ETV Bharat / state

তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ - Union Minister Sarbananda Sonowal

author img

By ETV Bharat Assamese Team

Published : Jun 21, 2024, 5:34 PM IST

Tinsukia Municipality: তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালৰ । শপত গ্ৰহণ কৰি উত্তৰ-পূৱৰ ভিতৰতে তিনিচুকীয়া চহৰখনক শ্ৰেষ্ঠ বাণিজ্যিক চহৰ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰা হ'ব বুলি মত প্ৰকাশ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

Sarbananda Sonowal takes oath as ex-officio member of Tinsukia Municipality
তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ সৰ্বানন্দ সোণোৱালৰ (ETV Bharat Assam)

তিনিচুকীয়া,২১ জুন: দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰ পাচত শুকুৰবাৰে তিনিচুকীয়াত প্ৰথমবাৰ উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱাল ৷ তিনিচুকীয়াত উপস্থিত হৈ তিনিচুকীয়া পৌৰসভাৰ সভাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সৰ্বানন্দ সোণোৱালে ।

তাৰ পাচতে তিনিচুকীয়া পৌৰসভাৰ বিভিন্ন দিশৰ ওপৰত কিছু গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয় ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদগৰাকী ৷ শপত গ্ৰহণ কৰাৰ পূৰ্বে তিনিচুকীয়া পৌৰসভাৰ তৰফৰ পৰা সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালক গামোচা, ফুলৰ থোপাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ পৰৱৰ্তী সময়ত তিনিচুকীয়া পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰি আগন্তুক দিনসমূহত উত্তৰ-পূৱৰ বাণিজ্যিক চহৰ হিচাপে পৰিচিত তিনিচুকীয়া চহৰখনক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ পুঁজিৰ জৰিয়তে অধিক উন্নয়নৰ দিশত আগুৱাই নিব লাগিব বুলি সংবাদ মাধ্য়মৰ আগত মত প্ৰকাশ কৰে ৷

লগতে তেওঁ কয় যে, চহৰখন আধুনিক ৰূপত গঢ় দিয়াৰ বাবে স্থানীয় বিধায়ক তথা পৌৰসভাৰ সদস্যসকলৰ আলোচনা কৰা হ'ব । ইয়াৰোপৰি চহৰখনৰ জ্যেষ্ঠ নাগৰিকসকলৰ পৰাও উন্নয়নৰ বাবে দিহা-পৰামৰ্শ গ্ৰহণ কৰা হ'ব । যাতে উত্তৰ-পূৱৰ বিভিন্ন প্ৰান্তত বাণিজ্যিক চহৰ হিচাপে চহৰখনে সেৱা আগবঢ়াব পাৰে । উক্ত শপত গ্ৰহণ অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালৰ সৈতে উপস্থিত থাকে শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ, তিনিচুকীয়া পৌৰসভা পৌৰপতি পৱিত্ৰ গগৈ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, উপ-পৌৰপতি ইন্দিৰা ৰয়কে আদি কৰি পৌৰসভাৰ সদস্য-সদস্যাসকল ৷

লগতে পঢ়ক: তিনিচুকীয়াত যোগ দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ - International Yoga Day 2024

কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰা পাচত প্ৰথমবাৰলৈ ডিব্ৰুগড়ত উপস্থিত সৰ্বানন্দ সোণোৱাল - Sarbananda Sonowal in Dibrugarh

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.