মৰাণ: ৰাজ্য চৰকাৰে অসমৰ প্ৰাকৃতিক পৰিৱেশৰ মান উন্নত কৰাৰ বাবে আৰম্ভ কৰিছে অমৃত বৃক্ষ আন্দোলন । এই কাৰ্যসূচীৰ দ্বাৰা জিলাই জিলাই লাখে লাখে গছ পুলি ৰোপণ কৰা কাৰ্যসূচী গ্ৰহণ কৰিছে । কিন্তু ইয়াৰ পাছতো কেইদিনমান পূৰ্বে গুৱাহাটীৰ দীঘলীপুখুৰীৰ কাষৰ অতি পুৰণি গছ কাটিবলৈ লোৱা সিদ্ধান্তৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিল ৰাইজে । গুৱাহাটীৰ পাছত একে পৰিবেশ সৃষ্টি হৈছে চাহ নগৰী ডিব্ৰুগড়ত ।
ডিব্ৰুগড় চহৰৰ মাজমজিয়াত চাহ বাগিচা ধ্বংস কৰাক লৈ চিন্তিত সচেতন ৰাইজ । ডিব্ৰুগড় চহৰৰ মাজমজিয়াত থকা অতি পুৰণি দক্ষিণ জালান চাহ বাগিচা ধ্বংস কৰি বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান স্থাপনৰ বাবে প্ৰস্তুতি চলোৱা হৈছে । জালান নগৰ টি ইষ্টেট প্ৰাইভেট লিমিটেড মালিকানাধীন দক্ষিণ জালান চাহ বাগিচাৰ ভূমিত ব্যৱসায়িক প্ৰতিষ্ঠান গঢ়ি তুলিবলৈ চলোৱা চেষ্টাক লৈ ডিব্ৰুগড়ত সৃষ্টি হৈছে ব্যাপক প্ৰতিক্ৰিয়া ।
সেউজীয়া বাগিচাৰ লগতে চাহ বাগিচাত থকা গছ ধ্বংস কৰি হাস্পতাল, এপাৰ্টমেণ্ট, হোটেল আদি নিৰ্মাণৰ বিৰোধিতা কৰিছে দল-সংগঠনৰ লগতে ডিব্ৰুগড়ৰ সচেতন ৰাইজে । ফলত আজি উন্নয়নৰ নামত সেউজীয়া চাহ বাগিচা আৰু গছ ধ্বংসৰ বিৰুদ্ধে প্ৰতিবাদ ডিব্ৰুগড়ৰ সচেতন নাগৰিকৰ । উন্নয়নৰ নামত সেউজীয়া চাহ বাগিছা আৰু গছ ধ্বংসৰ বিৰুদ্ধে সৰৱ হোৱা বহনক্ষম সেউজীয়া ডিব্ৰুগড় নামৰ সামাজিক অনুষ্ঠানে ডিব্ৰুগড়ৰ সচেতন নাগৰিকসকলক একত্ৰিত কৰি সাব্যস্ত কৰিলে এই প্ৰতিবাদ ।
উল্লেখ্য় যে ইতিমধ্যে দক্ষিণ জালান চাহ বাগিচাৰ কৰ্তৃপক্ষই বিজেপিৰ কাৰ্যালয়কে ধৰি এটা ধৰ্মীয় অনুষ্ঠানক এক বৃহৎ অংশৰ মাটি বিক্ৰী কৰাৰ পাছতে সমগ্ৰ চাহ বাগিচাখন বিক্ৰী কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে । ইয়াৰ পৰিপ্ৰেক্ষিতত ডিব্ৰুগড়ৰ এই সেউজীয়া ৰক্ষা কৰিবলৈ এইদৰে ডিব্ৰুগড় চহৰৰ চৌকিডিঙ্গীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি এক প্ৰতিবাদী সমদল উলিয়াই সচেতন নাগৰিকৰসকলে ।
চাহ মহানগৰী ডিব্ৰুগড়ৰ হাওঁফাওঁক ৰক্ষা কৰাৰ দাবীত ডিব্ৰুগড়ৰ সচেতন নাগৰিকৰ লগতে প্ৰতিবাদৰ জৰিয়তে বাগিচা কৰ্তৃপক্ষৰ এই কাৰ্যক তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অতি শীঘ্ৰে সেউজ ভূমি ধ্বংসযজ্ঞ বন্ধ কৰিবলৈ দাবী জনায় ।
ঔপন্যাসিক জুৰি বৰা বৰগোহাঁইৰ চাহ বাগিচা ধ্বংস নকৰিবলৈ দাবী :
উন্নয়নৰ নামত সেউজীয়া চাহ বাগিচা আৰু গছ ধ্বংসৰ বিৰুদ্ধে হোৱা প্ৰতিবাদত অংশগ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক ঔপন্যাসিক জুৰি বৰা বৰগোহাঁইয়ে কয়, "ডিব্ৰুগড় চাহ নগৰী বুলি যি পৰিচয় আছে তাক অক্ষুণ্ণ ৰাখিব লাগে । ডিব্ৰুগড়ক কংক্ৰিটৰ মহানগৰ কৰিবলৈ চেষ্টা কৰাৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে । চাহ বাগিচাখন খণ্ড খণ্ডকৈ বিক্ৰী কৰাৰ বাবে যি চেষ্টা কৰা হৈছে তাক বন্ধ কৰিব লাগে । আৰ্বান ফ'ৰেষ্ট গঢ়াৰ যি এক প্ৰচেষ্টা আৰম্ভ হৈছে তেনেকৈ ডিব্ৰুগড়ত এই আৰ্বান ফ'ৰেষ্ট গঢ়া ব্যৱস্থা কৰিব লাগে । নিশাৰ ভিতৰতে বহু গছ কাটি নিয়া হৈছে । প্ৰশাসনৰ চকুৰ সন্মুখত হৈছে । কিন্তু প্ৰশাসনে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই । ফলত আমি প্ৰকৃতিক ৰক্ষাৰ বাবে ওলাই আহিব লগা হৈছে । ডিব্ৰুগড়ৰ সেউজীয়াবোৰ ৰক্ষা কৰিবলৈ এই প্ৰতিবাদ অব্যাহত থাকিব ।"
লগতে পঢ়ক: কীটনাশক অবিহনেই চাহখেতি অনিষ্টকাৰী পোক-পতংগ খেদাব পাৰিব এতিয়া