ETV Bharat / state

উন্নয়নৰ পোহৰে ঢুকি নোপোৱা জোনাইৰ এখন গাঁও - poor road condition - POOR ROAD CONDITION

Locals demand for road construction : ৰাজ্যৰ চৌদিশে এতিয়া বিকাশ আৰু উন্নয়নৰ ৰঙীণ বিজ্ঞাপন দিছে ৰাজ্য চৰকাৰে । কিন্তু প্ৰকৃততে কিমান হৈছে এই উন্নয়ন ?

locals demand for road construction
উন্নয়ণৰ পোহৰে ঢুকি নোপোৱা জোনাইৰ এখন গাঁও (ETV BHARAT ASSAM)
author img

By ETV Bharat Assamese Team

Published : Jun 17, 2024, 1:59 PM IST

জোনাই, 17 জুন : আজিও আদিম যুগৰ দৰে বহিৰ্জগতৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে ধেমাজি জিলাৰ জোনাইৰ বৃহত্তৰ ৰাজাখানা অঞ্চলবাসী ৰাইজে । এটা সদাব্যস্ত পথৰ দুৰৱস্থাই বছৰ বছৰ ধৰি জীয়াতু ভুগাইছে অঞ্চলটোৰ ৰাইজক । বাৰিষাটো দূৰৰ কথা খৰালিটো এই পথচোৱাৰে অহা-যোৱা কৰাত যমৰ যাতনা ভুগি আহিছে অঞ্চলটোৰ ৰাইজে ৷

উন্নয়ণৰ পোহৰে ঢুকি নোপোৱা জোনাইৰ এখন গাঁও (ETV BHARAT ASSAM)

ইফালে বাৰিষাৰ কথা ক’বই নালাগে, বাৰিষাৰ সময়ত এই ব্যস্ততাময় পথচোৱা বোকাময় পথাৰলৈ ৰূপান্তৰ হয় ৷ 515 নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগী প্ৰায় কুৰিটাৰো অধিক গাঁৱৰ ৰাইজে অহা যোৱা কৰা এই পথৰ দুৰৱস্থাই বাৰুকৈয়ে জলাকলা খুৱাইছে অঞ্চলটোৰ ৰাইজক ।

পথৰ মাজত থকা প্ৰকাণ্ড প্ৰকাণ্ড গাঁত, দেখিলে আপুনিও আচৰিত হ'ব যে, এয়া পথ নে পথাৰ । বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে দৈনিক সহস্ৰাধিক লোকে অহা যোৱা কৰা একমাত্ৰ এই পথৰ দুৰৱস্থাই অঞ্চলটোৰ ৰাইজক দোমোজাত পেলাইছে ।

স্থানীয় ৰাইজে জানিবলৈ দিয়া মতে, এই পথটো বহু পুৰণি পথ ৷ স্থানীয় বিধায়কে 5 বছৰৰ পিচত এবাৰহে চাবলৈ আহে এই পথটো ৷ এই ক্ষেত্ৰত অঞ্চলটোৰ ৰাইজে কেইবাবাৰো স্থানীয় বিধায়ক তথা সাংসদগৰাকীক আবেদন নিবেদন কৰি আহিছে যদিও আজিকোপতি এই ক্ষেত্ৰত বিভাগীয় কৰ্তৃপক্ষৰ ফালৰ পৰা কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে ।

গতিকে অতি শীঘ্ৰে পথচোৱা নিৰ্মাণ কৰি অঞ্চলটোৰ ৰাইজৰ যাতায়তৰ বাবে সু-ব্যৱস্থা কৰি দিবলৈ চৰকাৰ তথা স্থানীয় বিধায়ক আৰু সাংসদগৰাকীক কাতৰ আহ্বান জনাইছে অঞ্চলটোৰ ভুক্তভোগী ৰাইজে । অন্যথা লোকসকলে অনাগত নিৰ্বাচনত ভোট বৰ্জন কৰাৰ হুংকাৰ দিয়ে ৷

লগতে পঢ়ক: Public Protest at Bihpuria: পথ নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল ৰাইজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.