ETV Bharat / state

বৰপেটাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন - অধ্যক্ষ ড৹ প্ৰকাশ শৰ্মা

National science Day 2024: প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকটৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখৰ দিনটোক ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস হিচাপে পালন কৰা হয় ৷ বৰপেটা জিলাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়তো ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে ।

National science Day 2024
বৰপেটাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন
author img

By ETV Bharat Assamese Team

Published : Feb 28, 2024, 3:53 PM IST

বৰপেটাত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন

বৰপেটা, ২৮ ফেব্ৰুৱাৰী : আজি দেশজুৰি পালন কৰা হৈছে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস 2024 । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বুধবাৰে বৰপেটা জিলাৰ তৃতীয়খন ঐতিহ্যমণ্ডিত মাধৱ চৌধুৰী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে ।

এই বিজ্ঞান দিৱসত ছাত্ৰ-ছাত্ৰীসকলে বিজ্ঞান দিৱসৰ প্ৰদৰ্শনী মেলা আয়োজন কৰা হৈছে ৷ এই প্ৰদৰ্শনী মেলাত বিজ্ঞানৰ বিভিন্ন দিশ উপস্থাপন কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷

মহাবিদ্যালয়খনত অনুষ্ঠিত হোৱা বিজ্ঞান দিৱসৰ পতাকা উত্তোলন কৰে অধ্যক্ষ ড৹ প্ৰকাশ শৰ্মাই ৷ লগতে বিজ্ঞান প্ৰদৰ্শনী মেলা উদ্বোধন কৰে বৰপেটা চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ ৰমেন তালুকদাৰে ৷

অধ্যক্ষ ড৹ প্ৰকাশ শৰ্মাই কয় যে, আজিৰ যুগ বিজ্ঞানৰ যুগ, সেয়ে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ প্ৰতি আকৃষ্ট কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ মাজত ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস পালন কৰা হৈছে ৷ ছাত্ৰ-ছাত্ৰীৰ মনত এক নতুন জোৱাৰ আনিবলৈ এই নতুন পদক্ষেপ গ্ৰহণ কৰিছে মহাবিদ্যালয়খনে ৷

ইফালে ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস উপলক্ষে বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ত অসমৰ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত হয় । বিজ্ঞান দিৱস উপলক্ষে এই দিনজোৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিৰিঞ্চি কুমাৰ দাস, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড৹ অবনী কুমাৰ ভাগৱতী, অসম কৃষি বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ ধীৰেশ্বৰ কলিতাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তি।

অসম বিজ্ঞান সমিতিৰ সহযোগত আয়োজন হোৱা দিনজোৰা কাৰ্যসূচীত মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে বৰপেটা জিলাৰ বহু কেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে।

ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ২৮ তাৰিখ দিনটোক প্ৰখ্যাত ভাৰতীয় পদাৰ্থ বিজ্ঞানী চন্দ্ৰশেখৰ ভেংকট ৰমনৰ ৰমন পৰিঘটনাৰ আৱিষ্কাৰক সুঁৱৰি ভাৰতত পালন কৰা হয় । ১৯২৮ চনৰ ২৮ ফেব্ৰুৱাৰীত ৰমনে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল ৷

লগতে পঢ়ক: চেলেংহাটত ভয়াৱহ দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা ৰাজধানী এক্সপ্ৰেছ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.