ETV Bharat / state

মহিলা শ্ৰমিকক যৌন উৎপীড়ন ! সহ-পৰিচালকক গ্ৰেপ্তাৰৰ দাবী

মহিলা শ্ৰমিকক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ উত্তপ্ত চৰাইদেউৰ টিয়ক চাহ বাগিচা । ফেক্টৰীৰ সহ-পৰিচালকক গ্ৰেপ্তাৰৰ দাবী ।

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

Protest at Teok Tea Estate over sexual harassment of women labourers
মহিলা শ্ৰমিকক যৌন উৎপীড়ন (ETV Bharat Assam)

মৰাণ: যৌন নিৰ্যাতন ৰোধ কৰাৰ বাবে চৰকাৰে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও প্ৰতিদিনে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হৈ আছে । ইয়াৰ মাজতে মহিলা শ্ৰমিকক যৌন নিৰ্যাতন চলোৱা ঘটনাক লৈ শুকুৰবাৰে চৰাইদেউৰ টীয়ক চাহ বাগিচাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । বাগিচাৰ ফেক্টৰীৰ সহ-পৰিচালকক গ্ৰেপ্তাৰৰ দাবীত কাৰ্যালয় ঘেৰাও কৰিলে শ শ শ্ৰমিকে ।

ঘটনা অনুসৰি চৰাইদেউ জিলাৰ সোণাৰি নগৰৰ সমীপবৰ্তী টীয়ক চাহ বাগিচাৰ ফেক্টৰীৰ সহ-পৰিচালক এগৰাকীৰ বিৰুদ্ধে বাগিচাত কৰ্মৰত মহিলা শ্ৰমিকে গুৰুতৰ অভিযোগ উত্থাপন কৰি সোণাৰি আৰক্ষী থানাত এজাহাৰ দাখিল কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে । টিয়ক বাগিচাৰ কলঘৰৰ সহ-পৰিচালক দেবাংগ বৰুৱাৰ নিজৰ বাংলোত কৰ্মৰত মহিলাক নিৰ্যাতনৰ অভিযোগ উত্থাপিত হোৱাৰ পাছতে বাগিচাৰ কাৰ্যালয় ঘেৰাও কৰে শ্ৰমিকে ।

সহ-পৰিচালকগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাই বাগিচাখনৰ শ্ৰমিকসকলে কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । সহ-পৰিচালকগৰাকীয়ে বাগিচাৰ বাংলোত কৰ্মৰত মহিলা কৰ্মচাৰীক ভয়-ভাবুকি দি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিছে । এনে কাৰ্যত বিৰোধ কৰিলে চাকৰিৰ পৰা আঁতৰাই দিয়াৰ ভাবুকি দিয়াৰ গুৰুতৰ অভিযোগ তুলি বাগিচাৰ দুগৰাকী কৰ্মচাৰীয়ে বৃহস্পতিবাৰে সোণাৰি আৰক্ষী থানাত দাখিল কৰে এজাহাৰ ।

আৰক্ষীয়ে ঘটনা সন্দৰ্ভত নিৰ্যাতনৰ সন্মুখীন হোৱা কৰ্মচাৰী দুগৰাকীৰ ভাষ্য গ্ৰহণ কৰিছে । আনহাতে ভুক্তভোগীয়ে আৰক্ষীৰ কাষ চপাৰ পাছতে অভিযুক্ত সহ-পৰিচালকগৰাকীয়ে বাগিচাখনৰ পৰা আঁতৰি গৈছে বুলি জানিব পৰা গৈছে । শ্ৰমিকৰ অভিযোগৰ পাছতে ইতিমধ্যে সহ-পৰিচালক দেবাংগ বৰুৱাক চাকৰিৰ পৰা নিলম্বন কৰিছে বাগিচা কৰ্তৃপক্ষই ।

ঘটনাক লৈ কি দাবী প্ৰতিবাদকাৰীৰ:

প্ৰতিবাদকাৰীসকলে কয়,"সহ-পৰিচালক দেবাংগ বৰুৱাই বাংলোত কাম কৰা মহিলা শ্ৰমিকক দীৰ্ঘদিন ধৰি যৌন নিৰ্যাতন চলাই আহিছে । এই পৰিচালকজনৰ বাংলোত সঘনে মহিলা শ্ৰমিক সলনি হ'বলগা হৈছে ৷ সেই কথাৰ খবৰ কৰাত আচল কথাটো পোহৰলৈ আহে । দুগৰাকী মহিলা শ্ৰমিকে আইনী ব্যৱস্থা লোৱাত সহ-পৰিচালকগৰাকী বাগিচাৰ পৰা পলায়ন কৰে । তেওঁক চাকৰিৰ পৰা নিলম্বন কৰিলেই নহ'ব আইনী ভাৱে কঠোৰ শাস্তি দিব লাগিব । তেওঁ যাতে আন কোনো বাগিচাত কাম কৰিব নোৱাৰে তাৰ ব্যৱস্থা কৰিব লাগিব ।"

সমগ্ৰ ঘটনাক লৈ মুখ খুলিলে বাগিচাৰ পৰিচালক পল্লৱ বৰগোঁহায়ে:

শ্ৰমিকৰ প্ৰতিবাদৰ পাছতে সমগ্ৰ ঘটনাক লৈ মুখ খুলিলে বাগিচাৰ পৰিচালক পল্লৱ বৰগোঁহায়ে । তেওঁ জনাই যে এই ঘটনা তেওঁৰ অৱগত নাছিল । বৃহস্পতিবাৰৰ দিনটোত এই কথা শুনিবলৈ পাই তাৎক্ষণিকভাৱে তেওঁক চাকৰিৰ পৰা নিলম্বন কৰা হৈছে বুলি জানিবলৈ দিয়ে বৰগোঁহায়ে ।

লগতে পঢ়ক: ধৰ্ষণৰ গোচৰ ৰুজু হোৱা কৰিঅ'গ্ৰাফাৰ জানী মাষ্টাৰক গ্ৰেপ্তাৰ - JANI MASTER SEXUAL HARASSMENT

নাবালিকাক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত বিজেপি নেতাক আটক - ATTEMPT TO RAPE

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.