ETV Bharat / state

চৰকাৰলৈ অপেক্ষা নকৰি ৰাইজ ওলাই আহিল আই নৈৰ ভয়াৱহ খহনীয়া প্ৰতিৰোধ কৰিবলৈ - Aie Rivererosion in Chirang

Aie River erosion: আই নৈৰ খহনীয়া অব্য়াহত । বিঘাই বিঘাই ভূমি জাহ গৈছে নৈৰ বুকুত । ওদালগুৰি প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়লৈ কঢ়িয়াই আনিছে ভাবুকি ।

author img

By ETV Bharat Assamese Team

Published : Jul 7, 2024, 7:02 PM IST

Aie River erosion
আই নৈৰ খহনীয়া অব্য়াহত (ETV BHARAT ASSAM)

চিৰাং, ৭ জুলাই: চিৰাং জিলাৰ ওদালগুৰিত আই নৈৰ ভয়াৱহ খহনীয়া অব্য়াহত । বিগত সময়ত এই নৈখনৰ খহনীয়া প্ৰতিৰোধৰ বাবে নৈপৰীয়া হাজাৰ হাজাৰ ৰাইজে দাবী জনাই আহিছে যদিও এইক্ষেত্ৰত জনপ্ৰতিনিধি তথা বিয়াগোম জলসম্পদ বিভাগে কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই । খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষুব্ধ ৰাইজে দেওবাৰে বাঁহৰ পাৰ্কুপাইনেৰে খহনীয়া প্ৰতিৰোধৰ চেষ্টা চলালে ।

চিৰাঙৰ ওদালগুৰিত বিগত কেইবামাহ ধৰি আই নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ লৈছে । নৈখনৰ এই ভয়ংকৰ খহনীয়া প্ৰতিৰোধৰ বাবে দেওবাৰে ৰাইজ ওলাই আহি হাতে কামে লাগে । চৰকাৰৰ কামৰ আশা এৰি এইদৰেই ৰাইজ ওলাই আহিবলগীয়া হৈছে । প্ৰত্যেক বছৰেই বানপানী আৰু খহনীয়াত অঞ্চলটো ব্যাপক ক্ষতিৰ সন্মুখীন হৈ আহিছে যদিও চৰকাৰে ইয়াৰ প্ৰতিৰোধৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

এই খহনীয়াত বিঘাই বিঘাই ভূমি নিমিষতে জাহ গৈছে আই নৈৰ বুকুত । শংকিত ৰাইজে আজি নিজৰ গাঁওখন ৰক্ষাৰ বাবে হাতে হাতে দা-খুকুৰী, বাঁহ, তাঁৰ লৈ ওলাল । আই নৈৰ সোঁত ৰাইজে এই বাঁহেৰে ৰোধ কৰিব পাৰিব নে তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে । দৰিদ্ৰ কৃষিজীৱী ৰাইজৰ চেষ্টা এয়া । য’ত চৰকাৰে পিঠি দিয়ে তাত ৰাইজে নিজেই নিজৰ সম্পত্তি সুৰক্ষাৰ বাবে ওলাই আহিবলগীয়া হয় । বৃহত্তৰ অঞ্চলটোৰ শিক্ষানুষ্ঠান ওদালগুৰি প্ৰাথমিক আৰু মধ্য ইংৰাজী বিদ্যালয়দুখনো নৈৰ খহনীয়াত জাহ যোৱাৰ উপক্ৰম হৈছে । তাৰ পিচতো যেন চৰকাৰৰ গুৰুত্ব নাই ।

লগতে পঢ়ক:বেকীৰ গৰাখহনীয়াই ভাবুকি কঢ়িয়াইছে বিকল্প ৰাজ্যিক ঘাইপথলৈ - Beki river erosion in Kalgachia

উল্লেখ্য় যে ভূটানৰ পাদদেশ হিচাপে পৰিচিত চিৰাঙত পূৰ্বৰ তুলনাত বৰষুণৰ মাত্ৰা অধিক হোৱাত ফেনে-ফোটোকাৰে বাঢ়ি আহিছে নদীসমূহৰ বুকু ৷ জিলাখনৰ মাজেৰে বৈ যোৱা খৰস্ৰোতা আই নৈৰ বাঢ়নী পানীয়ে খহাইছে হেজাৰ হেজাৰ বিঘা কৃষিভূমি ৷ এইবাৰো একেই অৱস্থা হৈছে চিৰাঙত ৷ এই সমস্যা দিনক দিনে বৃদ্ধি হোৱাৰ পিছতো প্ৰতিৰোধৰ ক্ষেত্ৰত কোনো ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে ।

লগতে পঢ়ক:জন্তুৰ পৰা শিক্ষা ল'বলৈ কাক আহ্বান জনালে ৰকিবুল হুছেইন ? - Erosion in Assam

উজনি-নামনি সকলোতে প্ৰকৃতিৰ ধ্বংসলীলা - Assam Flood 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.