ETV Bharat / state

ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কচুতলীত উচ্ছেদ কৰা হৈছে: লুৰীণজ্যোতি গগৈ - Sonapur eviction incident - SONAPUR EVICTION INCIDENT

Sonapur eviction: চৰকাৰে বেদখলকাৰীকো ধৰ্ম-ভাষাৰ ভিত্তিত বিভাজন কৰিছে । ৰাজকোষৰ পৰা ক্ষতিপূৰণ দি উচ্ছেদ কৰাৰ অৰ্থ কি থাকিল ? সোণাপুৰৰ কচুতলীত হোৱা উচ্ছেদ আইনসংগত নহয় । সংবাদমেলত সৰৱ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ ।

President of AJP Lurinjoyti Gogoi react on Sonapur eviction drive
লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 14, 2024, 7:46 PM IST

গুৱাহাটী,১৪ ছেপ্টেম্বৰ: সোণাপুৰৰ কচুতলীৰ উচ্ছেদ অভিযানক লৈ ৰাজ্যৰ ৰাজনীতি উত্তপ্ত হৈ থকাৰ সময়তে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদ চমুকৈ অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে । শনিবাৰে গুৱাহাটীৰ বাসভৱনত এখন সংবাদমেল সম্বোধন কৰি লুৰীণজ্যোতি গগৈয়ে কয়,"বেদখল আৰু উচ্ছেদ সম্পৰ্কত আমাৰ দলৰ স্থিতি আগৰ পৰাই স্পষ্ট । চৰকাৰী মাটি, জনজাতীয় আৱেষ্টনী, পি জি আৰ-বি জি আৰ, প্ৰাকৃতিক জলাশয় আদিত বেদখল কোনো অৱস্থাতে সমৰ্থন কৰিব নোৱাৰি, তেনে বেদখল উচ্ছেদ হ'বই লাগিব ৷"

লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

তেওঁ লগতে কয়,"কিন্তু সোণাপুৰৰ কচুতলীত হোৱা উচ্ছেদ আইন মতে হোৱা নাই । উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি সম্পূৰ্ণ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে কচুতলীত উচ্ছেদ কৰা হৈছে । চুমী বৰা প্ৰসংগৰে স্মাৰ্ট মিটাৰ বিৰোধী ক্ষোভ দমাই ৰাখিব নোৱাৰি নতুন ইছ্যু সৃষ্টিৰ প্ৰয়োজনত মুখ্যমন্ত্ৰীয়ে প্ৰশাসনৰ দ্বাৰা এই উচ্ছেদ কৰোৱাইছে । উচ্ছেদৰ সময়ত একে ট্ৰাইবেল বেল্টৰ মাটিত ঘৰ সজা এটা সম্প্ৰদায়ৰ লোকক উচ্ছেদ কৰিছে অথচ আন এটা বিশেষ জনগোষ্ঠীৰ লোকক ৰেহাই দিছে । এইদৰে চৰকাৰে বেদখলকাৰীকো ধৰ্ম-ভাষাৰ ভিত্তিত বিভাজন কৰিছে ।"

চৰাকাৰক তীব্ৰ সমালোচনা কৰি তেওঁ কয়,"কচুতলীৰ যি ঠাইত উচ্ছেদ কৰিছে, তাত মানুহে দশক দশক ধৰি বসবাস কৰি আহিছে । বিজেপি চৰকাৰে তেওঁলোকৰ চৰকাৰ গঠনৰ বিগত চাৰে আঠ বছৰে এই বেদখল কিয় নেদেখিলে ? এতিয়া ট্ৰেডিংকাণ্ডক লৈ চৰকাৰ যেতিয়া সংকটত পৰিছে, স্মাৰ্ট মিটাৰৰ যন্ত্ৰণাই মানুহক ক্ষোভিত কৰি ৰাখিছে, তেনেকুৱা সময়ত ৰাজ্যত পুনৰ এটা সাম্প্ৰদায়িক পৰিৱেশ ৰচনা কৰাৰ প্ৰয়োজনত এনেদৰে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰি উচ্ছেদৰে মানৱাধিকাৰ হৰণ কৰিছে ।"

কাজিৰঙাৰ প্ৰসংগ উল্লেখ কৰি গগৈয়ে কয়,"কাজিৰঙাত বাংলাদেশী বুলি হৈ চৈ কৰি উচ্ছেদ কৰা প্ৰতিটো পৰিয়ালক চৰকাৰে ৭ লাখ টকাকৈ ক্ষতিপূৰণ দিছে । বটদ্ৰৱা আৰু গৰুখুঁটিৰ উচ্ছেদিত লোককো আদালতৰ নিৰ্দেশত উপযুক্ত ক্ষতিপূৰণ দিছে । যদি ৰাজকোষৰ পৰা ক্ষতিপূৰণেই দিব লাগে তেনেহ'লে উচ্ছেদ কৰাৰ অৰ্থ কি থাকিল । আইন মতে উচ্ছেদ নকৰাৰ বাবেই আদালতে ক্ষতিপূৰণ দিবলৈ হুকুম দিছে ৷ কচুতলীতো আইন তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অমান্য কৰি উচ্ছেদ কৰিছে । উচ্ছেদৰ সময়ত নিৰ্বোধ শিশুৰ ওপৰত গুলীয়াই গুপ্তাংগ ভেদ কৰি দিছে । এনে অমানৱীয় কাম কৰাৰ আঁৰত গভীৰ ষড়যন্ত্ৰ লুকাই আছে । তাৰ মানে চৰকাৰে মানুহক উচটাইছে । এই কাৰ্যই ভয়ানক সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰিব ।"

অজাপৰ সভাপতিগৰাকীয়ে লগতে কয়,"উচ্ছেদ হ'ব লাগিব, কিন্তু আইন অমান্য কৰি নহয় । উচ্ছেদস্থলীত উপস্থিত হৈ যিসকল নেতাই ডিঙিৰ শিৰ ফুলাই আছাদুদ্দিন ওৱেছীৰ দৰে সাম্প্ৰদায়িক উচটনিমূলক বক্তব্য প্ৰদান কৰিছে, তেওঁলোকে কাৰ নিৰ্দেশত আৰু কি উদ্দেশ্যত এইবোৰ বক্তব্য দিছে, সেয়া কাৰো বুজিবলৈ বাকী নাই । এইসকল নেতা এইবোৰ কামৰ পৰা বিৰত থকা উচিত । চৰকাৰে বেদখলৰ নামত সাম্প্ৰদায়িক ৰাজনীতি কৰিছে ।"

লগতে পঢ়ক: তেজ ভালপোৱা মানুহে তেজৰ গোন্ধ বিচাৰি কৰে এনে অমানৱীয় ঘটনা: ৰকিবুল হুছেইন - Rokibul Hussain on Sonapur eviction

মূল সমস্যাবোৰ ডাইভাৰ্ট কৰোৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে ইচ্ছাকৃতভাৱে উচ্ছেদৰ বিৰ্তক আনিছে: ৰিপুণ বৰা - Sonapur Eviction

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.