ETV Bharat / state

মৰিয়নীত ধোদৰ আলিৰ নিৰ্মাণত বিসংগতিৰ অভিযোগ : নীৰৱ বিধায়কে সূচাইছে কি ? - Allegation of corruption

Corruption in Road Construction : লোকনিৰ্মাণ বিভাগৰ তিতাবৰ সংমণ্ডলৰ তত্বাৱধানত থকা MIBPL নামৰ এটা প্ৰতিষ্ঠানৰ বিৰুদ্ধে পথ নিৰ্মাণৰ নামত দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ ৷ স্থানীয় ৰাইজৰ অভিযোগৰ পিছতো বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ নীৰৱ ভূমিকা ৷ চাওক সবিশেষ এই প্ৰতিবেদনত ৷

author img

By ETV Bharat Assamese Team

Published : Jun 14, 2024, 11:45 AM IST

ALLEGATION OF CORRUPTION
পথ নিৰ্মাণত বিসংগতিৰ অভিযোগ (Etv Bharat Assam)

যোৰহাট, 14 জুন : ৰাজ্যত অধিষ্ঠিত বিজেপি চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ কৰিছে তিনিটা বছৰ ৷ এই তিনি বছৰত ৰাজ্যৰ পৰা দুৰ্নীতি নিৰ্মূলকৰণত বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে চৰকাৰে ৷ পিছে ৰাজ্যত যেন দুৰ্নীতি হ্ৰাস পোৱাৰ কোনো নাম-গোন্ধই নাই ৷ সেয়া লাগিলে কোনো কাৰ্যালয়তে হওঁক, অথবা আন কোনো ক্ষেত্ৰতে হওঁক ৷

শেহতীয়াকৈ পূৰ্বৰ কংগ্ৰেছ আৰু এতিয়াৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিত অসমমালা আঁচনিত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷

আচলতে হৈছে কি ?

উত্থাপিত অভিযোগ অনুসৰি, যোৰহাটৰ মৰিয়নীৰ ঐতিহাসিক ধোদৰ আলিৰ পুনৰ নিৰ্মাণত সংঘটিত হৈছে বিসংগতি ৷ প্ৰাপ্ত তথ্য অনুসৰি, লোকনিৰ্মাণ বিভাগৰ তিতাবৰ সংমণ্ডলৰ তত্বাৱধানত থকা MIBPL নামৰ এটা প্ৰতিষ্ঠানে পথ নিৰ্মাণৰ ক্ষেত্ৰত সকলো নীতি-নিয়ম জলাঞ্জলি দি নিজস্ব মইমতালিৰে দীৰ্ঘদিনৰে পৰা পথ নিৰ্মাণ কাৰ্যত জড়িত হৈ আহিছে ৷ মৰিয়নী, তিতাবৰ আৰু নাগালেণ্ড সংযোগী ঐতিহাসিক ধোদৰ আলিৰ পুনৰ নিৰ্মাণৰ কামতো এই প্ৰতিষ্ঠানটো জড়িত হৈ থকা বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: জল জীৱন মিছন আঁচনিত দুৰ্নীতি, বিশুদ্ধ খোৱাপানী বিচাৰি ৰাইজৰ হাহাকাৰ - Jal Jeevan Mission Assam

প্ৰতিষ্ঠানটোৱে এই নিৰ্মাণকাৰ্যত নিম্ন মানৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ লগতে পথৰ দাঁতিত কোনো নিৰাপত্তাৰ সীমা অবিহনে দ’ নলা খান্দি ৰাখিছে ৷ তদুপৰি কোনোধৰণৰ সাংকেতিক চিহ্ন ব্যৱহাৰ নকৰাকৈ পথৰ মাজতে ডাম্পাৰৰ সহায়ত চেণ্ড গেভেল পেলাই থৈ দিছে ৷ যাৰ ফলত উক্ত পথেৰে যাতায়াতৰ ক্ষেত্ৰত তীব্ৰ অসুবিধাৰ সৃষ্টি হৈছে ৷

নিয়ম অনুসৰি, কোনো পথৰ নিৰ্মাণকাৰ্য চলি থাকিলে সেই স্থানত উপস্থিত থাকিব লাগে লোক নিৰ্মাণ বিভাগৰ কোনো বিষয়া, অভিযন্তাকে ধৰি সংশ্লিষ্ট বিষয়াসকল ৷ পিছে ধোদৰ আলিৰ নিৰ্মাণকাৰ্যৰ সময়তে তেনে কোনো বিভাগীয় বিষয়াৰ ছাঁ-টোকে স্থানীয় ৰাইজে দেখিবলৈ নোপোৱাৰ অভিযোগ উত্থাপন কৰিছে ৷

লগতে পঢ়ক: ধোঁৱাচাঙত উন্নয়ন; লোকনিৰ্মাণ বিভাগৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ দল-সংগঠনৰ - Allegation of corruption

সেয়েহে স্থানীয় ৰাইজে ধোদৰ আলি নিৰ্মাণৰ ক্ষেত্ৰত থকা বিসংগতিসমূহ আঁতৰাই পুনৰ সুনিৰ্দিষ্ট নীতিৰে ঐতিহাসিক আলিটো নিৰ্মাণ কৰিবলৈ প্ৰতিষ্ঠানটোক আহ্বান জনাইছে ৷ বৰ্তমানৰ বিজেপি বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ সমষ্টিতে এই দুৰ্নীতিৰ ঘটনা সংঘটিত হোৱাৰ পিছতো বিধায়কগৰাকীৰ নীৰৱ ভূমিকাই ৰাইজৰ মনত ৰহস্যৰ সৃষ্টি কৰিছে ৷ কিয়নো পূৰ্বতে কংগ্ৰেছক প্ৰতিনিধিত্ব কৰি অহা বিধায়কগৰাকীয়ে সততে ভিডিঅ’ বা মত প্ৰকাশৰ জৰিয়তে দুৰ্নীতিৰ বিৰুদ্ধে মাত মাতি অহা সকলোৱে দেখি আহিছিল ৷

লগতে পঢ়ক: চৰকাৰী আঁচনি ৰূপায়ণত দুৰ্নীতিৰ অভিযোগ, এজনক আটক - BJP leader held

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.