ETV Bharat / state

জৰিমনা ৰেহাই দিয়াৰ সিদ্ধান্ত কেবিনেটৰ; সাধাৰণ ৰাইজে পিচে কি কয় ? - Assam Cabinet Decision

Assam Cabinet Decision: অসম চৰকাৰে বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ জৰিমনা ৰেহাইৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে । কিন্তু বৰ্তমানৰ ৰাজ্য চৰকাৰে বিগত তিনিটা বছৰ অতিক্ৰম কৰাৰ পিচত জৰিমনাৰ নামত হাৰাশাস্তিৰ সন্মুখীন হৈ অহা সাধাৰণ লোকৰ কথা হঠাৎ কিয় মনত পৰিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ? কি কয় চালক তথা সাধাৰণ ৰাইজে ? এই সন্দৰ্ভত ইটিভি ভাৰতৰ এক বিশেষ প্ৰতিবেদন ।

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 9:32 PM IST

Assam Cabinet Decision
জৰিমনা ৰেহাইক লৈ কেবিনেটৰ সিদ্ধান্ত:সাধাৰণ ৰাইজৰ প্ৰতিক্ৰিয়া (ETV Bharat)

নগাঁও, ২৮ জুন: ৰাজপথত বাহন চলাওঁতে আপুনি নিশ্চয় আৰক্ষীৰ তালাচীৰ সন্মুখীন হৈছে ৷ হেলমেট পৰিধান নকৰা, কাগজ-পাতি সঠিকভাৱে নৰখা আদি বিভিন্ন কাৰণৰত হয়তো জৰিমণাও ভৰিছে ৷ বহুবাৰ আৰক্ষীৰ সৈতে কথাৰ কটা-কটিও হৈছে ৷ কিন্তু এতিয়া এই অস্বস্তিকৰ পৰিস্থিৰ পৰা আপুনি কিছু হ’লেও সকাহ পাব ৷ কাৰণ অসম চৰকাৰে বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট বৈঠকত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ জৰিমনা ৰেহাইৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

লক্ষণীয়ভাৱে দীৰ্ঘদিনৰ পৰাই জৰিমনাৰ নামত একপ্ৰকাৰ হাৰাশাস্তিৰ সন্মুখীন হৈ আহিছে ৰাজ্যৰ দুচকীয়া আৰু তিনিচকীয়া বাহনৰ চালকৰ লগতে বাহনৰ গৰাকীসকল । বিশেষকৈ ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পাচৰ পৰাই যান-বাহন আইন উলংঘনকাৰীৰ বিৰুদ্ধে কঠোৰ হোৱাৰ নামত সংগ্ৰহ কৰা জৰিমনাই সাধাৰণ চালকক সমস্যাৰ সন্মুখীন কৰি অহা বুলিও বহুতে অভিযোগ কৰি আহিছে ।

কিন্তু ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিচতেই অৰ্থাৎ হ'বলগীয়া পঞ্চায়ত আৰু ২০২৬ চনৰ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বেই যেন হঠাৎ সাধাৰণ চালকলৈ দৰদ উপজিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ । বৃহস্পতিবাৰে নলবাৰীত অনুষ্ঠিত হোৱা ৰাজ্য চৰকাৰৰ কেবিনেটে গ্ৰহণ কৰা সিদ্ধান্তসমূহৰ ভিতৰত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ জৰিমনাৰ ক্ষেত্ৰত গ্ৰহণ কৰা শিথিলতাই অন্যতম গুৰুত্বপূৰ্ণ সিদ্ধান্ত হিচাপে বিবেচিত হৈছে ।

কিন্তু ৰাজ্য চৰকাৰৰ কেবিনেটত গ্ৰহণ কৰা এই সিদ্ধান্তৰ পিচত কিদৰে চর্চা আৰম্ভ হৈছে সাধাৰণ জনতাৰ মাজত ? এই বিষয়ে জনাৰ পূৰ্বে প্ৰথমে জানি লওঁ আহক কি ক্ষেত্ৰত শিথিল কৰা হৈছে জৰিমনা ?

জৰিমনা ৰেহাইৰ ক্ষেত্ৰত কি সিদ্ধান্ত কেবিনেটৰ :

বৃহস্পতিবাৰে নলবাৰী জিলাত অনুষ্ঠিত হোৱা মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কেবিনেট সিদ্ধান্ত অনুযায়ী ৰাজ্যৰ দুচকীয়া আৰু তিনিচকীয়া বাহনৰ জৰিমনাৰ ক্ষেত্ৰত কৰা হৈছে কিছু শিথিলতা । কেবিনেটৰ সিদ্ধান্ত অনুযায়ী দুচকীয়া বাহনৰ ক্ষেত্ৰত কেৱল হেলমেট ব্যৱহাৰ নকৰিলে সন্মুখীন হ'ব লাগিব জৰিমনাৰ । দুচকীয়া বাহনৰ ক্ষেত্ৰত আন নথি নাথাকিলে জৰিমনাৰ সন্মুখীন হ'ব নালাগে যদিও আইনী প্ৰক্ৰিয়া পূৰ্বৰ দৰেই থাকিব বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । একেদৰে তিনিচকীয়া বাহনৰ ক্ষেত্ৰত একেটা ভুল দুই বা তিনিবাৰলৈকে কৰিলেও ভৰিব নালাগে জৰিমনা । কিন্তু পৰৱৰ্তী সময়ত একেটা ভুলেই কৰিলে জৰিমনা ভৰিব লাগিব তিনিচকীয়া বাহনৰ চালকসকলে ।

ৰাজ্য চৰকাৰৰ জৰিমনা শিথিলতা সন্দৰ্ভত কি কয় দুচকীয়া, তিনিচকীয়া বাহনৰ চালকসকলে :

ৰাজ্যৰ দুচকীয়া আৰু তিনিচকীয়া বাহনৰ জৰিমনাৰ ক্ষেত্ৰত বহুখিনি ৰেহাই প্ৰদান কৰা ৰাজ্য চৰকাৰৰ কেবিনেট সিদ্ধান্ত সন্দৰ্ভত ইটিভি ভাৰতৰ তৰফৰ পৰা সাধাৰণ বাইক চালক অথবা তিনিচকীয়া বাহন চালকৰ কিছু মতামত সংগ্ৰহৰ চেষ্টা কৰা হৈছিল । এইক্ষেত্ৰত দুচকীয়া আৰু তিনিচকীয়া বাহনৰ চালকসকলে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ এই কেবিনেট সিদ্ধান্তক আদৰণি জনাইছে যদিও আন একাংশই চৰকাৰৰ এই সিদ্ধান্ত আগন্তুক পঞ্চায়ত আৰু বিধানসভা নিৰ্বাচনকেন্দ্ৰিক সিদ্ধান্ত বুলিও ক'ব বিচাৰিছে ।

উল্লেখ্য যে লোকসভা নিৰ্বাচনত অসমৰ ১৪ খন আসনৰ ১১ খন আসনেই বিজেপি মিত্ৰজোঁটে দখল কৰিবলৈ সক্ষম হ'লেও ৰাজ্যত কংগ্ৰেছৰ উত্থানে কিছু হ'লেও যে শাসকীয় দলটোক শংকিত কৰি তুলিছে তাৰেই ফলস্বৰূপে এতিয়া জৰিমনা ৰেহাইৰ সিদ্ধান্ত গ্ৰহণ কৰা বুলিও একাংশৰ মাজত চৰ্চা হোৱা দেখা গৈছে ।

লগতে পঢ়ক :৩৫ হাজাৰ শিক্ষক পদ মুকলিৰ সিদ্ধান্ত কেবিনেট বৈঠকত - Cabinet meeting in Nalbari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.