ETV Bharat / state

ৰঙালীৰ ৰঙীণ সময়ৰ মাজতে শোকাৱহ পথ দুৰ্ঘটনা - Road accident - ROAD ACCIDENT

Road accidents : ৰঙালীৰ আনন্দৰ মাজতে সংঘটিত হয় কেইবাটাও পথ দুৰ্ঘটনা । ডিমা হাছাওত পথ দুৰ্ঘটনাৰ প্ৰাণ হেৰুৱালে দুজনে । আনহাতে কলিয়াবৰৰ শিলঘাটত পথৰ ওপৰৰ পৰা বাগৰি ব্ৰহ্মপুত্ৰত পৰিল বাহন । আহত এজন ।

Two road accidents took place amidst Bihu celebrations in Assam
ৰঙালীৰ আনন্দৰ মাজতে সংঘটিত
author img

By ETV Bharat Assamese Team

Published : Apr 14, 2024, 2:19 PM IST

কলিয়াবৰত পথ দুৰ্ঘটনা

হাফলং/কলিয়াবৰ,১৪ এপ্ৰিল: বিহুৰ আনন্দ উল্লাসৰ মাজতে ৰাজ্যৰ কেইবাটাও প্ৰান্তত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা । গৰু বিহুৰ দিনাই ভয়ংকৰ পথ দুৰ্ঘটনাত দুজনে প্ৰাণ হেৰুৱালে ডিমা হাছাও জিলাত । দুৰ্ঘটনটো সংঘটিত হয় ডিমা হাছাও জিলাৰ দিয়ুংমুখ আৰক্ষী থানাৰ অন্তৰ্গত ৰেঞ্জাৰবিল এলেকাত ।

অসমীয়া বছৰৰ শেষ দিন অৰ্থাৎ বিহুৰ দিনাই এই ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু হয় দুয়োগৰাকী লোকৰ । জানিব পৰা মতে শনিবাৰে বিয়লিৰ ভাগত উমৰাংচো আৰু দিয়ুংমুখৰ মাজতে দুয়োগৰাকী ব্যক্তি মটৰ চাইকেল তীব্ৰ বেগত চলাই যোৱাৰ সময়তে পথৰ কাষত থকা এজোপা গছত খুন্দা মাৰি মটৰ চাইকেলৰ পৰা বাগৰি পৰে দুই ব্যক্তি ফলত থিতাতে নিহত হয় দুয়োগৰাকী ব্যক্তি ।

দুৰ্ঘটনাৰ খবৰ পাই দিয়ুংমুখ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত ব্যক্তি দুগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি দিয়ুংমুখ আৰক্ষী থানাত লৈ যোৱা হয় । উল্লেখযোগ্য ডিমা হাছাও জিলাত যোৱা কিছুদিনৰ পৰা ব্যাপক হাৰত দুৰ্ঘটনা বৃদ্ধি পাইছে । আৰক্ষীৰ সূত্ৰ অনুসৰি ডিমা হাছাও জিলাত ২০২৪ চনৰ জানুৱাৰী মাহৰ পৰা এপ্ৰিল মাহলৈকে পথ দুৰ্ঘটনাত ১৩ জন লোকৰ মৃত্যু হোৱাৰ উপৰি ১২ গৰাকী ব্যক্তি গুৰুতৰভাৱে আহত হয় ।

Two road accidents took place amidst Bihu celebrations in Assam
ডিমা হাছাওত পথ দুৰ্ঘটনা

ইফালে কলিয়াবৰৰ ত্ৰিশূলধাৰীতো সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । পথৰ ওপৰৰ পৰা বাগৰি ব্ৰহ্মপুত্ৰত পৰিল মহিন্দ্ৰা জাইল' বাহন । দুৰ্ঘটনাত গুৰুত্বৰভাৱে আহত এজন । আহত লোকজন কলিয়াবৰৰ সঞ্জীৱ নাথ বুলি জানিব পৰা গৈছে । দুৰ্ঘটনাগ্ৰস্থ বাহনৰ নম্বৰ AS 04 Q 3115 । ব্ৰহ্মপুত্ৰৰ জলৰাশিৰ পৰা মাত্ৰ কেইফুটমান দূৰত্বত গৈ বাহনখন বাগৰি পৰে ।

গৰু বিহুৰ দিনাই লুইতপৰীয়া ত্ৰিশূলধাৰী মন্দিৰৰ নিচেই কাষতে গাড়ীখন পিছলৈ নিওতেই পথৰ পৰা বাগৰি পৰে বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিবলৈ দিয়ে । ঘটনাস্থলীত শিলঘাট আৰক্ষী উপস্থিত হৈ জখলাবন্ধাৰ কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়লৈ আহত যুৱকজনক প্ৰেৰণ কৰে । ইতিমধ্যে শিলঘাটৰ সমীপৰ ত্ৰিশূলধাৰী অঞ্চলটোত প্ৰশাসনে আজিৰে পৰা ১৪৪ ধাৰা বলৱৎ কৰিছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: দুৰ্ঘটনাত পতিত অৰুণাচলৰ বিধায়ক নিনং এৰিং - Ninong Ering Car Accident

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.