহায়ত ছয়গাঁৱৰ পৰা জিঅ' ম'বাইলৰ ছিম এখন সংগ্রহ কৰিছিল ।

লগতে পঢ়ক: প্ৰৱঞ্চক জালত প্ৰাক্তন ডি আই জি : আৰক্ষীৰ জালত প্ৰৱঞ্চক বেংক বিষয়া - Bank fraud in Guwahati

মহিলা বেংক মেনেজাৰক ভিডিঅ' কলত ব্যস্ত ৰাখি চাইবাৰ অপৰাধীয়ে লুটিলে 17 লাখ টকা - Bank Manager Digital Arrest Case

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.