ETV Bharat / state

শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰৰ বৰনামঘৰত মায়ামৰা শৰণ পৰ্ব

author img

By ETV Bharat Assamese Team

Published : Mar 8, 2024, 10:58 AM IST

Community Rituals In Moran: নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰৰ বৰনামঘৰত অনুষ্ঠিত হ'ল মায়ামৰা শৰণ পৰ্ব । নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত প্ৰায় ২০০ গৰাকী পুৰুষ-মহিলাই ল'লে শৰণ ।

Community Rituals Perform in Moran
শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰৰ বৰনামঘৰত মায়ামৰা শৰণ পৰ্ব
শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰৰ বৰনামঘৰত মায়ামৰা শৰণ পৰ্ব

মৰাণ, ৮ মাৰ্চ: আধ্যাত্মিকতাৰ সমাজ ব্যৱস্থাত অতীজৰে পৰা চলি অহিছে শৰণ লোৱা পৰ্ব বা প্ৰথা । অসমৰ সমাজ সংস্কাৰক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৰৱৰ্তী ধৰ্মগুৰু তথা সংস্কাৰক মাধৱদেৱ, গোপালদেৱ আৰু অনিৰুদ্ধদেৱে অসমৰ সমাজ জীৱনৰ বাবে এক গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই মাইলৰ খুঁটি স্থাপন কৰিবলৈ সক্ষম হৈছিল ৷

তিনিওগৰাকী ধৰ্মীয় গুৰু, সমাজ সংস্কাৰকৰ পৰৱৰ্তী সমাজ সংস্কাৰক অনিৰুদ্ধদেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা বৈষ্ণৱ ধৰ্মই উজনি অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীক একত্ৰিত কৰি এখন বৃহত্তৰ সমাজ গঠন প্ৰক্ৰিয়াত বিশেষ অৱদান আগবঢ়াই গৈছে ৷ এইগৰাকী মহান পুৰুষে আজিৰ পৰা প্ৰায় চাৰিশ বছৰৰ পূৰ্বে সকলো জাতি-জনগোষ্ঠীক একত্ৰিত কৰি শ্ৰীশ্ৰী মায়ামৰা ধৰ্মীয় ব্যৱস্থাৰে এখন বৃহত্তৰ সমাজ গঠনত যি ভূমিকা পালন কৰিছিল পৰৱৰ্তী সময়ত তেখেতৰ উত্তৰসূৰীসকলে সেই ধাৰা অৱ্যাহত ৰাখিবলৈ সম্পূৰ্ণকৈ সক্ষম হোৱা নাছিল যদিও অসমীয়া জাতি গঠন প্ৰক্ৰিয়া চলি থাকিল ৷

তেখেতৰ দ্বাৰা স্থাপিত শ্ৰীশ্ৰী মায়ামৰা ধৰ্মীয় সত্ৰসমূহে পৰৱৰ্তী সময়ত সমাজৰ প্ৰতিগৰাকী লোকক শৰণ কাৰ্যৰ দ্বাৰা আকোঁৱালি লোৱাৰ লগতে এখন বৃহত্তৰ সমাজ গঢ়িবলৈ সক্ষম হৈছিল যদিও পৰৱৰ্তী সময়ত ধৰ্মীয় গোড়ামীয়ে কিছু ব্যাঘাত জন্মাইছিল ৷ বৰ্তমান অনিৰুদ্ধদেৱৰ দ্বাৰা প্ৰৱৰ্তিত মায়ামৰা ধৰ্মৰ অন্যতম তিনিখন ঐতিহ্যমণ্ডিত সত্ৰ শ্ৰীশ্ৰী মায়ামৰা মদাৰখাত সত্ৰ, শ্ৰীশ্ৰী মায়ামৰা দিনজয় আৰু শ্ৰীশ্ৰী মায়ামৰা গড়পৰা সত্ৰৰ সত্ৰাধিকাৰসকলক একত্ৰিত কৰি বকুল মাজগাঁৱত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ কলাক্ষেত্ৰ বৰনামঘৰত নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত অনুষ্ঠিত কৰা হয় মায়ামৰা সমাজৰ শৰণ পৰ্ব ।

আধ্যাত্মিকতাৰ সু-নিৰ্মল বিশ্বাসৰ বান্ধোন জীয়াই ৰখা বাবেই ডিব্ৰুগড়ৰ শ্ৰী শ্ৰী অনিৰুদ্ধ কলাক্ষেত্ৰ নামঘৰত অনুষ্ঠিত কৰা হয় সত্ৰৰ শৰণ পর্ব । আধ্যাত্মিক বান্ধোনেৰে বান্ধ খালে প্রায় ২০০ পুৰুষ-মহিলাই । দিনজয়, বগৰীতলীয়া আৰু গড়পৰা সত্ৰৰ তিনিওজন গুৰুৱে একেলগ হৈ শৰণ দিলে ২০০ পুৰুষ-মহিলাক । এই ঐতিহাসিক শৰণ পৰ্ব চাবলৈ অঞ্চলটোৰ ৰাইজে ভিৰ কৰে সত্ৰৰ চৌহদত ।

লগতে পঢ়ক: নান্দনিক আৰু আধ্যাত্মিক পৰিৱেশত 200 গৰাকী পুৰুষ মহিলাই ল’লে শৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.