ETV Bharat / state

শীঘ্ৰে বজাৰলৈ আহিব ঔ টেঙাৰ পৰা প্ৰস্তুত কৰা পুষ্টিকৰ পাউদাৰ - Elephant apple Nutritional powder

author img

By ETV Bharat Assamese Team

Published : Jun 8, 2024, 8:55 AM IST

Nutritional powder made from elephant apple : অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰি উলিয়াইছে ঔ টেঙাৰ পৰা পুষ্টিকৰ পাউদাৰ । এই সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয় আৰু "আৰ টু ডব্লিউ বায় ছ'লিউশ্যন এণ্ড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড"ৰ মাজত স্বাক্ষৰিত হয় এখন বুজাবুজিৰ চুক্তি ।

Nutritious powder prepared from elephant apple Will be released in the market soon
শীঘ্ৰে বজাৰলৈ ঔ টেঙাৰ পৰা প্ৰস্তুত কৰা পুষ্টিকৰ পাউদাৰ (ETV Bharat Assam)

যোৰহাট,৮ জুন : ঔ টেঙাত থকা অতি প্রয়োজনীয় খাদ্য উপাদানৰ সম্পৰ্কত গৱেষণাৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে উদ্ভাৱন কৰা প্ৰযুক্তিৰ ওপৰত স্বাক্ষৰিত হয় এক বুজাবুজি চুক্তি । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড৹ সঞ্জয় কুমাৰ চেতিয়াৰ উদ্যোগত কৃষি গৱেষণা সঞ্চালকালয়ৰ সভাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত গুৱাহাটীৰ "আৰ টু ডব্লিউ বায় ছ'লিউশ্যন এণ্ড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড"ৰ সৈতে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয় ।

এই চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয়ে এই কোম্পানীটোক নিদিষ্ট চৰ্তত প্ৰযুক্তি কৌশল হস্তান্তৰ কৰে । ইতিমধ্যে ঔ টেঙাৰ উপাদান সমৃদ্ধ খাদ্যাভ্যাসে অসমীয়াৰ পৰম্পৰাগত জলপানৰ ক্ষেত্রত নতুনত্ব প্রদানৰ উপৰি সু-স্বাস্থ্যৰ দিশতো ইতিবাচক সম্ভাৱনা বহন কৰা সময়তে এই চুক্তিৰ জৰিয়তে ঔ টেঙাৰ পাউদাৰৰ জৰিয়তে সৰ্বসাধাৰণ অধিক উপকৃত হ'ব বুলি আশা কৰা হৈছে ।

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ অন্তর্গত খাদ্য বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সহকাৰী অধ্যাপিকা ড৹ মানসী দাস পুৰকায়স্থৰ নেতৃত্বত গৱেষক শিক্ষাৰ্থীৰ দলে এই প্রযুক্তি কৌশল উদ্ভাৱন কৰিছিল । এই উপলক্ষে উদ্ভাৱক ড৹ মানসী দাস পুৰকায়স্থই আঁতধৰা অনুষ্ঠানটোত বক্তব্য আগবঢ়ায় কৃষি গৱেষণা সঞ্চালক ড৹ চেতিয়াই ৷

তেওঁ যথোপযুক্ত প্ৰযুক্তি কৌশলৰ জৰিয়তে কৃষি উদ্যোগীসকল অধিক লাভান্বিত হৈ কৃষি অৰ্থনীতিৰ সামগ্ৰিক বিকাশৰ অংশীদাৰ হ'ব পাৰে বুলি উল্লেখ কৰে ৷ লগতে পৰীক্ষাগাৰৰ পৰা সৰ্বসাধাৰণৰ মাজলৈ প্ৰযুক্তি কৌশল হস্তান্তৰৰ জৰিয়তে অসমৰ কৃষিৰ সামগ্ৰিক ৰূপৰেখাই সলনি কৰিব পৰা যাব বুলিও প্ৰকাশ কৰে ।

অনুষ্ঠানত "আৰ টু ডব্লিউ বায় শ্বলিউশ্যন এণ্ড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড"ৰ হৈ সঞ্চালক ভৱসিন্ধু শইকীয়াই এই চুক্তিত স্বাক্ষৰ কৰে । চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড৹ মৃণাল শইকীয়া,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড৹ ৰঞ্জিত কুমাৰ সাউদ, সামুহিক বিজ্ঞান গুৰু ড৹ মামণি দাস, বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ কোষৰ সদস্য সচিব অধ্যাপিকা গাৰ্গী শৰ্মা আৰু আৰ টু ডব্লিউ বায় শ্বলিউশ্যন এণ্ড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেডৰ সঞ্চালক নিপন কুমাৰ ডেকা উপস্থিত থাকে ।

লগতে পঢ়ক: Elephant apple Benefits: আমাৰ শৰীৰৰ বাবে মহৌষধ স্বৰূপ ঔটেঙা, জানি লওক ইয়াৰ উপকাৰিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.