ETV Bharat / state

ফোনতেই অসমৰ বানৰ বুজ ল’লে মোদী-শ্বাহে : সহায়ৰ আশ্বাস মুখ্যমন্ত্ৰীক - Flood in Assam

author img

By ETV Bharat Assamese Team

Published : Jul 1, 2024, 7:41 PM IST

Updated : Jul 1, 2024, 7:59 PM IST

Assam CM on flood: বান সমস্যা সন্দৰ্ভত বুজ ল’বলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ফোন‌ প্ৰধানমন্ত্ৰীৰ ৷ যিকোনো প্ৰকাৰৰ সহায়ৰ আশ্বাস প্ৰধানমন্ত্ৰীৰ ৷ গৃহমন্ত্ৰী অমিত শ্বাহেও ফোনযোগে ল’লে বানৰ খবৰ ৷

ASSAM FLOOD REPORT
FLOOD IN ASSAM (ETV Bharat Assam)

গুৱাহাটী, ১ জুলাই: অসমৰ জটিল‌ বান‌ পৰিস্থিতিৰে মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰ‌ সক্ষম । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই সোমাবাৰে দিছপুৰ লোকসেৱা ভৱনত সংবাদমেল সম্বোধন কৰি এই কথা প্ৰকাশ কৰে । তেওঁ কয় যে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ সৈতেও কথা পাতিছে মুখ্যমন্ত্ৰীৰ হিমন্ত বিশ্ব শৰ্মাই । সম্প্ৰতি অসমৰ বান পৰিস্থিতি শোচনীয় হৈছে ।

মুখ্য়মন্ত্ৰীয়ে কয়, ‘‘প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ফোনযোগে অসমৰ বান পৰিস্থিতিৰ বিষয়ে বুজ লয় । মই প্ৰধানমন্ত্ৰীক অৰুণাচল প্রদেশ আৰু অসমৰ উজনি অংশৰ জিলাসমূহত ধাৰাসাৰ বৰষুণৰ ফলশ্রুতিত অসম এই বছৰৰ দ্বিতীয়টো বানৰ দ্বাৰা প্রভাৱিত হোৱাৰ কথা বিস্তাৰিতভাৱে কওঁ । তেওঁ মোক ৰাজ্যৰ এই সংকটৰ সময়ত ভাৰত চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্রদান কৰে । গৃহমন্ত্ৰী অমিত শ্বাহেও ফোন কৰি ৰাজ্যৰ এই সংকটৰ সময়ত ভাৰত চৰকাৰৰ পৰা সম্পূৰ্ণ সহযোগিতাৰ আশ্বাস প্রদান কৰিছে ।’’

লগতে পঢ়ক: প্ৰবল বানৰ কবলত লখিমপুৰ জিলা : স্থগিত জিলা আয়ুক্ত সন্মিলন - Assam floods 2024

তেওঁ লগতে কয়, ‘‘অসমৰ বান পৰিস্থিতি অৱনমিত হৈছে । বহুত জিলাত ব্ৰহ্মপুত্ৰৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে । এইক্ষেত্ৰত বান‌ পৰিস্থিতি উদ্বেগজনক ।‌ অহা চাৰিদিন জটিল হ'ব ।‌ চৰকাৰৰ পৰ্যালোচনা অব্যাহত আছে ।‌ আজিৰ তাৰিখত অসমৰ ১৪ খন‌ জিলাৰ ৪১ ৰাজহ চক্ৰৰ ৬৯৮ খন গাঁও বানত বুৰ গৈ আছে । ২ লাখ ৭০ হাজাৰ ৬২৮ জন লোক বানত ক্ষতিগ্ৰস্ত হৈছে ।’’

২০১১ আৰু ২০১৭ চনতকৈ এইবাৰ সোৱণশিৰি নদীত পানী বেছি হৈছে । বিপদসীমা অতিক্ৰম কৰাৰ বাবে সোৱণশিৰি বান্ধৰ পৰা ৪০৯ কিউবিক মিটাৰ‌ পানী এৰি দিয়া হৈছে । ফলত উত্তৰ লখিমপুৰৰ ১৯ গাঁৱৰ ১১ হাজাৰ লোক ক্ষতিগ্ৰস্ত । এতিয়া দ্বিতীয়বাৰ পানী এৰি দিয়া নাই বুলি মুখ্যমন্ত্ৰীয়ে জনায় ।

লগতে পঢ়ক: ৰাজ্যত বানৰ সংহাৰ : মৃতকৰ সংখ্যা ৩৪ লৈ বৃদ্ধি; ৬৭১ খন গাঁও এতিয়াও পানীৰ তলত - Assam Flood 2024

কাজিৰঙাত ২৩৩ টা বন শিবিৰ ভিতৰত ৯৫ টা বানত বুৰ গৈছে । কাজিৰঙাৰ মাজেৰে ট্ৰাকৰ চলাচল বন্ধ কৰা হৈছে । এই ট্ৰাকবোৰ উত্তৰ অসমেৰে যোৰহাটত প্ৰৱেশৰ ব্যৱস্থা কৰা হৈছে । নৈশ‌ বাছ আৰু অন্যান্য বাহন ৩০ মিনিটৰ অন্তৰে অন্তৰে যাবলৈ দিয়া হৈছে বুলিও মুখ্যমন্ত্ৰীয়ে সদৰী কৰে ।

তেওঁ কয় যে বান পৰিস্থিতিৰ বাবে লখিমপুৰত জিলা উপায়ুক্তৰ সন্মিলন স্থগিত ৰখা হৈছে । মন্ত্ৰীসকললক বান‌ পৰিস্থিতি তদাৰক কৰাৰ বাবে নিৰ্দেশ দিয়া হৈছে । লগতে বিধায়কসকলকো আহ্বান‌ কৰা হৈছে । অহা বুধবাৰে কেবিনেট বৈঠকত বানৰ বিষয়ে আলোচনা কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জনায় ।

লগতে পঢ়ক: নীপকোৰ পিচত এইবাৰ এনএইচপিচিয়েও এৰিলে সোৱণশিৰি প্ৰকল্পৰ পানী; শংকিত নৈপৰীয়া - NHPC releases excess water

Last Updated : Jul 1, 2024, 7:59 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.