গোলাঘাট: নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যৰ আলিচিগা অঞ্চলত আগমন ঘটিছে দুষ্প্ৰাপ্য অসমীয়া প্ৰজাতিৰ বান্দৰৰ । পূৰ্বে মানুহৰ চকুত নপৰা এইবিধ প্ৰজাতিৰ বান্দৰ এতিয়া বনাঞ্চলৰ মাজেৰে যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে দেখিবলৈ পোৱা গৈছে ৷ এই পথটোৰে যাতায়ত কৰা লোকসকলে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰি আহিছে এই দুষ্প্ৰাপ্য অসমীয়া প্ৰজাতিৰ বান্দৰবিধক ।
এই সম্পৰ্কে গোলাঘাটৰ বিশিষ্ট প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামীয়ে কয়, "নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত সোণালী বান্দৰৰ বাহিৰে প্ৰায় সকলো প্ৰজাতিৰ বান্দৰ আছে । কিন্তু এই দুষ্প্ৰাপ্য অসমীয়া প্ৰজাতিৰ বান্দৰ কিবা কাৰণত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষলৈ ওলাই আহিছে । এই পথেৰে অহা-যোৱা কৰা লোকে বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী যোগান ধৰাত বৰ্তমান খোৱাৰ আশাত পথৰ দাঁতিতেই আছে । এই বান্দৰবিধ দুষ্প্ৰাপ্য আৰু হাবিত এই বান্দৰ বিধৰ ফটো তোলা বহুতো অসুবিধা । কিন্তু ঘাইপথৰ দাঁতিত এই বান্দৰবিধৰ সুন্দৰকৈ ফটো তুলিব পাৰি আৰু ব্যৱহাৰ, কথা-বতৰা সকলো চাব পাৰি, বুজিব পাৰি ।"
অসমীয়া প্ৰজাতিৰ বান্দৰবিধক খাদ্য সামগ্ৰী যোগান ধৰিব নালাগে কিয় ?
প্ৰকৃতিপ্ৰেমীগৰাকীয়ে কয়, "উক্ত অঞ্চলত এই বান্দৰবিধক খাদ্য সামগ্ৰী যোগান ধৰা বেয়া কথা । বন্যপ্ৰাণীক তেওঁলোকৰ পৰিবেশৰ মাজত বসবাস কৰিব দিব লাগে । ইয়াৰ উপৰি এই দুষ্প্ৰাপ্য বান্দৰবিধ হোলোংপাৰা গিবন অভয়াৰণ্যৰ লগতে গোৱালপাৰা জিলাৰ টুক্ৰেশ্বৰ মন্দিৰত এটা অসমীয়া প্ৰজাতি বান্দৰৰ বৃহৎ জাক দেখিবলৈ পোৱা যায় । উক্ত মন্দিৰত পুজাৰী আৰু ভক্তসকলে আগবঢ়োৱা প্ৰসাদ খাবলৈ পাহাৰ বগাই যায় আৰু ফল-মূল খাই তাতে বসবাস কৰি আহিছে ।"
আনহাতে, নামবৰ দৈগ্ৰোং বন্যপ্ৰাণী অভয়াৰণ্যত এই দুষ্প্ৰাপ্য অসমীয়া প্ৰজাতিৰ বান্দৰবিধ যুগ যুগ ধৰি বসবাস কৰি আহিছে বুলি প্ৰকৃতিপ্ৰেমী অৰূপ বল্লভ গোস্বামীয়ে কয় ।