ETV Bharat / state

চিপনশিলাৰ পঞ্চায়ত সচিব হত্যাৰ গোচৰত প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামীক গ্ৰেপ্তাৰ - Panchayat secretary killed

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 10:49 PM IST

Bongaigaon murder case: চিপনশিলাৰ পঞ্চায়ত সচিবক গুলীয়াই হত্যা কৰা ঘটনাৰ তদন্ত অব্যাহত আৰক্ষীৰ ৷ ঘটনা সন্দৰ্ভত চিপনশিলা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে ৷

PANCHAYAT SECRETARY SHOT DEAD
পঞ্চায়ত সচিবক গুলীয়াই হত্যা কৰা ঘটনাৰ তদন্ত অব্যাহত (ETV BHARAT ASSAM)

বঙাইগাঁও, 28 জুন : বঙাইগাঁও চহৰৰ সমীপৰ চিপনশিলা অঞ্চলত পঞ্চায়ত সচিবক গুলীয়াই হত্যা কৰা ঘটনাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ ইয়াৰ মাজতে এই ঘটনাৰে জড়িত এজন ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামীক ৷

বঙাইগাঁৱৰ চিপনশিলা পঞ্চায়তৰ প্ৰাক্তন সভানেত্ৰীৰ স্বামীক শুকুৰবাৰে গ্ৰেপ্তাৰ কৰে বঙাইগাঁও আৰক্ষীয়ে ৷ গ্ৰেপ্তাৰ কৰা ব্যক্তিজনৰ নাম যশবৰ নাৰ্জাৰী বুলি জানিব পৰা গৈছে ৷

বুধবাৰে বঙাইগাঁৱৰ চিপনশিলাৰ কাশীডবাত পঞ্চায়ত সচিব চন্দ্ৰকান্ত দাসক গুলীয়াই হত্যা কৰিছিল আততায়ীয়ে ৷ এই ঘটনাৰ পিচতে আৰক্ষীয়ে পঞ্চায়ত সভানেত্ৰী সুৱনশ্ৰী নাৰ্জাৰী, তেওঁৰ স্বামী যশবৰ নাৰ্জাৰী আৰু এজন আত্মীয়ক সোধপোচৰ বাবে আটক কৰে ৷ আটাইকে জেৰাৰ অন্তত প্ৰাক্তন পঞ্চায়ত সভানেত্ৰীৰ স্বামী যশবৰ নাৰ্জাৰীক আজি সন্ধিয়া গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ৷ যশবৰ নাৰ্জাৰীক আৰক্ষীয়ে পাঁচদিনৰ জিন্মাত লৈছে বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে, বঙাইগাঁও চহৰৰ উপকণ্ঠ চিপনশিলা অঞ্চলত বুধবাৰে বিয়লিৰ ভাগত সংঘটিত হয় এক ভয়ংকৰ ঘটনা ৷ অঞ্চলটোৰ এখন সৰু চাহৰ হোটেলত চাহ খাবলৈ সোমোৱা চিপনশিলা গাঁও পঞ্চায়তৰ সচিব চন্দ্ৰকান্ত দাসক মটৰ চাইকেলেৰে অহা দুই দুৰ্বৃত্তই নিচেই ওচৰৰ পৰা গুলীয়াই হত্যা কৰে ৷ দুৰ্বৃত্তৰ গুলীয়ে চন্দ্ৰকান্ত দাসৰ মূৰত আঘাত কৰাত থিতাতে মৃত্যুক আঁকোৱালি লয় লোকজনে ৷

গুলীচালনাৰ পিচতেই বন্দুকধাৰী দুৰ্বৃত্তই বাইকত সেই স্থানৰ পৰা পলায়ন কৰে ৷ পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী আয়ুক্ত মোহন লাল মীনা আৰু জিলা আয়ুক্ত নৱদ্বীপ পাঠক ৷ ইতিমধ্যে এই ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত আৰম্ভ কৰিছে ৷
লগতে পঢ়ক : পঞ্চায়ত সচিবক শূন্য দূৰত্বৰ পৰা গুলীয়াই হত্যা - Panchayat secretary killed

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.