ETV Bharat / state

কথাশিল্পী ইমৰান শ্বাহক ডি লিট প্ৰদান ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ - D Litt to Imran Shah - D LITT TO IMRAN SHAH

Imran Shah receives D Litt : কথাশিল্পী ইমৰান শ্বাহক প্ৰদান কৰা হৈছে ডি লিট্ উপাধি ৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ে প্ৰদান কৰে এই সন্মানীয় উপাধি ৷

Imran Shah receives D Litt
কথাশিল্পী ইমৰান শ্বাহক ডি লিট প্ৰদান ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 3:58 PM IST

কথাশিল্পী ইমৰান শ্বাহক ডি লিট প্ৰদান ডিব্ৰুগড় বিশ্ববিদ্য়ালয়ৰ (ETV Bharat Assam)

শিৱসাগৰ, 11 মে’ : অসমীয়া সাহিত্যৰ অন্যতম কাণ্ডাৰী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, কথাশিল্পী ইমৰান শ্বাহক প্ৰদান কৰা হৈছে সন্মানীয় ডি লিট্ উপাধি । শনিবাৰে ইমৰাণ শ্বাহৰ বাসগৃহত ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আয়োজন কৰা এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাহিত্যিকগৰাকীক এই সন্মান প্ৰদান কৰা হয় ।

উল্লেখ্য যে যোৱা ১০ মাৰ্চত বিশ্ববিদ্যালয়ৰ দ্বাবিংশতিতম দীক্ষান্ত সমাৰোহত ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য গুলাব চান্দ কাটাৰিয়াই ইমৰান শ্বাহক উক্ত সন্মান প্ৰদান কৰা কথা আছিল ৷ কিন্তু স্বাস্থ্যজনিত কাৰণত কথাশিল্পীগৰাকী উক্ত সমাৰোহত উপস্থিত থাকিব নোৱৰাৰ বাবে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষই আজি তেখেতৰ বাসগৃহলৈ আহি এই সন্মান প্ৰদান কৰে ।

উক্ত সন্মানীয় ডিগ্ৰী গ্ৰহণ কৰি পদ্মশ্ৰী ইমৰান শ্বাহে ডিব্ৰুগড় বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ প্ৰতি ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰে । তেওঁ কয় যে অসমীয়া সাহিত্যৰ ভাল দিন আহি আছে । আমাৰ সাহিত্য এতিয়া আমেৰিকাতো অপৰিচিত নহয় । পূৰ্বতে সাহিত্য চৰ্চা এটা জটিল বিষয় আছিল, কিন্তু বৰ্তমান এই জটিলতা ক্ৰমাৎ কমি আহিছে ।

উল্লেখ্য যে বঁটা প্ৰদান অনুষ্ঠানটোত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক দেৱ চক্ৰৱৰ্তী, বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড৹ পৰমানন্দ সোণোৱাল, বিশ্ববিদ্যালয়ৰ শৈক্ষিক উপ-পঞ্জীয়ক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী প্ৰহ্লাদ তাচা, বিশিষ্ট চিন্তাবিদ ড৹ জগদীশ পাটগিৰি আদি উপস্থিত থাকে ।

গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটো আঁত ধৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ড৹ জ্যোতিপ্ৰসাদ শইকীয়াই । বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ জীতেন হাজৰিকাই শ্বাহক তেওঁৰ এই বিশেষ প্ৰাপ্তিত টেলিফোনিকভাৱে অভিনন্দন জনায় । অনুষ্ঠানত শিৱসাগৰ জিলাৰ কুৰিটাতকৈ অধিক দল-সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে আৰু শ্বাহক অভিনন্দন জ্ঞাপন কৰে ।

অনুষ্ঠানৰ শেষত ইমৰান শ্বাহৰ পৰিয়ালৰ হৈ ইমানু শ্বাহে উপস্থিত সকলোলৈ শলাগৰ শৰাই আগবঢ়ায় ।

লগতে পঢ়ক: বৃক্ষ মানৱ বকুল গগৈক প্ৰণৱ সিংহ স্মাৰক বঁটা প্ৰদান

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.