ETV Bharat / state

ইস্তাহাৰতে সীমাৱদ্ধ প্ৰতিশ্ৰুতি, ৰোধ হোৱা নাই মূল্যবৃদ্ধি - Price hike in Assam

author img

By ETV Bharat Assamese Team

Published : May 11, 2024, 9:52 PM IST

Price hike in Assam: প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল । আজিও নকমিল নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ দাম । নিৰ্বাচন অন্ত পৰাৰ পাছতে অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিত অতিষ্ঠ ৰাজ্যৰ জনতা । নিৰ্বাচনৰ পাছত কিমান বৃদ্ধি হ'ল খাদ্য সামগ্ৰীৰ দাম । জনালে খুচুৰা ব্যৱসায়ীয়ে ।

Price hike of food items in Assam after elections
ইস্তাহাৰতে সীমাৱদ্ধ প্ৰতিশ্ৰুতি, ৰোধ হোৱা নাই মূল্যবৃদ্ধি (ETV Bharat Assam)

গুৱাহাটী,১১ মে': নিৰ্বাচন শেষ হোৱাৰ লগে লগে সকলো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে আকাশ চুবলৈ ধৰিছে । ই ভি এমত বুটাম টিপাৰ পিছদিনাখনৰ পৰা নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ অনিয়ন্ত্ৰিত মূল্যবৃদ্ধিয়ে জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । নিত্য প্ৰয়োজনীয় প্ৰায় প্ৰতিবিধ খাদ্য সামগ্ৰীৰে আকাশলংঘী মূল্যবৃদ্ধি হৈছে । অসমত বিজেপিকে ধৰি সকলো দলৰে মূল্যবৃদ্ধি নিয়ন্ত্ৰণ কৰাটো অন্যতম প্ৰধান প্ৰতিশ্ৰুতি আছিল । আনকি দলৰ নিৰ্বাচনী ইস্তাহাৰতো এই কথা উল্লেখ কৰা হৈছিল ৷

এতিয়া নিৰ্বাচনো গ'ল প্ৰতিশ্ৰুতি প্ৰতিশ্ৰুতি হৈয়ে ৰ'ল । বৰ্তমান পাইকাৰী বজাৰত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ মূল্য প্ৰায় এশ শতাংশ অৰ্থাৎ দুগুণ বৃদ্ধি হৈছে বুলি জানিবলৈ দিয়ে একাংশ খুচুৰা ব্যৱসায়ীয়ে । খুচুৰা বজাৰৰ মূল্যসূচীৰ ক্ষেত্ৰতো একে পৰিস্থিতিয়ে বিৰাজ কৰিছে ৷ উল্লেখ্য যে, পাইকাৰী বজাৰতকৈ খুচুৰা বজাৰত বস্তুৰ মূল্য ২০-৩০ শতাংশ অধিক হয় ।

আনহাতে শেহতীয়া নিৰ্বাচনৰ পিছৰ দিনাৰ পৰাই ৰাজ্যত নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ ২০ ৰ পৰা ৫০ শতাংশ মূল্যবৃদ্ধি হোৱা পৰিলক্ষিত হৈছে । ব্যৱসায়ীসকলে মূল্য অস্বাভাৱিক হাৰত বৃদ্ধি কৰা বিষয়টোত চকু মুদা কুলিৰ ভাও জুৰিছে চৰকাৰ তথা বিয়াগোম যোগান বিভাগে । উল্লেখ্য যে,অসমসহ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ নিত্য প্ৰয়োজনীয় খাদ্য সামগ্ৰীৰ বজাৰ ব্যৱস্থাটো নিয়ন্ত্ৰণ হয় গুৱাহাটীৰ অন্যতম বাণিজ্যিক কেন্দ্ৰ ফাঁচীবজাৰৰ পৰা । পিছে ফাঁচীবজাৰৰ পাইকাৰী বজাৰতে এতিয়া প্ৰতিবিধ খাদ্য সামগ্ৰীৰে মূল্য আকাশলংঘী ।

মূল্যবৃদ্ধিৰ প্ৰসংগত ইটিভি ভাৰতে জৰীপ চলাইছিল গুৱাহাটীৰ কেইখনমান বজাৰত । উক্ত জৰীপত ব্যৱসায়ীসকলে‌ সদৰী কৰা অনুসৰি নিৰ্বাচন শেষ হোৱাৰ পিছদিনাৰ পৰা শাক-পাচলিৰ পৰা‌ আৰম্ভ কৰি মাংস, কনী আৰু ফলমূল আদিৰ দাম বৃদ্ধি হৈছে । নিৰ্বাচনৰ আগত আলুৰ দাম আছিল প্ৰতি কিলোগ্ৰামত ৩০ টকা । এই দাম বৃদ্ধি হৈ নিৰ্বাচনৰ পিছত এতিয়া প্ৰতি কিলোগ্ৰামত ৪০ টকা হৈছে ।‌

সেইদৰে পিয়াঁজৰ‌ দাম ৩০ টকাৰ‌ পৰা‌ ৪০ টকা হৈছে । তেনেদৰে সকলো শাক পাচলিৰ দাম ২০ টকাৰ‌ পৰা‌ ৪০ টকা পৰ্যন্ত বৃদ্ধি হৈছে বুলি ব্যৱসায়ীসকলে জানিবলৈ দিয়ে । লক্ষণীয় যে বজাৰত ব্ৰয়লাৰ দাম অভাৱনীয় হাৰত বৃদ্ধি পাইছে । নিৰ্বাচনৰ আগত গোটা ব্ৰয়লাৰ দাম আছিল‌ ১৪০ টকা আৰু কটা ব্ৰয়লাৰ দাম আছিল‌ ২০০ টকা । নিৰ্বাচনৰ পিছত গোটা ব্ৰয়লাৰ দাম হৈছে ১৬০-১৮০ টকা আৰু কটা ব্ৰয়লাৰ দাম ৩০০ টকা পৰ্যন্ত হোৱা বুলি উল্লেখ কৰে ।

ঠিক সেইদৰে কনীৰ দাম প্ৰতি প্লেটত ৫০ টকা পৰ্যন্ত বৃদ্ধি হৈছে ব্যৱসায়ীসকলে জানিবলৈ দিয়ে । আনহাতে কম নহয় ফলমূলৰ দাম । দুবেলা দুমুঠিৰ বাবে সংগ্ৰাম কৰা লোকসকলৰ বাবে পৰিস্থিতি অতি ভয়াবহ হৈ পৰিছে বুলি সাধাৰণ জনতাই উল্লেখ কৰে । তেনে সময়তে অত্যৱশ্যকীয় খাদ্য সামগ্ৰীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে সাধাৰণ ৰাইজক দিশহাৰা কৰি তুলিছে ।

এই সংকটৰ সময়ত চৰকাৰে জনসাধাৰণৰ প্ৰতি সহায়ৰ হাত আগবঢ়াই ৰাইজক সকাহ দিয়াতো উচিত আছিল বুলি সচেতন ৰাইজে উল্লেখ কৰে । কিন্তু নিৰ্বাচনত ব্যস্ত হোৱাৰ পিছত জিৰণি লোৱা চৰকাৰে জনসাধাৰণক সংকটৰ মুখলৈ ঠেলি দিছে আৰু আনহাতে মূল্যবৃদ্ধিৰ ক্ষেত্ৰত ৰহস্যজনকভাৱে মৌন সমৰ্থন আগবঢ়াই জনসাধাৰণক সংকটৰ দিশে ঠেলি দিছে বুলিও অভিযোগ একাংশৰ ।

লগতে পঢ়ক: ফ্লপ শ্ব'ত পৰিণত হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ মহিলা হিতাধিকাৰী আঁচনি - 3 Years Of CM Himanta Biswa Sarma

হিমন্ত বিশ্বৰ তিনিবছৰীয়া চৰকাৰ : উন্নয়ন সন্দৰ্ভত ৰাইজৰ মতামত - 3rd Anniversary Of HBS Led BJP Govt

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.