ETV Bharat / state

ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত "ৰূপতীৰ্থৰ যাত্ৰী" - Film on Jyoti Prasad Agarwala - FILM ON JYOTI PRASAD AGARWALA

Film on Jyoti Prasad Agarwala: শীঘ্ৰেই ছবিগৃহলৈ আহিব ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনৰ আধাৰত নতুন অসমীয়া ছবি "ৰূপতীৰ্থৰ যাত্ৰী" ।

New Assamese film Ruptirthar jatri based on the life of JYOTI PRASAD AGARWALA announced
নতুন অসমীয়া ছবি "ৰূপতীৰ্থৰ যাত্ৰী" (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 4:58 PM IST

গুৱাহাটী, 17 জুন : আজি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ ওপজা দিন । অসমৰ বিভিন্ন স্থানত জ্যোতিপ্ৰসাদ আগৰৱালাৰ 121 সংখ্যক জন্মদিন উদযাপন কৰা হৈছে ৷ ঠায়ে ঠায়ে স্মৃতিচাৰণ সভাৰ জৰিয়তে তেওঁলৈ শ্ৰদ্ধাঞ্জলি জনোৱা হৈছে ৷

পৰিচালক-প্ৰযোজকৰ ভাষ্য (ETV Bharat Assam)

অসমৰ প্ৰথমগৰাকী চিত্ৰ নির্মাতা জ্যোতিপ্ৰসাদ আগৰৱালা একেধাৰে এজন কবি, গীতিকাৰ, নাট্যকাৰ, গায়ক, অভিনেতা আৰু গভীৰ দেশপ্ৰেমেৰে উদ্বুদ্ধ এগৰাকী বিপ্লবী । তেওঁৰ জন্মদিনৰ আজিৰ এই বিশেষ দিনটোতে শিল্পীগৰাকীৰ জীৱনৰ ওপৰত এখন বাণিজ্যিকধৰ্মী ছবি নিৰ্মাণৰ ঘোষণা কৰে পৰিচালক মঞ্জু বৰাই । মহানগৰীৰ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত পৰিচালক মঞ্জু বৰাই জ্যোতি প্ৰসাদৰ জীৱনৰ আধাৰত চিনেমা নিৰ্মাণৰ বিষয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে ।

বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ 'ৰূপতীৰ্থৰ যাত্ৰী' উপন্যাসখনৰ আধাৰত AM TELEVISION PRODUCTION ৰ বেনাৰত নিৰ্মান হ'বলগীয়া এই নতুন অসমীয়া ছবি "ৰূপতীৰ্থৰ যাত্ৰী"ৰ পৰিচালনা মঞ্জু বৰাৰ আৰু প্ৰযোজনা ড৹ সঞ্জীৱ নাৰায়ণৰ ৷ গ্ৰুপ প্ৰেচিডেণ্ট অক্ষতা নাৰায়ণ । ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব অভিনেতা বলোৰাম দাসে ।

ছবিখনৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিব কুলদা কুমাৰ ভট্টাচাৰ্য, প্ৰাঞ্জল শইকীয়া, সিদ্ধাৰ্থ গোস্বামী, অপৰ্ণা দত্তচৌধুৰী, প্ৰণামী বৰা, পদ্মৰাগ, জয়ন্তজিৎ, নিয়ৰ শইকীয়া, ইভলিনা, অভিজিৎ ৰায়ে । ইয়াৰ লগতে দুটা বিশেষ চৰিত্ৰৰ বাবে নিৰ্বাচন কৰা হৈছে শিল্পী হেলিনা আৰু ইউৰোপৰ এগৰাকী শিল্পী চফিয়াক । ছবিখনৰ সংগীতৰ কাম কৰিব তৰালি শৰ্মাই । চলিত বৰ্ষৰ অক্টোবৰ মাহৰ পৰা ছবিখনৰ শ্বুটিঙৰ কাম আৰম্ভ হ'ব । সোমবাৰৰ এই বিশেষ অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট অভিনেতা কুলদা কুমাৰ ভট্টাচাৰ্য, প্ৰাঞ্জল শইকীয়া, জ্যোতি চিত্ৰবনৰ অধ্যক্ষ বিদ্যাসাগৰ, পৰিচালক মঞ্জু বৰা, প্ৰযোজক ড৹ সঞ্জীৱ নাৰায়ণকে ধৰি বহু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : ওপজা দিনত সশ্ৰদ্ধাৰে স্মৰণ ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাক - Birth anniversary of Jyoti Prasad

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.