ETV Bharat / state

আছুৰ জোঁৰ সমদলে পোহৰালে মঙলবাৰৰ নিশা - Protest Against CAA Implementation

কা বাতিলৰ দাবীত আজি আছুকে ধৰি বিভিন্ন দল-সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে ৷ ঠায়ে ঠায়ে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ লোকৰ লগত খণ্ডযুদ্ধ, হতাহতিত লিপ্ত হয় প্ৰতিবাদকাৰী ৷ কোনো কোনো স্থানত আকৌ প্ৰতিবাদৰ উদ্দেশ্যৰে আনি থোৱা জোঁৰ আৰক্ষীয়ে থানালৈ লৈ যায় ৷

protest by various organizations against caa implementation in assam
আছুৰ জোঁৰ সমদলে পোহৰালে মঙলবাৰৰ নিশা
author img

By ETV Bharat Assamese Team

Published : Mar 12, 2024, 11:05 PM IST

আছুৰ জোঁৰ সমদলে পোহৰালে মঙলবাৰৰ নিশা

নিউজ ডেস্ক, ১২ মাৰ্চ: দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন 2019 চমুকৈ 'কা'ৰ বিধি বলৱৎ হোৱাৰ পাচৰে পৰা প্ৰতিবাদত উত্তাল হৈছে সমগ্ৰ ৰাজ্য । কেন্দ্ৰীয় চৰকাৰৰ এই বিতৰ্কিত আইনখন বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ জনতা ৷ কাৰ প্ৰতিলিপিৰ সমান্তৰালভাবে প্ৰধানমন্ত্ৰী, গৃহমন্ত্ৰীৰ প্ৰতিকৃতি দাহ কৰিছে ক্ষোভিত জনতাই ৷ মাত্ৰ এটা দিনতেই এই আন্দোলনে ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷ ৰাজ্য চৰকাৰে প্ৰতিবাদ ৰোধ কৰাৰ বাবে ঠায়ে ঠায়ে সামৰিক-অৰ্ধসামৰিক বাহিনীৰ লোক স্থাপন কৰাত এই আন্দোলনে এতিয়া অধিক ভয়াবহ ৰূপ ধাৰণ কৰিছে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

ডিব্ৰুগড়:

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত আজি ডিব্ৰুগড়ত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷ কা বাতিলৰ দাবীত আছুকৰ্মীসকলে সন্ধিয়া জোঁৰ লৈ প্ৰতিবাদ সাব্যস্ত কৰা সময়তে আৰক্ষীৰ লগত হতাহতি হয় ৷ আৰক্ষীয়ে গণতান্ত্ৰিক আন্দোলনক দমন কৰিবলৈ চেষ্টা কৰাত ক্ষোভ প্ৰকাশ কৰে ডিব্ৰুগড় জিলা আছু নেতৃত্বই ।

যোৰহাট:

কাৰ বিৰুদ্ধে আজি অৰ্থাৎ মঙলবাৰে সন্ধিয়া যোৰহাট জিলা ছাত্র সন্থাই ঐতিহ্যমণ্ডিত জগন্নাথ বৰুৱা মহাবিদ্যালয়স্থিত আছু কাৰ্যালয় পৰা এক জোঁৰ সমদল বাহিৰ কৰে ৷ কিন্তু মহাবিদ্যালয়খনৰ প্ৰৱেশ দ্বাৰা সন্মুখত পূৰ্বৰে পৰাই ৰৈ থকা বৃহৎ নিৰাপত্তা ৰক্ষী বাহিনীয়ে গেটত তলা মাৰি ৰাজপথলৈ ওলোৱাত বাধা দিয়ে ছাত্ৰ সন্থা কৰ্মীসকলক । ফলত ছাত্র সন্থা কৰ্মীসকলে ভিতৰতে প্ৰতিবাদ সাব্যস্ত কৰি চৰকাৰ বিৰোধী শ্লগান দি পৰিৱেশ উত্তাল কৰি তোলে ।

কোকৰাঝাৰ:

কোকৰাঝাৰতো আছুৰ জোঁৰ সমদল কাৰ্যসূচীক আৰক্ষী, চিআাৰপিএফৰ বিশাল বাহিনীয়ে বিশাল বাহিনীয়ে বাধা প্ৰদান কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত জিলা আছুৰ নেতা কৰ্মীসকলে আৰক্ষী, চিআৰপিএফ বাহিনীৰ কটকটীয়া নিৰাপত্তা বেষ্টনী আৰু সমৰ সজ্জাৰ মাজতে জোঁৰ লৈ আছুৰ কাৰ্যালয় প্ৰাংগণতে চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

শিৱসাগৰ:

একেদৰে শিৱসাগৰৰ কে পি এম চাৰিআলিৰ সমীপৰ আছুৰ কাৰ্যলয়ৰ পৰা সন্ধিয়া জোঁৰ সমদল সাজু হোৱাৰ সময়তে আৰক্ষীৰ লোকে প্ৰতিবাদকাৰীসকলক বাধা প্ৰদান কৰে । যাৰফলত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হতাহতিৰ সৃষ্টি হয় ।

মৰিগাঁও:

মৰিগাঁৱতো প্ৰতিবাদকাৰীৰ লগত আৰক্ষী খণ্ড যুদ্ধ সূত্ৰপাত হয় । আছুৰ নেতৃত্বত আন আন সংগঠনসমূহে উলিওৱা প্ৰতিবাদী কাৰ্যসূচীত আৰক্ষীয়ে বাধা প্ৰদান কৰাত দুয়োপক্ষ তৰ্ক-বিতৰ্কত লিপ্ত হোৱাৰ লগতে আৰক্ষীৰ লগত ঠেলা-হেঁচা পৰিস্থিতিৰ সৃষ্টি হয় ৷

তেজপুৰ:

নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তেজপুৰতো শোণিতপুৰ জিলা ছাত্ৰ সন্থাই জোঁৰ সমদল বাহিৰ কৰে । প্ৰায় দুই শতাধিক লোকে জোঁৰ প্ৰতিবাদী সমদলেৰে উত্তাল কৰি তোলে তেজপুৰ চহৰৰ মাজমজিয়া ।

লখিমপুৰ:

ৰাজ্যৰ আন জিলাৰ দৰে লখিমপুৰতো আৰক্ষীৰ সমৰসজ্জাৰ মাজত জিলা ছাত্র সন্থাই জোঁৰ সমদলৰ কাৰ্যসূচী গ্ৰহণ কৰে । কিন্তু প্ৰতিবাদকাৰীসকলে মজুত কৰা জোঁৰখিনি আৰক্ষীয়ে থানালৈ লৈ যায় । অৱশেষত আৰক্ষীয়ে তিনি চাৰিটামান জোঁৰ লৈ সমদল কৰাত অনুমতি দিয়ে আৰু সেইমৰ্মে ছাত্র সন্থাই নগৰৰ মাজেৰে জোৰ সমদল কৰে ।

চিৰাং:

চিৰাঙৰ বিজনীতো আছুৰ জোঁৰ সমদলত আৰক্ষীয়ে বাধা প্ৰদান কৰে ৷ প্ৰতিবাদকাৰী আছু কৰ্মীয়ে আৰক্ষীৰ বেৰিকেট ভাঙি আগুৱাই যোৱাৰ চেষ্টা কৰে যদিও আৰক্ষীৰ বাধাত প্ৰতিবাদ আধাতে স্তব্ধ হৈ পৰে ৷ আৰক্ষীয়ে বুলেটপ্ৰুফ জেকেট পিন্ধি গণতান্ত্ৰিক আন্দোলনক বাধা দিবলৈ অহাটো অতিকৈ দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰে প্ৰতিবাদকাৰীসকলে ।

নলবাৰী:

সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত সন্ধিয়া উলিওৱা জোঁৰ সমদলক নলবাৰী জিলা প্ৰশাসনে বাধা প্ৰদান কৰে ৷

সৰুপথাৰ:

গোলাঘাট জিলাৰ টেঙানীত বিভিন্ন দল সংগঠনৰ লগতে টেঙানীৰ ৰাইজে স্বতস্ফুতভাবে নাগৰিকত্ব সংশোধনী আইনৰ তীব্ৰ বিৰোধিতা কৰি নিশা জুমুঠি লৈ প্ৰতিবাদ সাব্যস্ত কৰে ।

গোৱালপাৰা:

গোৱালপাৰাত আছুৰ জোঁৰ সমদলক আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে বাধা প্ৰদান কৰাত আছুৰ কাৰ্যালয়ৰ সন্মুখত যুদ্ধ সদৃশ পৰিবেশৰ সৃষ্টি হয় ।

লগতে পঢ়ক: উত্তাল ৰাজ্য: কা বাতিল নোহোৱা পৰ্যন্ত ৰাজ্য জ্বলোৱাৰ হুংকাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.