ETV Bharat / state

পথ হোৱাই নাই টোলগেট বহুৱাবলৈ সাজু: টীয়কত টোলগেট নিৰ্মাণৰ বিৰুদ্ধে প্ৰতিবাদ - Demand to close tollgate

author img

By ETV Bharat Assamese Team

Published : Jul 21, 2024, 12:45 PM IST

Demand to close tollgate: আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ কাৰ্য । তেনেস্থলত টীয়কৰ মেলেঙত নিৰ্মাণ কৰিবলৈ ওলাইছে এখন টোলগেট । ইয়াকে লৈ উজনি অসমত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া । টোলগেটৰ নিৰ্মাণকাৰ্য বন্ধ কৰাৰ দাবী বীৰ লাচিত সেনাৰ ।

Demand to close down toll gate to be constructed at Melang in Teok
টোলগেট বন্ধ কৰাৰ দাবী (ETV Bharat Assam)

টীয়ক,২১ জুলাই: যোৱা দহটা বছৰে উজনি অসমৰ যোৰহাট বাইপাছৰ পৰা জাঁজী পৰ্যন্ত ৩৯ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰিব নোৱৰা এন এইচ আই ডি চি এলে এতিয়া খৰতকীয়াকৈ অব্যাহত ৰাখিছে টীয়কৰ মেলঙৰ সমীপত টোলগেট নিৰ্মাণৰ কাম ৷ যাক লৈ এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ উজনি অসমত । বিভিন্ন দল-সংগঠন তথা সচেতন ৰাইজৰ সমান্তৰালকৈ যোৰহাট জিলাৰ মেলেঙত স্থাপন কৰিবলৈ ওলোৱা এই টোলগেটৰ নিৰ্মাণ কাৰ্য অবৈধ বুলি দাবী কৰে বীৰ লাচিত সেনাই ।

উল্লেখযোগ্য যে পথ পৰিবহণৰ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ৰাষ্ট্ৰীয় ঘাইপথত স্থাপন কৰা টোলগেট সমূহৰ দূৰত্ব ৬০ কিলোমিটাৰৰ ব্যৱধান হোৱাটো বাঞ্চনীয় বুলি সদনৰ মজিয়াত উল্লেখ কৰিছিল আৰু ৬০ কিলোমিটাৰতকৈ কম দূৰত্বত স্থাপন কৰা টোলগেটসমূহ অবৈধ আৰু ইয়াক উঠাই দিব লাগে বুলিও মতপোষণ কৰিছিল গাডকাৰীয়ে । কিন্তু কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ এই মন্তব্যক অংগুষ্ঠ প্ৰদৰ্শন কৰি নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ অব্যাহত আছে মেলেঙৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ টোলগেটখনৰ কাম ।

যিখন টোলগেট আৰু গোলাঘাট জিলাৰ ৰঙামাটিত সাজি উলিওৱা টোলগেটৰ মাজত দূৰত্ব মাত্ৰ ৪৭ কিলমিটাৰ । তথ্য জনা অধিকাৰ আইনৰ তথ্য অনুসৰি, সমগ্ৰ দেশৰ ১৮৯ খন টোলগেট আইন বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা হৈছে আৰু ইয়াৰে চাৰিখন টোলগেট অসমৰ । সেয়ে নীতি বহিৰ্ভূতভাৱে নিৰ্মাণ কৰা এই টোলগেটৰ নিৰ্মাণ বন্ধ কৰাৰ দাবী বীৰ লাচিত সেনাৰ লগতে স্থানীয় ৰাইজৰ । এই টোলগেটৰ নিৰ্মাণ বন্ধ নকৰিলে অনাগত দিনত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণৰো হুংকাৰ দিয়ে সংগঠনটোৱে ।

লগতে পঢ়ক: জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ : গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে ক্ষুব্ধ ৰাইজে - Dilapidated Road In Kalgachia

সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াই বিমোৰত পেলাইছে টীয়কবাসীক - Dilapidated Road In Teok

টোলকৰৰ বৃদ্ধিৰ প্ৰসংগত ক্ষোভ উজাৰিলে স্বয়ং বিজেপি নেতাই; সামাজিক মাধ্যমত ভিডিঅ’ ভাইৰেল - TOLL TAX HIKE IN ASSAM

ৰহা টোলগেটৰ টোল সংগ্ৰহ বাতিল কৰক: কেন্দ্ৰীয় মন্ত্ৰী গাডকাৰীলৈ আহ্বান বিজেপি বিধায়কৰ - MLA Mrinal Saikia

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.