ETV Bharat / state

উন্নয়নৰ নামত বৃহৎ শূণ্য : পথৰ মাজৰ বৃহৎ গাঁতে সমস্যাত পেলাইছে স্থানীয় লোকক - Dilapidated Road In Tihu - DILAPIDATED ROAD IN TIHU

Poor Road in Tihu : টিহু-আখৰা লোকনিৰ্মাণ পথৰ মৰণফাণ্ড সদৃশ পথে সুচল যাতায়তৰ সমস্যাত ভুগাইছে স্থানীয় লোকক । লোকনিৰ্মাণ বিভাগ আৰু জনপ্ৰতিনিধিক শীঘ্ৰে পথটো নিৰ্মাণ কৰি দিয়াৰ দাবী ভুক্তভোগী ৰাইজৰ ।

poor road condition in Tihu Nalbari people demand construction of the local road
পথৰ মাজত বৃহৎ গাঁত (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jul 20, 2024, 9:37 AM IST

নলবাৰী, 20 জুলাই : নলবাৰী জিলাৰ টিহু নগৰৰ পৰা 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ আখৰা চ’ক সংযোগী টিহু-আখৰা লোকনির্মাণ পথৰ মৰণফাণ্ড সদৃশ পথে উদঙাই দিছে ৰাজ্যৰ সুচল যাতায়ত ব্যৱস্থাৰ প্ৰকৃত ছবিখন । জিলাখনৰ টিহু নগৰৰ সমীপৰ খলিহাগুৰিৰ পৰা মথুৰাপুৰ, বড়গাঁও, হাতীপাৰা, শিয়ালমাৰী, যাঠিকুছি, গোৱৰাদল, বকুৱাজাৰী, বৰভাগজাৰী হৈ আখৰা চ'কত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত সংযোগ ঘটা এই পথটো ৷ গুৰুত্বপূৰ্ণ পথ হোৱা স্বত্বেও লোকনিৰ্মাণ বিভাগ আৰু জনপ্ৰতিনিধিয়েই পথটো নিৰ্মাণত কোনো গুৰুত্ব প্ৰদান নকৰাত যমৰ যাতনা ভুগিছে ৰাইজে ।

পথৰ মাজত বৃহৎ গাঁত (ETV Bharat Assam)

উল্লেখ কৰা প্ৰয়োজন যে, নলবাৰী জিলাৰ দ্বিতীয় প্রধান নগৰ টিহু আৰু নলবাৰী সদৰক সংযোগ কৰা এই টিহু-আখৰা লোকনির্মাণ পথটোৰে দিনে-নিশাই সহস্রাধিক গাড়ী-মটৰ চলাচল কৰাৰ লগতে পুৱাৰে পৰা নিশালৈ বিভিন্ন পথচাৰীয়ে অহা-যোৱা কৰে । তদুপৰি দিনৰ ভাগত স্কুল-কলেজৰ ছাত্র-ছাত্রী, বিভিন্ন চৰকাৰী-বেচৰকাৰী কার্যালয়ত কাম কৰা কর্মচাৰীসকল, বেপাৰ বাণিজ্যৰ বাবে টিহু, নলবাৰী, বৰমা আদিলৈ এই পথটোৰেই যথেষ্ট সংখ্যক লোকে অহা-যোৱা কৰে ।

কিন্তু, পথটোৰ খলিহাগুৰি গোপীনাথ মন্দিৰৰ সমীপৰ পৰা শিয়ালমাৰী আমেৰিকা চ'কলৈ পথৰ জৰাজীৰ্ণ অৱস্থাই বছৰ বছৰ ধৰি যমৰ যাতনা ভোগাই আহিছে পথটোৰে যাতায়াত কৰা ৰাইজক । বছৰৰ পিচত বছৰ ধৰি মেৰামতিৰ অভাৱত প্রকাণ্ড প্রকাণ্ড পুখুৰীসদৃশ গাঁতৰ সৃষ্টি হৈ অকল যাতায়াতৰ অনুপযোগী হৈ পৰাই নহয় পথচাৰীৰ বাবেও বিপদজনক হৈ পৰিছে পথচোৱা ।

বিগত বৰ্ষত লোকনির্মাণ বিভাগৰ মুছলপুৰৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে আখৰাৰ পৰা শিয়ালমাৰী আমেৰিকা চ'কলৈ পথছোৱা কিছু মেৰামতি কৰিছে যদিও বাকী পথছোৱা অর্থাৎ আমেৰিকা চ'কৰ পৰা খলিহাগুৰিলৈ মেৰামতি নকৰাত যাতায়ত ব্যৱস্থা শোচনীয় হৈ পৰিছে । এজাক বৰষুণ আহিলেই পথত থকা প্ৰকাণ্ড গাঁতবোৰ পানীৰে উপচি পৰি সমান হৈ পৰাত সৰু-বৰ দুৰ্ঘটনাৰ ঘটনাও সংঘটিত হৈছে বুলি জনায় ।

এই সন্দৰ্ভত স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসক ৰাইজে কেবাবাৰো অৱগত কৰিছে বুলি জানিবলৈ দিয়ে । মন্ত্ৰীগৰাকীয়ে পথছোৱা আচঁনিভূক্ত কৰা হৈছে বুলি জানিবলৈ দিছে যদিও আজি পৰ্যন্ত পথছোৱা নিৰ্মাণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় ৰাইজ অতিষ্ঠ হৈ পৰিছে ।

লগতে পঢ়ক: চাৰিশ কোটিটকীয়া কমাৰবন্ধা আলিৰ নিৰ্মাণকাৰ্য আধৰুৱা : ৰাইজে ভূগিছে যমৰ যাতনা - CORRUPTION IN ROAD CONSTRUCTION

জনপ্ৰতিনিধিৰ বিৰুদ্ধে ক্ষোভ : গাঁঠিৰ ধন ভাঙি পথ মেৰামতি কৰিলে ক্ষুব্ধ ৰাইজে - Dilapidated Road In Kalgachia

নিৰ্বিকাৰ চৰকাৰ : সুচল পথৰ আশা বাদ দি গুৰুত্বপূৰ্ণ পথত ৰুলে কঠীয়া - Poor Road in Tihu

ধেমাজিত বান ক্ষতিগ্ৰস্ত অঞ্চল পৰিদৰ্শন মন্ত্ৰী ৰণোজ পেগুৰ : বানাক্ৰান্তৰ ক্ষোভৰ উদগীৰণ - Assam Flood 2024

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.