ETV Bharat / state

মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ এখন পয়ালগা ছবি - World Tourism Day 2024 - WORLD TOURISM DAY 2024

Poor condition of Majuli tourism: আজিও পৰ্যটকৰ বাবে থকা-মেলাৰ সু-ব্যৱস্থা নাই মাজুলীত । মাজুলী তথা মাজুলীবাসীৰ ক্ষোভ । কোটিটকীয়া চৰকাৰী প্ৰকল্পৰ বিধ্বস্ত ৰূপ দেখি ক্ষোভিত মাজুলীৰ সচেতন ৰাইজ ।

Poor condition of tourism department in Majuli
মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ এখন পয়ালগা ছবি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Sep 27, 2024, 4:53 PM IST

Updated : Sep 27, 2024, 9:07 PM IST

মাজুলী, ২৭ ছেপ্টেম্বৰ: আজি বিশ্ব পৰ্যটন দিৱস । সমগ্ৰ বিশ্বৰ লগতে অসমতো এই দিৱস পালন কৰিছে পৰ্যটন বিভাগ তথা পৰ্যটন ক্ষেত্ৰৰ লগত জড়িত অনুষ্ঠান-প্ৰতিষ্ঠানে । বিশ্বৰ বিভিন্ন প্ৰান্তৰ সামাজিক, সাংস্কৃতিক তথা সমাজৰ বিভিন্ন উপাদান সামৰি একগোট কৰাৰ উদ্দেশ্যৰে তথা নিজা নিজা সংস্কৃতি অন্য ঠাইৰ সংস্কৃতিৰ সৈতে পৰিচয় কৰাই দিয়াৰ উদ্দেশ্যেৰে পালন কৰা হয় এই দিৱস ।

এই বিশ্ব পৰ্যটন দিৱসৰ দিনাই মাজুলীত দেখা গৈছে এখন দুখলগা ছবি । ২০১৮/১৯ বৰ্ষত মাজুলীৰ পৰ্যটনৰ উন্নয়নৰ বাবে অনুমোদিত ৬০ কোটি টকীয়া অভিলাষী আঁচনিৰ বিধ্বস্ত ৰূপ । ভূতবাংলাত পৰিণত মাজুলী শালমৰাৰ মৃৎশিল্প গাঁও, জেংৰাইমুখৰ জনজাতি থিম ভিলেজ, নতুন চামগুৰি সত্ৰৰ ৱুডহাট পৰ্যটন প্ৰকল্প । কোটি কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰি নিৰ্মাণ কৰা পৰ্যটন ক্ষেত্ৰৰ বিধ্বস্ত ৰূপ দেখি সকলো আচৰিত ।

মাজুলীৰ পৰ্যটন ক্ষেত্ৰৰ এখন পয়ালগা ছবি (ETV Bharat Assam)

মাজুলীলৈ পৰ্যটক আহি থাকিবলৈ ভাল ব্যৱস্থা নাপাই উভতি যায়, কিন্তু চৰকাৰী পৰ্যটন গৃহৰ আজি এই অৱস্থা । এনেদৰে এটা চৰকাৰী পৰ্যটন গৃহ জহি খহি যোৱাটো মাজুলীবাসীৰ বাবে দুৰ্ভাগ্যজনক কথা । কিয়নো বিশ্বৰ পৰ্যটন ক্ষেত্ৰৰ ভিতৰত অন্যতম এক আৰ্কষণীয় স্থান হৈছে সত্ৰপীঠ মাজুলী । মাজুলীৰ কলা-সংস্কৃতি, মাজুলীৰ পৰিৱেশে বিভিন্নজনক আকৰ্ষণ কৰে ।

কোটি কোটি টকা ৰাজকোষৰ পৰা ব্যয় কৰা ধনেৰে নিৰ্মাণ কৰা পৰ্যটন গৃহ এটা এনেদৰে পৰি থকাটো আচলতে দুৰ্ভাগ্যজনক । পৰ্যটনৰ এটা বিভাগ থকাৰ পাছতো এনেদৰে এই পৰ্যটন গৃহটো ভূত বাংলালৈ ৰূপান্তৰিত হোৱাটো আচলতে বিভাগটোৰে দুৰ্বলতা বুলি মত প্ৰকাশ কৰিছে বিভিন্নজনে ।

লগতে পঢ়ক: ৰঙে-ৰূপে ভৰপুৰ মাজুলীয়ে আহিনত হাতবাউলি মাতে পৰ্যটকক - World Tourism Day 2024

স্বচ্ছতা অভিযান আৰু সজাগতা চাইকেল ৰেলীৰে কাজিৰঙাত বিশ্ব পৰ্যটন দিৱস উদযাপন - WORLD TOURISM DAY 2024

বিশ্ব পৰ্যটন দিৱস: কলিয়াবৰৰ বুকুত থকা পৰ্যটন থলীসমূহৰ বিষয়ে কিছু কথা - WORLD TOURISM DAY 2024

Last Updated : Sep 27, 2024, 9:07 PM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.