ETV Bharat / state

কেবিনেটৰ সিদ্ধান্তত ক্ষুব্ধ নলবাৰীৰ অ’ বি বি শিক্ষক - OBB teachers

author img

By ETV Bharat Assamese Team

Published : Jun 28, 2024, 7:57 PM IST

Cabinet Meeting Nalbari : নলবাৰীত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক কেবিনেটৰ পিচতেই ক্ষোভিত হৈ পৰিছে জিলাখনৰ অ' বি বি শিক্ষকসকল ৷ অ' বি বি শিক্ষকসকলক উপলুঙা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷

OBB TEACHERS IN NALBARI
অ'বিবি শিক্ষক সকলক পণ্য সামগ্ৰীৰ দৰে উপলুঙা কৰাৰ অভিযোগ (ETV BHARAT ASSAM)

নলবাৰী, 28 জুন : বৃহস্পতিবাৰ অৰ্থাৎ 27 জুনত নলবাৰীত অনুষ্ঠিত হৈ যোৱা ৰাজ্যিক কেবিনেটে জিলাখনৰ 347 গৰাকী অ' বি বি শিক্ষকৰ ওপৰত লোৱা সিদ্ধান্তৰ পিচতে ক্ষোভিত হৈ পৰিছে অ' বি বি শিক্ষকসকল ৷ নলবাৰী জিলাৰ অ' বি বি শিক্ষকসকলক চাকৰি নিয়মীয়া নকৰি মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিত অন্তৰ্ভুক্ত কৰা হ’ব বুলি ঘোষণা কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ এই আঁচনিৰ জৰিয়তে নলবাৰী জিলাৰ অ' বি বি শিক্ষকসকলক দুই লাখকৈ টকা দিয়াৰ ব্যৱস্থা কৰা হ’ব বুলি কৈছিল মুখ্যমন্ত্ৰীয়ে ৷ ইয়াৰ পিচতে ক্ষোভিত হৈ পৰিছে অ' বি বি শিক্ষকসকল ৷

ক্ষোভিত হৈ পৰিছে নলবাৰীৰ অ’বিবি শিক্ষকসকল (ETV BHARAT ASSAM)

কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আজি অ' বি বি শিক্ষকসকলে নলবাৰীত এক বিশেষ কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰে ৷ সভাত তেওঁলোকে মুখ্যমন্ত্ৰীক এই সিদ্ধান্ত বাতিল কৰাৰ বাবে আহ্বান জনায় ৷ উল্লেখযোগ্য যে 2001 চনৰে পৰা অ' বি বি শিক্ষকসকলে চাকৰি নিয়মীয়া কৰাৰ বাবে সংগ্ৰাম চলাই আহিছে বুলি ব্যক্ত কৰে এইসকল ক্ষোভিত শিক্ষকে ৷ বহুবাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ যোগেদি চাকৰি নিয়মীয়া কৰাৰ বাবে আবেদন জনাই আহিছে বুলিও উল্লেখ কৰে এইসকল অ' বি বি শিক্ষকে ৷

মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক ভৰসা কৰি বৃহস্পতিবাৰৰ দিনটোত ভাল ফলৰ আশাত আছিল বুলিও জানিবলৈ দিয়ে শিক্ষকসকলে ৷ কিন্তু বিধানসভাত দিয়া প্ৰতিশ্ৰুতি মুখ্যমন্ত্ৰীয়ে ৰক্ষা নকৰিলে বুলি মন্তব্য কৰে এইসকল শিক্ষকে ৷ অ' বি বি শিক্ষকসকলক পণ্য সামগ্ৰীৰ দৰে উপলুঙা কৰাৰ অভিযোগ উত্থাপন কৰিছে তেওঁলোকে ৷ আনকি শিৱসাগৰত অবৈধ শিক্ষকৰ চাকৰি নিয়মীয়া কৰা বুলিও অভিযোগ কৰে নলবাৰী জিলাৰ অ' বি বি শিক্ষকসকলে ৷ মুখ্যমন্ত্ৰীয়ে কেবিনেটত লোৱা সিদ্ধান্ত পুনৰ বিবেচনা কৰি চাব বুলি আশা প্ৰকাশ কৰিছে অ' বি বি শিক্ষকসকলে ৷

লগতে পঢ়ক : ৩৫ হাজাৰ শিক্ষক পদ মুকলিৰ সিদ্ধান্ত কেবিনেট বৈঠকত - Cabinet meeting in Nalbari

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.