ETV Bharat / state

১৯৭ টা EVM, ১৫ ৰাউণ্ডৰ ভোটগণনাত নিৰ্ণয় হ'ব দিপ্লু-তানজিলৰ ভাগ্য - 2024 BYE ELECTION VOTE COUNTING

চামগুৰি সমষ্টিৰ উপ-নিৰ্বাচনৰ ভোটগণনাৰ বাবে সাজু নগাঁও জিলা প্ৰশাসন । ২৩ নৱেম্বৰত ১৫ ৰাউণ্ডৰ ভোটগণনাৰ অন্তত নিৰ্ণয় হ'ব দিপ্লু-তানজিলৰ ভাগ্য ।

Nagaon administration preparation for 2024 bye election vote counting
২৩নৱেম্বৰত নিৰ্ণয় হ'ব দিপ্লু-তাঞ্জিলৰ ভাগ্য (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Nov 21, 2024, 12:36 PM IST

নগাঁও: ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টিত অনুষ্ঠিত হৈ যোৱা উপ-নিৰ্বাচনৰ ভোটগণনা হ'ব অহা ২৩ নৱেম্বৰত । এই পাঁচটা বিধানসভা সমষ্টিৰ ভিতৰত সৰ্বাধিক চৰ্চিত বিধানসভা সমষ্টি হিচাপে ৰাজ্যৰ ৰাজনৈতিক মহলত বিবেচিত হোৱা চামগুৰি বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে সাজু হৈছে নগাঁও জিলা প্ৰশাসন ।

ইতিমধ্যেই চামগুৰি বিধানসভা সমষ্টিৰ ভোটাৰে EVM ত বন্দী কৰিছে বিজেপিৰ দিপ্লু ৰঞ্জন শৰ্মা আৰু ৰকিবুল হুছেইনৰ পুত্ৰ তানজিল হুছেইনৰ ভাগ্য । সম্প্ৰতি নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ ৫১ নম্বৰ কোঠালীত বন্দী হৈ থকা দিপ্লু ৰঞ্জন, তানজিলৰ ভাগ্য নিৰ্ণয় হ'ব ২৩ নৱেম্বৰত ১৫১ টা EVM ৰ ভোটগণনাৰ অন্তত ।

২৩নৱেম্বৰত নিৰ্ণয় হ'ব দিপ্লু-তাঞ্জিলৰ ভাগ্য (ETV Bharat Assam)

ভোটগণনাৰ বাবে কিদৰে সাঁজু হৈছে জিলা প্ৰশাসন ?

প্ৰাক নিৰ্বাচনী ব্যাপক নিৰ্বাচনী হিংসা, ৰাজনৈতিক দলৰ নেতা কৰ্মীৰ আক্ৰমণ, প্ৰত্যাক্ৰমণৰ মাজতো একপ্ৰকাৰ শান্তিপূৰ্ণভাৱেই অনুষ্ঠিত হোৱা চামগুৰি বিধানসভা সমষ্টিৰ ভোটগণনাৰ বাবে যথেষ্ট সক্ৰিয়তাৰে সাজু হৈছে নগাঁও জিলা প্ৰশাসন ।

নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ৰ ৫১ নম্বৰ কোঠাটো ষ্ট্ৰং ৰূম হিচাপে ব্যৱহাৰ কৰিছে জিলা প্ৰশাসনে । আয়ুক্ত কাৰ্যালয়ৰ ৫১ নম্বৰ কোঠাত কটকটীয়া নিৰাপত্তাৰ মাজত ৰখা হৈছে চামগুৰি বিধানসভা সমষ্টিৰ ভোটাৰে ভোটাধিকাৰ সাব্যস্ত কৰা EVM । জিলা আয়ুক্ত কাৰ্যালয়ৰ ৫১ নম্বৰ কোঠাতে ভোটগণনাৰ ব্যৱস্থা কৰিছে প্ৰাশাসনে ।

লগতে পঢ়ক : চামগুৰিত ৰিগিঙৰ অভিযোগ : পুনৰ ভোটগ্ৰহণৰ দাবীৰে মুখ্য নিৰ্বাচনী আয়ুক্তলৈ ৰকিবুল হুছেইনৰ স্মাৰকপত্ৰ

১৯৭ টা EVM ৰ ভোটগণনা মুঠ ১৫ ৰাউণ্ডৰ অন্তত সমাপ্ত হ'ব যদিও পাঁচটা ভোটকেন্দ্ৰৰ VVPAT (Voter verifiable paper) হিচাপ কৰিব প্ৰশাসনে । পাঁচটা ভোটকেন্দ্ৰৰ VVPAT আৰু EVM ৰ ভোটৰ সামঞ্জস্য হ'লেহে ফলাফল ঘোষণা কৰা হ'ব । বুধবাৰে সংবাদ মাধ্যমক এই তথ্য অৱগত কৰে জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

কেৱল এয়াই নহয় চামগুৰি বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ পূৰ্বে সংঘটিত নিৰ্বাচনকেন্দ্ৰিক হিংসাত্মক ঘটনাৰ প্ৰতি লক্ষ্য ৰাখি ভোটগণনাৰ বাবেও পৰ্যাপ্ত নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসনৰ লগতে আৰক্ষী প্ৰশাসনেও । সমষ্টিটোৰ ভোটগণনাৰ পাছতো যাতে কোনোধৰণৰ হিংসাত্মক ঘটনা কোনেও সংঘটিত কৰিব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি সষ্টম হৈ থাকিব অসম আৰক্ষীৰ কামাণ্ডোৰ লগতে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনী ।

লগতে পঢ়ক : ৰিগিঙক লৈ পিতা-পুত্ৰই কৰা অভিযোগৰ কোনো সামঞ্জস্য নাই: ৰূপক শৰ্মা

চামগুৰিত শান্তি-শৃংখলা অটুট ৰাখিবলৈ বদ্ধ পৰিকৰ হৈছে নগাঁও জিলা প্ৰশাসন । আনকি বিজয়ী প্ৰাৰ্থী অথবা বিজয়ী দলীয় কৰ্মী সমৰ্থকসকলেও প্ৰশাসনৰ অনুমতি অবিহনে উলিয়াব নোৱাৰিব কোনো শুভাযাত্ৰা, উদযাপন কৰিব নোৱাৰিব বিজয় উৎসৱ ।

উল্লেখযোগ্য যে, চামগুৰি বিদানসভা সমষ্টিৰ মুঠ এক লাখ ৮০ হাজাৰ ভোটাৰৰ ১লাখ ৪২ হাজাৰ ৫৭২ গৰাকী ভোটাৰে উপ-নিৰ্বাচনত EVM ৰ জৰিয়তে সাব্যস্ত কৰে ভোটাধিকাৰ । ইয়াৰোপৰি ২৬৭ টা পোষ্টেল বেলট ইছ্যু কৰা হৈছে যদিও এই পৰ্যন্ত সম্পূৰ্ণ পোষ্টেল বেলট হোৱা নাই জমা । ২৩ নৱেম্বৰৰ পুৱা ৮ বজাৰ পৰাই ভোটগণনা আৰম্ভ কৰা হ'ব বুলিও জনায় জিলা আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে ।

লগতে পঢ়ক : দুই-এক বিক্ষিপ্ত ঘটনাৰ মাজেৰে চামগুৰিৰ উপ-নিৰ্বাচনত ৭৯.৫৫ শতাংশ ভোটদান

লগতে পঢ়ক : ২০২৬ ৰ বিধানসভা নিৰ্বাচনলৈ অখিল গগৈৰ ৰণচালি; লক্ষ্য ২০ খন আসন দখল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.