ETV Bharat / state

বেংগালুৰুত আটক সন্দেহজনক আলফা(স্বা)ৰ সদস্য : ১৫ আগষ্টত বোমা সংস্থাপনৰ লগত জড়িত থকাৰ সন্দেহ - ULFA I bomb plant

author img

By ETV Bharat Assamese Team

Published : 8 hours ago

NIA detained ULFA I cadre : গুৱাহাটীত বোমা সংস্থাপনৰ সন্দেহত বেংগালুৰুত আটক সন্দেহজনক আলফা(স্বা)ৰ কেডাৰ ৷ ১৫ আগষ্টত বোমা সংস্থাপনৰ লগত জড়িত থকাৰ সন্দেহ লখিমপুৰৰ ২৩ বছৰীয়া যুৱকজন ৷

NIA detained ULFA I cadre
প্ৰতিনিধিত্বমূলক ফটো (ETV Bharat)

নিউজ ডেস্ক, ২৬ ছেপ্টেম্বৰ : বেংগালুৰুত আটক কৰা হৈছে সন্দেহজনক আলফা(স্বা)ৰ এজন কেডাৰক ৷ ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাই বৃহস্পতিবাৰে আটক কৰিছে ২৩ বছৰীয়া গিৰীশ বৰা নামৰ যুৱকজনক ৷

জানিব পৰা অনুসৰি এন আই এই আটক কৰা যুৱকজনৰ ঘৰ লখিমপুৰৰ বগীনদীত ৷ ১৫ আগষ্টত ৰাজ্যৰ ভিন্ন প্ৰান্তত বোমা সংস্থাপন কৰাৰ লগত জড়িত থকাৰ সন্দেহত গিৰীশ বৰাক অনুসন্ধানকাৰী সন্থাটোৱে আটক কৰিছে ৷ বেংগালুৰুৰ এটা কোম্পানীত ১০ আগষ্টত সন্দেহজনক আলফা(স্বা)ৰ কেডাৰজনে যোগদান কৰা বুলি সূত্ৰই প্ৰকাশ কৰিছে ৷

উল্লেখ্য যে ১৫ আগষ্টত আলফা(স্বা)ৰ দ্বাৰা বোমা সংস্থাপন কৰা ঘটনাৰ তদন্ত দায়িত্ব দিয়া হৈছিল ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থাক ৷ তাৰ পিছৰে পৰা অব্যাহত থকা অনুসন্ধানত লাভ কৰা তথ্যৰ ভিত্তিত গুৱাহাটীৰ কেবাটাও স্থানত আই ই ডিসদৃশ বিস্ফোৰক সংস্থাপন কৰাৰ লগত জড়িত থকাৰ সন্দেহত আটক কৰা হৈছে গিৰীশ বৰাক ৷

উল্লেখ্য যে ১৫ আগষ্টত ৰাজ্যৰ ২০ টাতকৈও অধিক স্থানত আলফা স্বাধীনে সংস্থাপন কৰিছিল বোমা ৷ ইয়াৰে গুৱাহাটীতে আছিল আঠটা স্থান ৷ সমগ্ৰ পৰিকল্পনাৰ দায়িত্ব স্বীকাৰ কৰিছিল নিষিদ্ধঘোষিত সংগঠনটোৱে ৷ এই সন্দৰ্ভত সমগ্ৰ ৰাজ্যত অসম আৰক্ষীয়ে ১৫ গৰাকীকৈ লোকক আটক কৰিছিল ৷ শেহতীয়াকৈ ২১ ছেপ্টেম্বৰত তিনিগৰাকী মহিলাকো আটক কৰিছিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ সহযোগত অসম আৰক্ষীয়ে ৷

সেই অনুসৰি ডিব্ৰুগড় আৰু লখিমপুৰত তিনিজনকৈ সন্দেহজনক লোকক আটক কৰা হৈছিল ৷ তদুপৰি যোৰহাট আৰু গুৱাহাটীত দুজনকৈ লোকক আটক কৰা হৈছিল ৷ আনহাতে তিনিচুকীয়া, শদিয়া, নগাঁও, নলবাৰী আৰু তামুলপুৰত এজনকৈ লোকক আটক কৰা হৈছিল উক্ত বোমা সংস্থাপনৰ লগত জড়িত থকাৰ সন্দেহত ৷

বৃহস্পতিবাৰে বেংগালুৰুত আন এজন সন্দেহজনৰ আলফা(স্বা)ৰ কেডাৰক আটকক কৰাৰ পিছতে উক্ত ঘটনা সন্দৰ্ভত আটকৰ সংখ্যা ১৬ গৰাকীলৈ বৃদ্ধি পালে ৷

লগতে পঢ়ক : আলফা (স্বাধীন)ৰ আই ডি সংস্থাপনত জড়িত তিনি যুৱকক কাৰাগাৰলৈ প্ৰেৰণ

আলফাৰ বোমা সংস্থাপনৰ ঘটনাৰে জড়িত ১৫ জনক গ্ৰেপ্তাৰ

বৰ্ষাশ্ৰীৰ উদাহৰণেৰে মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰতিক্ৰিয়া বিৰোধী দলপতিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.