ETV Bharat / state

কংগ্ৰেছ দলক লৈ চিন্তিত মন্ত্ৰী পীযুষ হাজৰীকা, কিন্তু কিয় ? - কংগ্ৰেছ দল এতিয়া ভ্ৰষ্ট

Lok sabha election 2024 : "কংগ্ৰেছ দলত গৰাখহনীয়া হৈছে ৷ কংগ্ৰেছৰ এতিয়া কোনো নীতি নাই ৷ কংগ্ৰেছ দল এতিয়া ভ্ৰষ্ট ৷" - মন্ত্ৰী পীযুষ হাজৰীকা ৷

Lok sabha election 2024
কংগ্ৰেছ দলক লৈ চিন্তিত মন্ত্ৰী পীযুষ হাজৰীকা
author img

By ETV Bharat Assamese Team

Published : Mar 4, 2024, 7:41 AM IST

Updated : Mar 4, 2024, 12:32 PM IST

কংগ্ৰেছ দলক লৈ চিন্তিত মন্ত্ৰী পীযুষ হাজৰীকা

যোৰহাট, 4 মাৰ্চ : "কেইদিনমানৰ পিচত কংগ্ৰেছ দল নাথাকিব আৰু আপোনালোকে দেখিছে এইকেইদিনত কংগ্ৰেছ দলত কেনেদৰে গৰাখহনীয়া হৈছে ৷ কোনোৱে বিজেপিলৈ ক্ষমতাৰ বাবে অহা নাই ৷ সকলোৱে দেশৰ বাবে কাম কৰিবলৈ আহিছে ৷ সকলোৱে গম পাইছে যে কংগ্ৰেছৰ এতিয়া কোনো নীতি নাই, কংগ্ৰেছ দল এতিয়া ভ্ৰষ্ট ৷’’ কংগ্ৰেছ দলৰ সন্দৰ্ভত দেওবাৰে যোৰহাটত এইদৰে মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

লগতে তেওঁ কয়, ‘‘আমাৰ দল সকলোৰে বাবে খোলা ৷ সংখ্যালঘু, সংখ্যাগৰিষ্ঠ বুলি ইয়াতে কথা নাই ৷ প্ৰত্যেকগৰাকী ভাৰতীয়ৰ বাবে আমাৰ দল খোলা ৷ যিসকলে ভাৰতক ভাল পাই, ভাৰতক আগুৱাই লৈ যাবলৈ বিচাৰে, সেইসকলৰ বাবে বিজেপি দল খোলা ৷ আমি সকলোকে স্বাগতম জনাইছো ৷"

শনিবাৰে লোকসভা নিৰ্বাচনৰ বাবে বিজেপি দলে 11 টা লোকসভা সমষ্টিৰ বাবে নাম ঘোষণা কৰা লগে লগে ব্যাপক তৎপৰতা বৃদ্ধি হৈছে দলটোত ৷ সেই উদ্দেশ্যে দেওবাৰে যোৰহাট জিলা বিজেপি কাৰ্যালয়ত অনুষ্ঠিত হোৱা এক যোগদান সভাত অংশগ্ৰহণ কৰে মন্ত্ৰী পীযুষ হাজৰীকাই ৷

তেওঁ কয় যে বৰ্তমান সময়ত যোৰহাট আৰু কাজিৰঙা লোকসভা সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থীয়ে নাই আৰু বিজেপিয়ে 3 লাখ অধিক ভোটত জয়লাভ কৰিব । এই যোগদান সভাত কংগ্ৰেছকে আদি কৰি বিভিন্ন দলৰ তিনিশৰো অধিক লোকে বিজেপি দলত যোগদান কৰে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

লক্ষণীয় যে ৰাজ্যত সময়ে সময়ে সলনি হৈছে ৰাজনীতিৰ বতাহ ৷ মোদীৰ মেজিকত যেন ক’ৰবাত বিধ্বস্ত হৈ পৰিছে কংগ্ৰেছ দল ৷ বিগত দিনকেইটাত ইজনৰ পিচত সিজনকৈ কংগ্ৰেছ নেতাই বিজেপিত যোগদান কৰাৰ পিচতেই দলটোৰ বিৰুদ্ধে শাসকীয় দল আক্ৰমনাত্মক হৈ পৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়ক: ৰাণা গোস্বামীক আদৰিবলৈ সাজু বিজেপি: যোগেন মহন

Last Updated : Mar 4, 2024, 12:32 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.