যোৰহাট, ২৭ ফেব্ৰুৱাৰী: যোৰহাট আৰক্ষী অধীক্ষকৰ কাৰ্যালয় পৰা ৫০ মিটাৰ দূৰত্বত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড । দিনৰ পোহৰতেই যোৰহাটত সংঘটিত হৈছে দুটাকৈ চাঞ্চল্যকৰ ডকাইতিৰ ঘটনা । যোৰহাট বাহফলাৰ ভূপেন পেগু নামৰ এজন ব্যক্তিয়ে যোৰহাট এছ বি আই মুখ্যকাৰ্যালয় পৰা ২ লাখ ১০ হাজাৰ টকা উলিয়াই আনি জিলা অধীক্ষক কাৰ্যালয় সন্মুখৰ ওচৰৰে এক স্থানত উপস্থিত হয় । পূৰ্বৰ পৰাই নিৰীক্ষণ কৰি থকা দুজন যুৱকে লোকজনক বাইকৰ ওচৰত পইচা পৰি আছে বুলি কয় ।
- " class="align-text-top noRightClick twitterSection" data="">
এই যুৱক দুজনৰ কথা মতে লোকজনে তেওঁৰ পইচা নহয় বুলি কয় আৰু অন্য ব্যক্তিৰ পইচা হ'ব পাৰে বুলি ভাবি পেগুৱে পইচাখিনি বুটলি ওচৰেই দোকানত দিবলৈ যায় । তেওঁৰ হাতত থকা টকাভৰ্তি বেগটো বাইকখনতে ওলোমাই থৈ যায় । সেই সময়তে সুযোগ বিচাৰি থকা দুই যুৱকে পেগুৰ পইচাভৰ্তি বেগটো লৈ উধাও হয় । এই সম্পৰ্কে ভুক্তভোগী পেগুৱে আৰক্ষীক অৱগত কৰে আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় । ইতিমধ্যে লোকজনে ডকাইতিৰ ঘটনা সম্পৰ্কে যোৰহাট সদৰ থানাত এখন এজাহাৰ দাখিল কৰে ।
এক অনুৰূপ ঘটনা সংঘটিত হৈছে যোৰহাট নগৰ ৰহমান ৰোড এখন হোটেলত । মাজুলীৰ এজন ব্যৱসায়ীয়ে নগৰৰ এক প্ৰতিষ্ঠানত নিজা দোকানৰ বাবে প্ৰয়োজনীয় খাদ্য সামগ্ৰী ক্ৰয় কৰি আহাৰ গ্ৰহণৰ বাবে উপস্থিত হয় । পূৰ্বৰ পৰাই অনুসন্ধান কৰি থকা দুজন যুৱকে লোকজনৰ গাত গম নোপোৱাকৈ খজুতিৰ দৰৱ ছটিয়াই দিয়ে । ফলত খজুতিত অতিষ্ঠ হৈ লোকজনে টকাভৰ্তি বেগটো হোটেলৰ টেবুলত থৈ হাত ধুবলৈ যায় । এই সুযোগতে দুই যুৱকে নগদ ১১ হাজাৰ টকা লৈ উধাও হয় । এই দুয়োটা ডকাইতিৰ ঘটনাত একেকেই়জন যুৱক জড়িত আছিল বুলি চি চি টিভি ফুটেজ চাই চিনাক্ত কৰে ভুপেন পেগুৱে ।
লগতে পঢ়ক:এখন হালধীয়া স্কুটী আৰু এহাল ছদ্মবেশী পুৰুষ-মহিলা, প্ৰৱঞ্চনাৰ এক কাহিনী