ETV Bharat / state

ৰাজ্যিক বিজেপি এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ প্ৰাইভেট লিমিটেড কোম্পানী : অখিল গগৈ - PRESS MEET OF AKHIL GOGOI

MLA Akhil Gogoi : গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল সম্বোধন ৷ অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সমালোচনা ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰৰ বিধায়ক গগৈৰ ৷

author img

By ETV Bharat Assamese Team

Published : Jul 17, 2024, 3:29 PM IST

PRESS MEET OF AKHIL GOGOI
বঙাইগাঁও প্ৰেছ ক্লাবত অখিল গগৈৰ সংবাদমেল (ETV Bharat Assam)

বঙাইগাঁও, 17 জুলাই: গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত বুধবাৰে ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ সংবাদমেল সম্বোধন ৷ সংবাদমেলখন সম্বোধন কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ বাক্যবাণেৰে থকা-সৰকা কৰে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে ৷

উপ নিৰ্বাচন সন্দৰ্ভত অখিল গগৈৰ মন্তব্য (ETV Bharat Assam)

এই সংবাদমেলৰ জৰিয়তে ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া উপ-নিৰ্বাচনৰ সন্দৰ্ভত অখিল গগৈয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় ৷ মিত্ৰতাৰ প্ৰসংগ উত্থাপন কৰি অখিল গগৈয়ে বিশেষকৈ সমাগত উপ-নিৰ্বাচনত যদি কংগ্ৰেছ দলে অকলে, নিজাববীয়াকৈ নিৰ্বাচনী যুঁজ আগবঢ়াব বিচাৰে, তেন্তে তেনেকৈয়ে আগবাঢ়ক বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে ৷

লগতে পঢ়ক: অসমৰ উপ-নিৰ্বাচন : ৫টা সমষ্টিৰ ৩ টাতে নতুন সাংসদৰ পত্নী-পুত্ৰ হ'ব পাৰে প্ৰাৰ্থী ! - Bye Election in Assam

তেওঁ লগতে কয় যে, বিগত কিছুদিনৰে পৰা অন্যান্য দলৰ পৰা কংগ্ৰেছলৈ ৰাজনৈতিক নেতা-পালিনেতাৰ যোগদানৰ সোঁত বৈছে ৷ যি দলটোৰ বাবে সুখবৰ, পিছে ইয়াক কেন্দ্ৰ কৰি কংগ্ৰেছৰ অহংকাৰ হোৱা বুলিও গগৈয়ে সংবাদমেলত অভিযোগ তোলে ৷ বিৰোধী দলটোৰ দিন ভাললৈ অহাৰ মূলতে বিৰোধী ঐক্যমঞ্চহে বুলি অখিল গগৈয়ে কয় ৷ তদুপৰি ৰাইজৰ দলৰ সভাপতি হিচাপে প্ৰতিটো ৰাজনৈতিক দলক ঐক্য়বদ্ধ হৈ উপ-নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ বাবে তেওঁ আহ্বান জনায় ৷

লগতে পঢ়ক: উপ-নিৰ্বাচন-পঞ্চায়ত নিৰ্বাচনত বিৰোধী ঐক্যমঞ্চৰ লগত নাথাকে আপ ! - AAP Assam

আনহাতে, ৰাজ্যিক বিজেপিত পদত্যাগৰ ঢৌ অব্যাহত থকাৰ সন্দৰ্ভতো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বিধায়ক গগৈয়ে ৷ তেওঁ কয় যে, পুৰণি এলাগী তথা নিষ্ঠাবান বিজেপি কৰ্মীসকলে যিদৰে দলত্যাগ কৰিব ধৰিছে, 2026 ৰ পূৰ্বে বিজেপি দলটো একপ্ৰকাৰ খালী হৈ যাব ৷ ৰাজ্যিক বিজেপিক এতিয়া হিমন্ত বিশ্ব শৰ্মা কোম্পানী প্ৰাইভেট লিমিটেডহে বুলিব পৰা হৈছে ৷

সমান্তৰালকৈ সংবাদমেলৰ জৰিয়তে ৰাজ্যৰ উপ নিৰ্বাচনৰ সন্দৰ্ভত বঙাইগাঁও সমষ্টিৰ বাবে ৰাইজৰ দলে নিজাববীয়া প্ৰাৰ্থী প্ৰক্ষেপ কৰাৰ সম্ভাৱনীয়তাকো অখিল গগৈয়ে স্বীকাৰ কৰে ৷ তেওঁ এই বিষয়ত বৈঠক চলি থকাৰ লগতে শীঘ্ৰে সমষ্টিটোৰ উপ-নিৰ্বাচনৰ বাবে ৰাইজৰ দলে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ কথাও সংবাদমেলতে ব্যক্ত কৰে ৷

অসমৰ বহনক্ষম উন্নয়নৰ লক্ষ্য(SDG) :

অসমৰ উন্নয়নৰ এছ ডি জি সন্দৰ্ভতো প্ৰতিক্ৰিয়া ব্যক্ত কৰে অখিল গগৈয়ে ৷ গগৈয়ে এইক্ষেত্ৰত মুখ্যমন্ত্ৰী ড৹ শৰ্মাক মিছলীয়া আখ্যা দিয়ে ৷ মুখ্যমন্ত্ৰীগৰাকীৰ কথাৰ আঁত ধৰি গগৈয়ে কয় যে, ভাৰতবৰ্ষৰ ভিতৰত শ্ৰেষ্ঠ ৰাজ্য হিচাপে অসমখন পৰিচিত হোৱাটো মুখ্যমন্ত্ৰীৰ সপোন বুলি পূৰ্বৰে পৰা কৈ আহিছে ৷ কিন্তু শ্ৰেষ্ঠ ৰাজ্যৰ তালিকাত 28 খন ৰাজ্যৰ ভিতৰত অসম আছে 23 নম্বৰত ৷ অৰ্থাৎ মুখ্যমন্ত্ৰীয়ে মিছাৰ প্ৰশ্ৰয় লৈ অসমৰ ৰাইজক ঠগিছে ৷

আনহাতে, অসমত শিক্ষাৰ স্থিতি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ অখিল গগৈৰ ৷ অসমত শিক্ষাৰ মানদণ্ড উন্নত নোহোৱাটো অতি দুৰ্ভাগ্যজনক বুলি সংবাদমেলত মন্তব্য গগৈৰ ৷ শিক্ষাৰ সমান্তৰালকৈ স্বাস্থ্যখণ্ডত অসম নিম্নস্থানৰ পৰা 4 নম্বৰত, অৰ্থনৈতিক বিকাশ আৰু উদ্যোগৰ ক্ষেত্ৰত অসম 23 নম্বৰত, ন্যায়িক শান্তিৰ ক্ষেত্ৰত 21 নম্বৰত বুলি অখিল গগৈয়ে প্ৰকাশ কৰে ।

ইয়াৰ লগতে বিজেপি চৰকাৰে অসমক বিকাশৰ এনেকুৱা এটা পৰ্যায়লৈ নিবলৈ কমেও 100 বছৰৰ প্ৰয়োজন হ’ব বুলি উল্লেখ কৰি ৰাজ্যৰ ছিণ্ডিকেট চক্ৰটো বিজেপিয়ে নিয়ন্ত্ৰণ কৰি থকা বুলি অখিল গগৈয়ে সংবাদমেলৰ জৰিয়তে প্ৰকাশ কৰে ৷

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে সত্যৰ ঊৰ্ধত কথা কৈ আছে : জগদীশ ভূঞা - AJP PRESSMEET

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.