ETV Bharat / state

আজমলক আশাহত কৰাৰ লগতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ আখ্যান মেলি অসম এৰিলে ৰাহুলে

author img

By ETV Bharat Assamese Team

Published : Jan 25, 2024, 1:39 PM IST

Updated : Jan 25, 2024, 3:05 PM IST

Rahul Gandhi Slams AIUDF : পশ্চিম বংগত প্ৰৱেশৰ পূৰ্বে ৰাহুল গান্ধীয়ে অসমৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ দুটাকৈ বিস্ফোৰক মন্তব্য ৷ তেওঁ ক’লে, ‘‘আজমল ৰাজ্যত বিজেপিৰ বি টিমৰ মুৰব্বী ৷ হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী’’ ।

rahul said bjp and aiudf are two backs of the same coin
আজমলৰে মিত্ৰতাৰ দুৱাৰ বন্ধ কৰি অসমৰ এৰিলে ৰাহুলে

গুৱাহাটী, 25 জানুৱাৰী : অসমত 8 দিনীয়া ভাৰত জোড়ো ন্যায় যাত্ৰা সামৰি বৃহস্পতিবাৰে পশ্চিম বংগত প্ৰৱেশ কৰে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে ৷ পশ্চিম বংগত প্ৰৱেশ কৰাৰ পূৰ্বে কংগ্ৰেছৰ সাংসদ ৰাহুল গান্ধীয়ে অসমৰ ৰাজনীতিৰ বাবে গুৰুত্বপূৰ্ণ দুটাকৈ বিস্ফোৰণ ঘটাই থৈ গ’ল ৷

অসমত ৰাহুল গান্ধীৰ 8 দিনীয়া ন্যায় যাত্ৰাটোত ৰাজনৈতিকভাৱে প্ৰতিটো দিনেই আছিল ঘটনা বহুল ৷ প্ৰতিটো দিনতেই পদে পদে ৰাহুলে অতিক্ৰম কৰিবলগীয়া হৈছিল বাধাৰ । কিন্তু আটাইতকৈ লক্ষ্য কৰিবলগীয়া গুৰুত্বপূৰ্ণ বিষয়টো আছিল ৰাহুল গান্ধী আৰু অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মাজত হোৱা বাকযুদ্ধ ।

তাৰ মাজতে আজি অসম এৰি পশ্চিম বংগলৈ যোৱাৰ পূৰ্বেও ৱায়ানাদৰ সাংসদগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰী শৰ্মা আৰু বিজেপিক পুনৰবাৰ ক্ষুৰধাৰ সমালোচনাৰ লক্ষ্য কৰি লয় । ধুবুৰীত জনসাধাৰণৰ প্ৰতি নিজৰ ভাষণ আগবঢ়াই ৰাহুল গান্ধীয়ে অসমত প্ৰচলিত অবাধ দুৰ্নীতিৰ বাবে অসমৰ মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে । তেওঁ পুনৰ এবাৰ উল্লেখ কৰি গ’ল যে, হিমন্ত বিশ্ব শৰ্মা ভাৰতৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী ।

লগতে এ আই ইউ ডি এফৰ সভাপতি তথা ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ সমষ্টি ধুবুৰীতে ৰাহুল গান্ধীয়ে আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে মিত্ৰতাৰ সকলো দুৱাৰ বন্ধ কৰি থৈ গ’ল ৷ ‘‘আজমল ৰাজ্যত বিজেপিৰ বি টিমৰ মুৰব্বী’’ - ৰাহুল গান্ধীয়ে ধুবুৰীৰ সাংসদগৰাকীক ৰাজহুৱাকৈ কটাক্ষ কৰি গ‘ল এইদৰে ৷

কংগ্ৰেছৰ যুৱৰাজ ৰাহুলে সাংসদ আজমলক সমালোচনা কৰি কয় যে আজমলৰ দল বিজেপিৰ বি টিম । তেওঁ লগতে অসমবাসীক উদ্দেশ্যি কয়, ‘‘এ আই ইউ ডি এফক ভোট দিয়া বা সমৰ্থন কৰাৰ অৰ্থ হ’ব বিজেপিক সমৰ্থন কৰা’’ । লগতে তেওঁ স্পষ্ট কৰি দিয়ে যে এ আই ইউ ডি এফ বা বিজেপিৰ সৈতে কংগ্ৰেছৰ কোনো সম্পৰ্ক নাই ৷ কাৰণ বিজেপি আৰু এ আই ইউ ডি এফ একেটা মুদ্ৰাৰ দুটা পিঠি ।

ৰাহুল গান্ধীৰ আজমলৰ প্ৰতি অভিযোগ, ‘‘আজমলে অসমৰ মুখ্যমন্ত্রীয়ে বিচৰা কামহে কৰে ৷ আগন্তুক দিনত কোনো আপোচ নহ’ব, বিজেপিৰ সৈতেও নহয়, আজমলৰ সৈতেও নহয়’’ । কংগ্ৰেছৰ যুৱৰাজগৰাকীয়ে ধুবুৰীত আগবঢ়োৱা মন্তব্যৰ পৰা এইটো স্পষ্ট হৈ পৰিল যে আগন্তুক ‘24 ৰ লোকসভা নিৰ্বাচনৰ বাবে এ আই ইউ ডি এফৰ বা আজমলৰ I.N.D.I.A.ত যোগদান কৰাৰ সকলো সম্ভাৱনাই ধূলিস্যাৎ হ’ল ।

উল্লেখ্য যে, কংগ্ৰেছে বাৰম্বাৰ প্ৰত্যাখানৰ পিছতো কেইবাবাৰো এ আই ইউ ডি এফৰ মুৰব্বীগৰাকীয়ে বিজেপিক পুনৰ ক্ষমতালৈ অহাত বাধা দিয়াৰ স্বাৰ্থতে বিৰোধী মিত্ৰজোঁটত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰি আহিছে ৷ আনহাতে, অসম এৰাৰ আগতে ৰাহুল গান্ধীয়ে ৰাইজক কয় যে, ৰাজ্যৰ মানুহে ব্যৱহাৰ আৰু খোৱা সকলো বস্তুতে অসমৰ মুখ্যমন্ত্ৰীৰ লাভৰ অংশ আছে ।

আনকি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ভ্ৰমণ কৰিলেও মুখ্যমন্ত্ৰী শৰ্মাৰ উপকৃত হয় ৷ কিয়নো তেওঁ তাত ৰিজৰ্ট নিৰ্মাণ কৰিছে । তেওঁ লগতে কয়, ‘‘যেতিয়া ৰাইজে ৰাতিপুৱাই উঠি চাহ খায় আৰু ঠিক দিনটোৰ শেষত যেতিয়া ৰাইজে এখন পাণ খায় এই সকলোতে মুখ্যমন্ত্ৰী শৰ্মাৰ অংশীদাৰিত্ব থাকে । আনকি মানুহে চোৱা টেলিভিছন চেনেল আৰু ৰাইজে পঢ়া বাতৰি কাকততো তেওঁৰ অংশীদাৰিত্ব আছে’’ ৷

লগতে মুখ্যমন্ত্ৰীৰ ব্যাপক আৰ্থিক আক্ৰোশৰ কথা উল্লেখ কৰে । সৰ্বশেষত ৰাহুলে কৈ গ’ল যে মুখ্যমন্ত্ৰী শৰ্মাৰ অধীনত ৰাজ্যখনত প্ৰচলিত অবাধ আৰু অবাধ দুৰ্নীতিৰ বাবে অসমত প্ৰচলিত অন্যায়ৰ বিৰুদ্ধেই এই ন্যায় যাত্ৰা ।

গান্ধীয়ে অসমৰ শেষ প্ৰান্তৰৰ এই মন্তব্যই এটা কথা স্পষ্ট কৰিলে যে আগন্তুক লোকসভা নিৰ্বাচনত হয়তো মুখ্যমন্ত্ৰী আৰু তেঁওৰ পৰিয়ালৰ সম্পত্তি আৰু উঠি অহা দুৰ্নীতিৰ অভিযোগবোৰকেই অসমত এক অন্যতম মুখ্য নিৰ্বাচনী ইছ্যু হিচাপে গ্ৰহণ কৰিব ৷

লগতে পঢ়ক : ভাৰত জোড়ো ন্যায় যাত্ৰাত গুৱাহাটীত আইন ভংগ: চি আই ডিয়ে কৰিব তদন্ত

Last Updated : Jan 25, 2024, 3:05 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.