ETV Bharat / state

মাটিৰ চাকি ডিজাইন কৰাত ব্যস্ত হৈ পৰিছে এদল দিব্যাংগ ছাত্ৰ-ছাত্ৰী - DIWALI 2024

ৰাজ্যৰ চৌদিশে দীপাৱলীৰ ব্যাপক ব্যস্ততা । সমানে বৃদ্ধি পাইছে দীপাৱলীৰ উৎসাহ-উদ্দীপনা । দীপাৱলীক লৈ ব্যস্ত এদল দিব্যাংগ ছাত্ৰ-ছাত্ৰী ।

Preparation of earthen lamps by specially abled student in Guwahati
দীপাৱলীৰ ব্যাপক ব্যস্ততা দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Oct 29, 2024, 10:21 PM IST

গুৱাহাটী: পোহৰৰ উৎসৱ দীপাৱলীক লৈ ৰাজ্যৰ চৌদিশে ব্যাপক উৎসাহ-উদ্দীপনা । ব্যতিক্ৰম নহয় মহানগৰী গুৱাহাটীও । গুৱাহাটীৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে এটা বেচৰকাৰী সংস্থাই প্ৰতিবছৰৰ দৰে এইবাৰো হাতত লৈছে এক ব্যতিক্ৰমী পদক্ষেপ । দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা ৰং-তুলিকাৰে সজাই-পৰাই তুলিছে মাটিৰ চাকি ।

পোহৰৰ উৎসৱ দীপাৱলীক আদৰিবলৈ সাজু হৈছে ৰাজ্যবাসী ৷ দীপাৱলীত মাটিৰ চাকি বনোৱাত ব্যস্ত হৈ পৰিছে এদল দিব্যাংগ শিশু-কিশোৰী । গুৱাহাটী মহানগৰীৰ বিৰুবাৰীৰ ৰামকৃষ্ণ পথত থকা শিশু সাৰথিৰ ছাত্ৰ-ছাত্ৰীয়ে ৰং-বিৰঙী মাটিৰ চাকি নিৰ্মাণ কৰি উলিয়াইছে ।

দীপাৱলীৰ ব্যাপক ব্যস্ততা দিব্যাংগ ছাত্ৰ-ছাত্ৰীৰ (ETV Bharat Assam)

শিশু সাৰথিৰ শিক্ষয়িত্ৰী গায়ত্ৰী দেৱী অধিকাৰীয়ে কয়, "মই ইয়াত ২০০৫ চনৰ পৰা জড়িত হৈ আছো । আমি স্কিল ডেভলেপমেন্টৰ বাবে প্ৰশিক্ষণ দিও । পেপাৰ ক্ৰাফ্ট, স্ক্ৰীন প্ৰিন্টিং আদিৰ প্ৰশিক্ষণ দিও । দেৱালীৰ সময়ত মাটিৰ চাকিৰ ডিজাইন কৰো । এইবাৰো ১০ হাজাৰ মাটিৰ চাকিত ৰঙেৰে ডিজাইন কৰিছে প্ৰায় ৫০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ।"

তেওঁ লগতে কয়,"প্ৰায় দুমাহ ধৰি মাটিৰ চাকি ৰং আৰু ডিজাইন কৰাৰ লগতে পেকেজিঙৰ কাম আৰম্ভ কৰিছো । এইবাৰ আমি অৰ্ডাৰ পাইছো আৰু সেই অনুসৰি কাম কৰি বিক্ৰী কৰিছো । চাকি ৰং কৰা কামটো ছাত্ৰ-ছাত্ৰীসকলে কৰি খুব ভাল পায় । ১৮ বছৰ বয়সৰ ছাত্ৰ-ছাত্ৰী আছে । এই চাকিবোৰ বিক্ৰী কৰি পোৱা লাভখিনি ছাত্ৰী-ছাত্ৰীৰ মাজত ভগাই দিয়া হয় ।"

শিশু সাৰথিৰ জনসম্পৰ্কৰক্ষী বিষয়া ৰাজশ্ৰী দাসে কয়,"আমি প্ৰায় দুমাহৰ পৰা চাকিৰ ডিজাইন কৰি আছো । ছাত্ৰ-ছাত্ৰীসকলক এইদৰে প্ৰশিক্ষণ দিয়া হয় যাতে তেওঁলোক স্বাৱলম্বী হ'ব পাৰে । তেওঁলোকে প্ৰশিক্ষণ লোৱাৰ লগতে উপাৰ্জনৰ বাট মুকলি হৈছে । প্ৰতিটো চাকি ১০ টকাকৈ বিক্ৰী কৰা হয় ।"

লগতে পঢ়ক: যাদু চাকি: তেল অবিহনে জ্বলিব 24 ঘণ্টা, ক'ত পাব ?

কলি যুগত ত্ৰেতা যুগৰ পৰিৱেশ সৃষ্টিৰ প্ৰয়াস; ২৮ লাখ বন্তি প্ৰজ্বলেনেৰে নতুন অভিলেখৰ দিশে অযোধ্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.