ETV Bharat / state

ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত উত্তাল প্ৰতিবাদ - Rabha Hasong Autonomous State - RABHA HASONG AUTONOMOUS STATE

Protest in Goalpara : গোৱালপাৰাত ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত অৱস্থান ধৰ্মঘট ৷ পাঁচ দফীয়া দাবীৰ শ্ল’গানেৰে উত্তাল জিলা আয়ুক্তৰ কাৰ্যালয় চৌহদ । মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ ৷

Protest in Goalpara
ৰাভা হাচং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত উত্তাল প্ৰতিবাদ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 10:07 PM IST

গোৱালপাৰা, ৩১ আগষ্ট : ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত শনিবাৰে গোৱালপাৰা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰাভা জাতীয় যুৱ পৰিষদৰ উদ্যোগত ৰূপায়ন কৰা হয় অৱস্থান ধৰ্মঘট কাৰ্যসূচী । ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷

ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য গঠনৰ দাবীত উত্তাল প্ৰতিবাদ (ETV Bharat Assam)

আমাৰ অধিকাৰ আমাক লাগিবই, আমাৰ দাবী ন্যায্য দাবী, আমাৰ দাবী মানি লওক, ৰাভা যুৱ পৰিষদ জিন্দাবাদ, ৰাভা জাতি খেঙেই তোঙখান, ৰাভাসকলক স্বায়ত্বশাসিত ৰাজ্য লাগিবই আদি শ্লোগানেৰে উত্তাল কৰি ৰাজপথ ৷ ৰাভা জাতীয় যুৱ পৰিষদৰ সভাপতি ৰত্নেশ্বৰ ৰাভাই কয়, ‘‘আমি ভাৰতীয় সংবিধানখন প্ৰতিজন নাগৰিকে পালন কৰি আহিছো । এই সংবিধানৰ গণ্ডিত থকা প্ৰতিটো অনুচ্ছেদ আমি জাতি ধৰ্ম নিৰ্বিশেষে মানি আহিছো । সংবিধানৰ ২৪৪ (ক) ধাৰা অনুসৰি জনজাতীয় লোকসকলক অসম ৰাজ্যৰ ভিতৰতে ‘ৰাভা হাছং স্বায়ত্বশাসিত ৰাজ্য’ গঠনৰ কথা উল্লেখ আছে । সেয়ে আমি ৰাভা জনজাতীয় লোকসকলৰ ভৱিষ্যৎ সুৰক্ষিত কৰাৰ কাৰণে চৰকাৰে আমাক ৰাভা হাচং স্বায়ত্বশাসিত ৰাজ্য গঠন দিব লাগে ৷’’

পাঁচদফীয়া দাবীৰে জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয় ৷ স্মাৰকপত্ৰখনত উল্লেখ আছে-

১. ঐতিহাসিক ৰাভা ৰাজ্যসমূহৰ ভূমিপুত্ৰ, খিলঞ্জীয়া অধ্যুষিত অঞ্চল আৰু জনজাতিৰ বাবে সংৰক্ষিত বিধানসভা সমষ্টি- বকো, দুধনৈ আৰু পশ্চিম গোৱালপাৰা সমষ্টি সামৰি ভাৰতীয় সংবিধানৰ Article 244 (A)-ৰ ভিত্তিত ২৭৫ নং অনুচ্ছেদৰ উপ-অনুচ্ছেদ (১ক) সংলগ্ন ৰাভা হাছং ৰাজ্যৰ ভিতৰত স্বায়ত্বশাসিত ৰাজ্য অসমৰ ভিতৰতে গঠন কৰক ।

২. জনজাতিৰ বাবে সংৰক্ষিত অসম বিধানসভাৰ সমষ্টি- বকো, দুধনৈ আৰু পশ্চিম গোৱালপাৰা সামৰি এটি ‘বগাই-দ'দান’ নামেৰে লোকসভা সমষ্টি গঠন কৰক ।

৩. শালিধানৰ কৃষিভূমি, দলনি, জলাশয়, বিল, পিটনি আদিত মাটি পেলাই ঘৰ বন্ধাৰ বাবে গুৱাহাটী আজি কৃত্ৰিম বানৰ কবলত । সেয়ে, উল্লেখিত শ্ৰেণীৰ ভূমিসমূহ যাতে পৰিবৰ্তন কৰিব নোৱাৰে তাৰ বাবে এক বিশেষ আইন বলবৎ কৰক ৷

৪. অনুসূচীত জনজাতি আৰু পৰম্পৰা বন নিবাসীসকলক বিশেষ জৰীপৰ জৰিয়তে সৰলীকৃতভাৱে ২০০৬-ৰ আইন অনুসাৰে ভূমি পট্টা দিয়াৰ ব্যৱস্থা কৰক ।

৫. ৰাভা হাছং পৰিষদৰ বাহিৰে ৰাভা অধ্যুষিত এলেকাত ৰাভা উন্নয়ন পৰিষদ গঠন কৰক ।

লগতে পঢ়ক : চৰকাৰী প্ৰতিশ্ৰুতি পূৰণৰ দাবীত নলবাৰীত উত্তাল জিলা আয়ুক্তৰ কাৰ্যালয়

স্মাৰ্ট মিটাৰৰ পৰা পৰিত্ৰাণ পাবলৈ ঘোষা গাই জনালে সেৱা

জনজাতিকৰণৰ দাবীত দিল্লীত প্ৰতিবাদত বহিব আহোম জনগোষ্ঠীয় সংগঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.