ETV Bharat / state

জোনাইত পকী পথৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ - Poor Road Condition - POOR ROAD CONDITION

Protest at Jonai: জোনাইত পকী পথৰ বাবে ৰাইজৰ উত্তাল প্ৰতিবাদ । গাঁঠিৰ ধন ভাঙি গাঁৱৰ ৰাইজে মেৰামতি কৰে পথচোৱা । শীঘ্ৰে পথচোৱা পকী পথ নিৰ্মাণ নকৰিলে জংগী আন্দোলন কৰাৰ হুংকাৰ গাঁওবাসীৰ ।

Public demand repairing of damage road in Dhemaji Jonai
জোনাইত পকী পথৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ
author img

By ETV Bharat Assamese Team

Published : Apr 28, 2024, 10:55 AM IST

জোনাইত পকী পথৰ নিৰ্মাণৰ দাবীত প্ৰতিবাদ

জোনাই,২৮ এপ্ৰিল: উন্নয়নৰ শ্ল'গানেৰে মুখৰিত ৰাজ্যৰ চৌদিশ । সবকা সাথ, সবকা বিকাশ শ্ল'গানেৰে ৰাইজৰ ওচৰত পুনৰ ভোট ভিক্ষা কৰিছে শাসকীয় বিজেপি দলৰ সাংসদ প্ৰাৰ্থীসকলে । পিছে বিজেপি চৰকাৰৰ সবকা সাথ, সবকা বিকাশ শ্ল’গান মাথোঁ শ্ল’গান হৈয়ে ৰ’ল জোনাইৰ কেইবাখনো গ্ৰামাঞ্চলত । একবিংশ শতিকাতো বোকা পানী গচকিয়েই বহিঃজগতৰ সৈতে যোগাযোগ ৰাখিবলগীয়া হৈছে জোনাইৰ এটা অঞ্চলৰ ৰাইজে ।

ৰায়াং বিজয়পুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত চন্দ্ৰপুৰ গাঁৱৰ এটা ব্যস্ত পথৰ ৰূপ দেখিলে চকু কঁপালত উঠিব আপোনাৰো । জোনাই সদৰৰ পৰা মাত্ৰ চাৰি কিলোমিটাৰ নিলগৰ ৫১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী গাঁওখনৰ এই ব্যস্ত পথচোৱাৰ কদৰ্যময় পৰিৱেশে বছৰ বছৰ ধৰি জীয়াতু ভুগাইছে গাঁওখনৰ সহস্ৰাধিক ৰাইজক । বাৰিষাৰ সময়ৰ কথাটো বাদেই খৰালি কালতো বোকা-পানী গচকিয়েই যাতায়ত অব্যাহত ৰাখিছে বহিঃজগতৰ সৈতে ।

অৱশ্যে নিৰ্বাচনৰ সময়ত বিভিন্ন ৰাজনৈতিক দলৰ নেতা-পালিনেতাসকলে গাঁওখনৰ ৰাইজৰ আগত বিভিন্ন উন্নয়ণৰ কথাৰে ভোট ভিক্ষা কৰি ৰাইজক প্ৰতিশ্ৰুতি দি যায় যদিও নিৰ্বাচনত জয়ী হোৱাৰ পাচত পাহৰি যায় নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতিবোৰ । ইফালে গাঁৱখনৰ ৰাইজে সাংসদ, বিধায়কৰ লগতে স্থানীয় জনপ্ৰতিনিধিক কেইবাবাৰো আবেদন নিবেদন কৰি আহিছে যদিও আজিলৈকে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰে অঞ্চলটোৰ ৰাইজে ।

উপায়ন্তৰ হৈ গাঁওখনৰ পুৰুষ-মহিলা সকলো ওলায় আহি আমাক পথ লাগিবই, বোকা পানী গচকি আমি জীয়াই থাকিব নোৱাৰো, অনাগত নিৰ্বাচনত ভোট আমি বৰ্জন কৰিম আদি বিভিন্ন শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তোলে । লগতে গাঁঠিৰ ধন ভাঙি ৰাইজে মেৰামতি কৰে পথচোৱা ।

লগতে পঢ়ক: পথৰ দুৰৱস্থাই জ্বলা-ক'লা খুৱাইছে ৰাইজক: কাণসাৰ নাই বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.