ETV Bharat / state

খহনীয়াত নিঃশেষ এখন বিদ্যালয়: ৫ ছেপ্টেম্বৰত অনশনত বহিব প্ৰধান শিক্ষক - Cachar erosion - CACHAR EROSION

Cachar erosion: খহনীয়াৰ কৱলত পৰি বৰাক নৈত জাহ গ'ল কাছাৰৰ এখন বিদ্যালয় ৷ নতুন বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে ভূমি আছে যদিও পুঁজি আৱণ্টন দিয়া নাই চৰকাৰে । শিক্ষক দিৱসৰ দিনাই অনশনত বহাৰ সিদ্ধান্ত প্ৰধান শিক্ষকৰ ।

Cachar erosion
খহনীয়াত নিঃশেষ এখন বিদ্যালয় (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Aug 31, 2024, 4:00 PM IST

শিলচৰ,৩১ আগষ্ট : প্ৰতিবছৰে খহনীয়াৰ কবলত পৰিছে বৰাক উপত্যকাৰ বৃহৎ অংশ । বৰাকৰ জিলাসমূহৰ ভিতৰত কাছাৰত নৈৰ খহনীয়াই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে । ইতিমধ্যে বহু গাঁও নৈৰ বুকুত জাহ গৈছে । বহু বিদ্যালয়, মন্দিৰ, মছজিদ আদিও নৈৰ বুকুত বিলীন হৈছে ।

খহনীয়াত নিঃশেষ এখন বিদ্যালয় (ETV Bharat)

খহনীয়াত নিঃশেষ বিদ্যালয়

তেনে এখন বিদ্যালয় হৈছে কাছাৰৰ লক্ষীপুৰ শিক্ষাখণ্ডৰ অন্তৰ্গত গোবিন্দপুৰ ইষ্ট এম ই স্কুল । ইতিমধ্যে খহনীয়াৰ ফলত বিদ্যালয়খনৰ প্ৰায় ৮০ শতাংশ অংশ ক্ষতিগ্ৰস্ত হৈছে । কিন্তু নতুন বিদ্যালয় ভৱন নিৰ্মাণৰ বাবে কোনো পদক্ষেপ গ্ৰহণ কৰা নাই প্ৰশাসনে । নতুনকৈ বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে ভূমি আছে যদিও চৰকাৰে পুঁজি মোকলাই দিয়া নাই । যাৰ বাবে সমস্যাত পৰিছে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষাৰ্থীসকল ।

চৰকাৰে দিয়া নাই পুঁজি

বিগত কেইবাবছৰ ধৰি খহনীয়াত বিদ্যালয়খনৰ বিভিন্ন অংশ ক্ষতিগ্ৰস্ত হৈছে । বিদ্যালয় গৃহও নৈত জাহ গৈছে । ফলস্বৰূপে নৈৰ পাৰতে অস্থায়ীভাৱে শিক্ষাৰ্থীসকলক পাঠদান কৰিবলগীয়া হৈছে । এনে পৰিস্থিতিত ব্যাপক সমস্যাৰ সন্মুখীন হৈছে শিক্ষকসকল । বিদ্যালয়খনত আছে ১৫০ৰো অধিক শিক্ষাৰ্থী । কিন্তু বিদ্যালয় গৃহৰ অভাৱৰ বাবে উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত হৈছে তেওঁলোক । বিদ্যালয়খনৰ প্ৰধান শিক্ষকে এই সন্দৰ্ভত কেইবাবাৰো বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰিছে যদিও কোনো পদক্ষেপ গ্ৰহণ কৰা নাই ।

প্ৰতিবাদত বহিব প্ৰধান শিক্ষক

প্ৰধান শিক্ষক কুতুব উদ্দিন লস্কৰে অভিযোগ কৰা মতে সকলো দেখিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে । অথচ আন বিদ্যালয়সমূহৰ আন্তঃগাঁথনিৰ বাবে চৰকাৰে পুঁজি আৱণ্টন দি আছে । অভিভাৱকৰ বিভিন্ন প্ৰশ্নৰো সন্মুখীন হৈছে প্ৰধান শিক্ষকগৰাকী । যাৰ বাবে এতিয়া তেওঁ প্ৰতিবাদৰ সিদ্ধান্ত গ্ৰহণ কৰিছে । বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়নৰ দাবীৰে তেওঁ অহা ৫ ছেপ্টেম্বৰ শিক্ষক দিৱসৰ দিনটোত অনশনত বহিব বুলি হুংকাৰ দিছে ।

লগতে পঢ়ক :বিধায়ক ৰমাকান্ত দেউৰীয়ে টেট শিক্ষয়িত্ৰীসকলক লৈ মিছা মাতিছে: মুছলিম ছাত্ৰ সন্থা - Protest in Moirabari

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.