ETV Bharat / state

কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ : বৰপথাৰত আতচবাজীৰে বিজয় উল্লাস - Paris Olympics 2024

author img

By ETV Bharat Assamese Team

Published : Jul 31, 2024, 7:40 PM IST

Lovlina Borgohain : পেৰিছ অলিম্পিকৰ মহিলাৰ 75 কিলোগ্ৰাম শাখাত সহজ জয়েৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে লাভলীনাই ৷ লাভলীনাই সহজেই বিজয় সাব্যস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাৰ পিচতেই আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰে বৰপথাৰবাসীয়ে ৷

LOVLINA BORGOHAIN
বৰপথাৰত উৎসৱমুখৰ পৰিৱেশ (ETV Bharat Assam)

সৰুপথাৰ, 31 জুলাই : পদকলৈ মাজত মাত্ৰ এটা খোজ ৷ জয়েৰে পেৰিছ অলিম্পিক 2024ৰ যাত্ৰা আৰম্ভ কৰিলে বৰপথাৰৰ বজ্ৰকন্যা লাভলীনা বৰগোহাঁয়ে ৷ 26 বছৰীয়া ভাৰতীয় বক্সাৰগৰাকীয়ে পেৰিছ অলিম্পিকৰ মহিলাৰ 75 কিলোগ্ৰাম শাখাত সহজ জয়েৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে ৷ আজিৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ মেচখনত ন’ৰৱেৰ প্ৰতিদ্বন্দ্বী হফষ্টাড চুন্নিভাৰ বিৰুদ্ধে সহজ জয়েৰে পেৰিছ অলিম্পিক 2024ৰ অভিযান আৰম্ভ কৰে লাভলীনাই ৷ তিনিওটা ৰাউণ্ডতে প্ৰতিদ্বন্দ্বীক ধৰাশায়ী কৰি 5-0ত মেচখনত বিজয় সাব্যস্ত কৰে তেওঁ ৷

সহজ জয়েৰে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ লাভলীনাৰ (ETV Bharat Assam)

ইফালে লাভলীনাৰ এই বিজয়ৰ পিচতেই তেওঁৰ জন্মস্থান বৰপথাৰত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ ৷ বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে একেলগে পৰ্দাত উপভোগ কৰিছিল লাভলীনাৰ এই মেচখন ৷ মেচখনত লাভলীনাই সহজেই বিজয় সাব্যস্ত কৰি পৰৱৰ্তী ৰাউণ্ডলৈ অগ্ৰসৰ হোৱাৰ পিচতেই আতচবাজী ফুটাই আনন্দ প্ৰকাশ কৰে বৰপথাৰবাসীয়ে ৷ আনফালে একাংশই বিহুনাম গাই আনন্দত মতলীয়া হৈ পৰে ৷ সকলোৱে আশা কৰা ধৰণে লাভলীনাই খেল প্ৰদৰ্শন কৰিলে বুলি মন্তব্য কৰে ৰাইজে ৷

উল্লেখ্য যে পৰৱৰ্তী ৰাউণ্ডতো বিজয় সাব্যস্ত কৰি লাভলীনাই পদকৰ ৰং সলনি কৰিবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷ টকিঅ’ অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা বক্সাৰগৰাকীয়ে এইবাৰ পেৰিছ গেমছত স্বৰ্ণ জয় কৰিবলৈ সক্ষম হ'ব বুলি সকলোৱে আশা প্ৰকাশ কৰিছে ৷ ইতিমধ্যে লাভলীনাৰ হৈ বৰপথাৰৰ ৰাইজ তথা বিভিন্ন দল-সংগঠনে নামঘৰ-মন্দিৰত প্ৰাৰ্থনা জনোৱা পৰিলক্ষিত হৈছে ৷ এতিয়া পৰৱৰ্তী মেচত চীনা বক্সাৰ লি কিয়ানৰ মুখামুখি হ'বলৈ সাজু হৈছে অসমকন্যা লাভলীনা।

লগতে পঢ়ক : পেৰিছ অলিম্পিকত লাভলীনাৰ জয়যাত্ৰা আৰম্ভ : কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিলে বৰপথাৰৰ বজ্ৰকন্যাই - Paris Olympics 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.