গুৱাহাটী: শীতকাল অহাৰ লগে লগে বজাৰ ভৰি পৰে কমলাৰে ৷ ৰ’দ পাই ৰঙা হোৱা কমলাৰ সোৱাদ ল’বলৈ সকলোৱেই ভালপায় ৷ অসমতেই এনে এখন ঠাই আছে, য’ত উৎপাদিত কমলাৰ সোৱাদ অনন্য বুলি বহুতেই কয় ৷ এই সোৱাদযুক্ত কমলা পায় কামৰূপ জিলাৰ সোণাপুৰত ৷ এই প্ৰতিবেদনত আপোনাক দিব খুজিছোঁ এটা ভাল খবৰ ৷ সোণাপুৰৰ কাষৰীয়া আম্প্ৰি ভেলীৰ নৈসৰ্গিক পৰিৱেশত অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ‘‘অৰেঞ্জ ফেষ্টিভেল বা কমলা মহোৎসৱ’’ । একালত সোণাপুৰৰ বিশেষকৈ আম্প্ৰি ভেলীৰ কমলা ভাৰত বিখ্যাত আছিল ।
অঞ্চলটোত ইমানেই কমলা উৎপাদন হৈছিল যে দেশৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে অসম ভ্ৰমণকালত সোণাপুৰলৈ আহোতে অঞ্চলটোৰ কৃষকে কমলাৰে তোৰণ সাজি আৰু কমলা ভৰ্তি পাচি উপহাৰ দি প্ৰধানমন্ত্ৰীগৰাকীক আদৰণি জনাইছিল । সেই সময়ত প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱেও সোণাপুৰৰ কমলাৰ স্বাদ অতুলনীয় বুলি শলাগ লৈছিল ।
এতিয়াও সোণাপুৰৰ বহু কৃষক কমলাৰ খেতিৰ সৈতে জড়িত ৷ কিন্তু সোণাপুৰৰ কমলাই এখন উপযুক্ত বজাৰ আৰু প্ৰচাৰ নোপোৱাৰ বাবে কমলা খেতিয়ে অঞ্চলটোৰ নতুন প্ৰজন্মৰ আকৰ্ষণ হেৰুৱাৰ উপক্ৰম হৈছে । সেয়ে সোণাপুৰৰ কমলাৰ পূৰ্বৰ ঐতিহ্য ঘূৰাই অনা, এখন বজাৰ সৃষ্টি কৰা আৰু অঞ্চলটোৰ নৱপ্ৰজন্মক কমলা খেতিৰ প্ৰতি পুনৰ আকৰ্ষিত কৰাৰ উদ্দেশ্যে অসম-মেঘালয় সীমাৰ আম্প্ৰি ভেলীৰ এগ্ৰ' ট্যুৰিজম এণ্ড ৰুৰেল কানেক্ট, FIG (Ampri valley Agrotourism and Rural - connect, FIG)ৰ উদ্যোগত স্থানীয় দণ্ডৰাল (Dondoral) গাঁৱত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হৈছে কমলা মহোৎসৱ । ৭ আৰু ৮ ডিচেম্বৰত দুদিনীয়া কাৰ্যসূচীৰে এই কমলা মহোৎসৱ অসমত প্ৰথমবাৰৰ বাবে আয়োজন কৰা হৈছে ।
উল্লেখযোগ্য যে, কমলা খেতিৰ সৈতে জড়িত আম্প্ৰি ভেলী এগ্ৰ' ট্যুৰিজম এণ্ড ৰুৰেল কানেক্ট, FIG এ সম্পূৰ্ণ নিজা উদ্যোগ আৰু শুভাকাংক্ষীৰ দান বৰঙণিৰে এই কমলা মহোৎসৱৰ আয়োজন কৰিছে । ইয়াত অসমৰ বিভিন্ন প্ৰান্তৰ লগতে মেঘালয়ৰ কমলা খেতিয়কসকলে নিজা উৎপাদন আৰু স্থানীয় ফল-মূল, পাচলি, খাদ্য-সামগ্ৰী আৰু থলুৱা বস্ত্ৰ প্ৰদৰ্শন কৰিব । মহোৎসৱস্থলীত বিভিন্ন বিপনীত এই লোকসকলৰ সামগ্ৰীবোৰ প্ৰদৰ্শনৰ লগতে বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে ।
ৰাজ্যৰ লগতে দেশ বিদেশৰ পৰ্যটক, কমলা ব্যৱসায়ীৰ সমাগম হ’বলগীয়া এই মহোৎসৱৰ অন্যতম আকৰ্ষণ হৈছে ইয়ালৈ অহা লোকসকলে সামান্য এক মাচুল পৰিশোধ কৰি কমলা বাগিচালৈ গৈ তাত স্থানীয় কৃষকে লোভনীয়ভাৱে সজাই ৰখা বিবিধ কমলাৰ সোৱাদ মন ভৰি লোৱাৰ লগতে ফলেৰে জাতিষ্কাৰ হৈ থকা কমলা গছৰ তলত ফটো, ভিডিঅ' আদি ল'ব পাৰিব আৰু সেউজ পাহাৰৰ নৈসৰ্গিক শোভা উপভোগ কৰিব পাৰিব ।
কমলা মহোৎসৱ আয়োজনক লৈ আম্প্ৰি ভেলী এগ্ৰ' ট্যুৰিজম এণ্ড ৰুৰেল কানেক্ট, FIG ৰ সভাপতি কাতি ৰংহাঙে কয়, ‘‘কাইলৈৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱত সোণাপুৰ, ৰাণীৰ লগতে মেঘালয়ৰ কমলা খেতিয়কসকলে ২০-৩০ খন ষ্টলত কমলা প্ৰদৰ্শন কৰাৰ লগতে বিক্ৰী কৰিব লগতে সাংস্কৃতিক অনুষ্ঠানো থাকিব ।’’
‘‘তদুপৰি প্ৰতিগৰাকী দৰ্শকে ১৫০-২০০ টকা প্ৰৱেশ মাচুল দি কমলা বাগানৰ পৰিৱেশ উপভোগ কৰাৰ লগতে হেঁপাহ পলুৱাই কমলা খাব পাৰিব । এই মহোৎসৱত মুখ্য অতিথি হিচাপে কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকিব । প্ৰায় তিনি বছৰৰ পৰিকল্পনাৰ পিছত এইবাৰ এই মহোৎসৱৰ আয়োজন কৰা হৈছে ।" তেওঁ লগতে কয় ৷
- সোণাপুত কিমান কমলা খেতিয়ক আছে ?
সোণাপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গত অঞ্চলত প্ৰায় ৫০০ কমলা খেতিয়ক আছে । সোণাপুৰ, ডিমৰীয়া আম্প্ৰি ভেলিকে ধৰি সমগ্ৰ অঞ্চলটোত প্ৰায় ১০০-৩০০ হেক্টৰ ভূমিত কমলা খেতি হয় । সমগ্ৰ সোণাপুৰ এলেকাৰ ভিতৰতে আম্প্ৰি ভেলীত ৯০% কমলা উৎপাদন হয় । আম্প্ৰি ভেলীত ৩০০ খেতিয়কে ৮০ হেক্টৰ মাটিত কমলা খেতি কৰে । আপ্ৰি ভেলীত কমলা খেতিৰ বতৰত বছৰি ৪০-৫০ লাখ টকাৰ উপাৰ্জন হয় ।
- কি বিশেষ সোণাপুৰৰ কমলা
সোণাপুৰৰ কমলাৰ বিশেষত্ব হৈছে ইয়াৰ ইয়াৰ স্বাদ অতুলনীয় আৰু ৰসেৰে পৰিপূৰ্ণ । অন্য ঠাইৰ কমলাতকৈ এই কমলা যথেষ্ট তৃপ্তি দায়ক । আন ঠাইৰ কমলাৰ তুলনাত সোণাপুৰৰ কমলা দেখাতো অলপ পৃথক । অন্য প্ৰান্তৰ কমলাৰ বাকলি মসৃণ আৰু শুদ্ধ কমলাৰঙী হয় । কিন্তু সোণাপুৰৰ কমলাৰ বাকলিটো মসৃণ নোহোৱাৰ লগতে ক'লা ফুটফুটীয়া হয় । মেঘালয়ৰ কমলাৰ সৈতে এই কমলা প্ৰায় একেই, পিছে স্বাদতহে পৃথক ।
- কি কি সমস্যাৰ সন্মুখীন হৈছে কমলা কৃষকসকল
আম্প্ৰি ভেলী কাৰ্বি জনগোষ্ঠী বসতি প্ৰধান অঞ্চল । ইয়াৰ ৯৯% লোকে কৃষিৰ ওপৰত নিৰ্ভৰশীল । কেৱল ১% লোকহে চৰকাৰী চাকৰিয়াল বা অন্যন্য কৰ্মৰ লগত জড়িত । ৯৯% কৃষিজীৱী লোকৰ ভিতৰত ৩০-৪০% লোক কমলা খেতিৰ লগত জড়িত । আম্প্ৰি ভেলীত কমলা খেতিৰ লগতে তামোল-পাণ, জালুক, মাটিকঁঠাল, ঝাড়ু, বাঁহ আৰু ধানো উৎপাদনৰ লগতে মৎস উৎপাদন হয় । প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি এই অঞ্চলৰ কৃষকসকলে কমলাৰ খেতি জৈৱিকভাৱে কৰি আহিছে ।
বৰ্তমান সময়ত কমলা খেতি কমি আহিছে । কমলাৰ পুলি লগোৱাৰ পৰা ফল ধৰালৈ গছবোৰ ঠিকেই থাকে ৷ কিন্তু কমলাৰ ফল ধৰিবলৈ ল’লে গছবোৰত বিভিন্ন বেমাৰ দেখা দিয়ে, যাৰ বাবে কমলাবোৰ সৰি যোৱাৰ লগতে গছবোৰ মৰি যায় । এইবোৰ কাৰণত কমলা বাগান প্ৰতিপালন কৰাত খৰচৰ পৰিমাণ বৃদ্ধি পাইছে । যাৰ বাবে কমলা খেতি কৰিবলৈ কৃষকসকলৰ আগ্ৰহ নোহোৱা হৈছে । তাৰ বিকল্প খেতি হিচাপে আন খেতিবোৰ আৰম্ভ কৰিছে ।
উল্লেখ্য যে, আম্প্ৰি ভেলীত প্ৰজন্ম প্ৰজন্ম ধৰি কমলা খেতি কৰি অহা কৃষকসকলক কৃষি বিভাগে সহায় সহযোগিতা আগবঢ়োৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষই উদগনি জনালে কৃষকসকল অধিক উপকৃত হ'ব ।